ETV Bharat / bharat

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং অসুস্থ: নিশাটো হাস্পতালত

ৰংপো খেলপথাৰত অনুষ্ঠিত এক সংগীত প্ৰতিযোগিতাৰ ফাইনেলৰ সময়ত অসুস্থ হৈ পৰে ছিকিমৰ মুখ্যমন্ত্ৰী ।

Sikkim CM Prem Singh Tamang
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং (ETV Bharat)
author img

By PTI

Published : November 14, 2025 at 3:00 PM IST

2 Min Read
Choose ETV Bharat

গেংটক : ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । মুখ্যমন্ত্ৰীগৰাকীক বৃহস্পতিবাৰে হঠাতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী তামাঙৰ জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক আদিত্যই । মুখ্যমন্ত্ৰী তামাঙৰ নাকৰ পৰা ৰক্তক্ষৰণ হোৱাৰ লগতে উচ্চ ৰক্তচাপজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ৰংপো খেলপথাৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়তেই মুখ্য়মন্ত্ৰীগৰাকী হঠাতে অসুস্থ হৈ পৰে ।

সভাস্থলীৰ পৰাই চিকিৎসালয়লৈ নিলে চিকিৎসাৰ বাবে :

উল্লেখ্য় যে মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কালি ৰংপো খেলপথাৰত অনুষ্ঠিত এক সংগীত প্ৰতিযোগিতাৰ ফাইনেলৰ সময়ত অংশগ্ৰহণ কৰিবলৈ যাওতেই এই ঘটনাটো সংঘটিত হয় । মুখ্যমন্ত্ৰী তামাঙৰ জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক আদিত্যই এই কথা সদৰী কৰিছে । ইয়াৰ পিছতেই তেওঁক সভাস্থলীৰ পৰা গেংটকৰ এখন চিকিৎসালয়লৈ চিকিৎসা সেৱাৰ বাবে লৈ যোৱা হয় ।

মুখ্যমন্ত্ৰীৰ ৰক্তক্ষৰণ হোৱাৰ আছে ইতিহাস :

অৱশ্য়ে মুখ্যমন্ত্ৰীগৰাকী এতিয়া সুস্থ হোৱা বুলি উল্লেখ কৰিছে তামাঙৰ জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক আদিত্যই । এই সন্দৰ্ভত তামাঙৰ জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক আদিত্যই কয়, "তেওঁ ভালদৰে সুস্থ হৈ উঠিছে । তেওঁৰ নাকৰ পৰা ৰক্তক্ষৰণ হোৱাৰ ইতিহাস আছে আৰু সম্ভাব্য বিপদৰ কথা বিবেচনা কৰিয়েই সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যোৱা হয় ।"

নিশা চিকিৎসালয়তেই থাকিল পৰ্যবেক্ষণত :

বিপদমুক্ত যদিও নিশাটো মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙক পৰ্যবেক্ষণতে চিকিৎসালয়ত ৰখা হৈছে । শুকুৰবাৰে মুখ্যমন্ত্ৰী তামাঙক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে বুলি জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক আদিত্যই কয় ।

লগতে পঢ়ক:মিজোৰামৰ উপ-নিৰ্বাচন : বিৰোধী এম এন এফৰ আৰ লালথাংলিয়ানাৰ জয়লাভ

ফলাফলৰ পূৰ্বেই তেজস্বী যাদৱৰ ডাঙৰ বক্তব্য : পৰিৱৰ্তন হ'বলৈ গৈ আছে... আমাৰ চৰকাৰ গঠন হ'ব