ETV Bharat / bharat

ৰাম মন্দিৰৰ অনুদান বিতৰ্ক, এছআইটিৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল

এছআইটিৰ ১৫০ পৃষ্ঠাজোৰা এক বিশদ প্ৰতিবেদন, য’ত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

AYODHYA RAM TEMPLE DONATION ROW
অযোধ্যাস্থিত ৰাম মন্দিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 23, 2026 at 8:10 PM IST

3 Min Read
Choose ETV Bharat

অযোধ্যা(উত্তৰ প্ৰদেশ): ৰাম মন্দিৰৰ অনুদান বিতৰ্ক এতিয়া তুংগত ৷ ৰাম মন্দিৰত ভক্তৰ প্ৰসাদ আৰু অনুদানৰ অপব্যৱহাৰক লৈ সৃষ্টি হোৱা বিতৰ্ক চৰম পৰ্যায়ত উপনীত হৈছে ৷ ইতিমধ্যে বিষয়টোৰ উচিত তদন্তৰ বাবে এছআইটিয়ে নিজৰ কাম আৰম্ভ কৰিছে ৷

এছআইটিৰ সদস্য, সংমণ্ডল আয়ুক্ত বিজয় বিশ্বাস পন্তে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব(গৃহ) সঞ্জয় প্ৰসাদক ইতিমধ্যে বিষয়টোৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছে । প্ৰতিবেদন দাখিল কৰাৰ আনুষ্ঠানিক ভিডিঅ’ও প্ৰকাশ কৰা হৈছে । পন্তে এই প্ৰতিবেদনখন গোপনীয় বুলি উল্লেখ কৰে । অৱশ্যে এয়া প্ৰাৰম্ভিক প্ৰতিবেদনহে, চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ এতিয়াও বাকী ৷

তদুপৰি সংমণ্ডল আয়ুক্ত বিজয় বিশ্বাস পন্তে ৰাম মন্দিৰৰ অনুদান আত্মসাৎ কৰাৰ বিষয়টোক লৈ যি অভিযোগ উত্থাপন হৈছে, সেই সন্দৰ্ভত বিশেষ তদন্তকাৰী দলে শেহতীয়াকৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰা বুলি সদৰী কৰে । এই বিষয়টোৱে ভাৰতৰ বাহিৰতো ব্যাপক চৰ্চা লাভ কৰিছে ৷

তদন্তৰ ভাৰ অৰ্পণ কৰাৰ সাত দিনৰ ভিতৰত এছআইটিৰ প্ৰাৰম্ভিক তদন্ত সম্পূৰ্ণ হৈছে । দলটোৱে প্ৰাৰম্ভিক প্ৰতিবেদন লৈ লক্ষ্ণৌত উপস্থিত হৈ অতিৰিক্ত মুখ্য সচিব(গৃহ) সঞ্জয় প্ৰসাদৰ হাতত জমা দিয়ে ।

সূত্ৰ অনুসৰি, এইখন ১৫০ পৃষ্ঠাজোৰা এক বিশদ প্ৰতিবেদন, য’ত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ আইনী পৰামৰ্শৰ পিছত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে বুলি জানিব পৰা গৈছে । ইফালে, ট্ৰাষ্টৰ কেইবাজনো শীৰ্ষ বিষয়ববীয়া আৰু কৰ্মচাৰীক বিনা অনুমতিত অযোধ্যাৰ পৰা বাহিৰলৈ যোৱাত বাধা প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, ৰাম মন্দিৰ অনুদান বিতৰ্কৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তিনিজনীয়া এছআইটি গঠন কৰিছিল । সাত দিনৰ ভিতৰত দলটোৱে প্ৰাথমিক প্ৰতিবেদন আৰু পোন্ধৰ দিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগে ।খবৰ অনুসৰি, এই তথ্যসমূহ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীক প্ৰদান কৰিবলৈ বাকী আছে ৷ এছআইটিৰ তদন্তত ভক্তসকলে মন্দিৰলৈ দান কৰা গহনা আৰু ভূমিৰ লেনদেন সম্পৰ্কীয় বহু বিসংগতি ধৰা পৰিছে ।

প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰস্তাৱসমূহৰ সন্দৰ্ভত অনিয়মৰ অভিযোগক অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও খবৰ ওলাইছে । সূত্ৰ অনুসৰি, তদন্তৰ সময়ত ট্ৰাষ্টৰ কেইবাজনো বিষয়ববীয়া আৰু কৰ্মচাৰীৰ ভূমিকা সন্দেহজনক যেন অনুভৱ হৈছে ৷ যাৰ বাবে তেওঁলোকক অযোধ্যাৰ বাহিৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছে ।

ইফালে, মঙলবাৰে এছআইটিৰ সন্মুখত নিজৰ পক্ষ দাখিল কৰে ট্ৰাষ্টৰ এজন শীৰ্ষ বিষয়ববীয়াই । ইতিমধ্যে এছআইটিয়ে অনলাইনৰ মাধ্যমেৰে ট্ৰাষ্টৰ একাংশ বিষয়ববীয়াৰ ভাষ্য লিপিবদ্ধ কৰিছে ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ অনুদান বিতৰ্কক লৈ ৰাজনৈতিক আলোড়নৰ সৃষ্টি, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী