ETV Bharat / bharat

সন্দেহযুক্ত বিদেশীৰ সবিশেষ ৰাজহুৱা কৰক : নিৰ্বাচনী পঞ্জীয়ন বিষয়ালৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

৩০ মে’ৰ পৰা আৰম্ভ হোৱা এছআইআৰৰ তৃতীয় পৰ্যায়ত ৩.৯৪ লাখতকৈ অধিক বিএলঅ’ই ঘৰে ঘৰে গৈ ৩৬.৭৩ কোটি ভোটাৰক সামৰি ল’ব ।

SIR
এছআইআৰ প্ৰকাশৰ পিছত নিজৰ নাম বিচাৰি থকা অৱস্থাত এজন লোক (ANI)
author img

By PTI

Published : June 7, 2026 at 5:52 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণক স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ ভেটি বুলি গণ্য কৰিছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৷ এই সময়ত যদি কোনো সন্দেহযুক্ত বিদেশী নাগৰিকৰ গতিবিধি চকুত পৰে, তেন্তে নিৰ্বাচন আয়োগে সেই বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে ৷

নিৰ্বাচন আয়োগে দৃঢ়ভাৱে কয় যে যিসকল ভোটাৰৰ লোকপিয়লৰ প্ৰ-পত্ৰ ঘূৰাই দিয়া হোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰত ওচৰৰ ভোটাৰৰ পৰা কৰা অনুসন্ধানৰ ভিত্তিত অনুপস্থিতি, বদলি, মৃত্যু আৰু ভুৱা তথ্য প্ৰদানৰ দৰে সম্ভাৱ্য কাৰণসমূহ চিনাক্ত কৰি বুথ লেভেল অফিচাৰ(বিএলঅ') সকলে লিখি ৰাখিব লাগিব ৷

বিগত ১৪ মে’ত ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক জাৰি কৰা হৈছিল বিশদ নিৰ্দেশনা ৷ তেওঁলোকে এছআইআৰ পৰিচালনাৰ সময়ত মানি চলিবলগীয়া পদ্ধতি সম্পৰ্কে এনেদৰে কোৱা হৈছে, ‘‘নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলে(ইআৰঅ’) সন্দেহযুক্ত বিদেশী নাগৰিকৰ গোচৰসমূহ নাগৰিকত্ব আইন, ১৯৫৫ ৰ অধীনত সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব লাগিব । এই উদ্দেশ্যৰ বাবে সহকাৰী ইআৰঅ’সকলে স্বতন্দ্ৰভাৱে তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিব ।’’

বিগত বৰ্ষত নিৰ্বাচন আয়োগে বিহাৰত এছআইআৰৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ইয়াৰ সৈতে জড়িত বিষয়াসকলে বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ কেইবাজনো নাগৰিকক তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে চিনাক্ত কৰা বুলি দাবী কৰিছিল ৷ কিন্তু শেষত নিৰ্বাচন আয়োগে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা এনে লোকৰ কোনো সংখ্যা বা প্ৰমাণ ৰাজহুৱা কৰা নাছিল ।

বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ এই দাবীক বিজেপি আৰু মিত্ৰদলসমূহৰ সৈতে মিত্ৰতা নথকা নিৰ্বাচকক লক্ষ্য কৰি এছআইআৰ ৰূপায়ণৰ কৌশল বুলি অভিহিত কৰিছিল ৷

১৪ মে’ত নিৰ্বাচন আয়োগে ১৬ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত তৃতীয় পৰ্যায়ৰ এছআইআৰ আৰম্ভ কৰিছিল ৷ য’ত ৩০ মে’ৰ পৰা পৰ্যায়ক্ৰমে ৩৬.৭৩ কোটি ভোটাৰে ভোটদান কৰিছে ।

এছআইআৰ চলি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে ক্ৰমে - দিল্লী, ওড়িশা, মিজোৰাম, ছিকিম, মণিপুৰ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, তেলেংগানা, পঞ্জাৱ, কৰ্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, নাগালেণ্ড, ত্ৰিপুৰা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ ।

বিপৰীকে পঞ্জাৱ, ঝাৰখণ্ড, কৰ্ণাটক আৰু তেলেংগানা হৈছে বিৰোধী শাসিত ৰাজ্য, য’ত এছআইআৰ অনুশীলন অনুষ্ঠিত হ’ব ৷ শেহতীয়া নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত ৩.৯৪ লাখতকৈ অধিক বুথ লেভেল এজেণ্ট(বিএলএ) ৩৬.৭৩ কোটি ভোটাৰৰ ওচৰলৈ ঘৰে ঘৰে যাব । লোকপিয়ল পৰ্যায়ত ৰাজনৈতিক দলসমূহে নিযুক্তি দিয়া ৩.৪২ লাখ বুথ লেভেল এজেণ্ট(বিএলএ)য়ে তেওঁলোকক সহায় কৰিব ।

হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু লাডাখত হিমবাহ অধ্যুষিত অঞ্চলৰ বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত এছআইআৰৰ সূচী ঘোষণা কৰা হ’ব ।

ইতিমধ্যে বিহাৰ, পশ্চিমবংগ, তামিলনাডু, কেৰালা, পুডুচেৰী, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, ছত্তীশগড়, গোৱা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপত এছআইআৰ সম্পূৰ্ণ হৈছে । অসমত ‘বিশেষ পুনৰীক্ষণ’ সম্পন্ন কৰা হৈছে ।

দ্বিতীয় পৰ্যায়ৰ এছআইআৰত ৯খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংযুক্ত নিৰ্বাচনী তালিকা ১০.২ শতাংশ হ্ৰাস পোৱাৰ লগতে ৬০ লাখৰো অধিক মৃত ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে ৷

যোৱা বছৰৰ ২৭ অক্টোবৰত যেতিয়া নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ এছআইআৰ ঘোষণা কৰিছিল, তেতিয়া ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰৰ সংখ্যা আছিল ৫০.৯৯ কোটিৰ ওপৰত ।

এই অনুশীলনৰ পিছত এতিয়া ভোটাৰ তালিকাত ৪৫.৮১ কোটি নাম আছে, যিটো ৫ কোটি ১৮ লাখতকৈ অধিক হ্ৰাস পাইছে । শতাংশ হিচাপত ১০.২ শতাংশ হ্ৰাস পাইছে ভোটাৰ তালিকা ।

বিভিন্ন কাৰণত এছআইআৰৰ সূচী সঘনাই সলনি হৈছে । উদাহৰণস্বৰূপে, বিহাৰত এছআইআৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে তামিলনাডু আৰু পশ্চিমবংগৰ ৰাজনৈতিক দলসমূহে এছআইআৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৷

টিএমচিৰ মুৰব্বী তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও তেওঁৰ ৰাজ্যত ভোটাৰ তালিকাৰ সংশোধনীৰ দাবীৰে ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত থকা বিচাৰপীঠৰ সন্মুখত ব্যক্তিগতভাৱে এখন আবেদন দাখিল কৰে ৷

লগতে পঢ়ক: স্বচ্ছ নিৰ্বাচনৰ ভেটি শুদ্ধ আৰু ভুলমুক্ত ভোটাৰ তালিকা: SIR সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য নিৰ্বাচন আয়ুক্তৰ