প্ৰচণ্ড হিমপাত : ছিকিমৰ নাথুলা পাছত আবদ্ধ ৩২৪ খন বাহন
আবদ্ধ পৰ্যটকসকলক নিৰাপত্তাৰ বাবে ১৫ মাইলত থকা সেনা শিবিৰত ৰখা হৈছে । দ্ৰুতগতিত চলি আছে বৰফ নিষ্কাশনৰ কাম ।

By ANI
Published : February 25, 2026 at 10:13 AM IST
গেংটক: ছিকিমৰ নাথুলা পাছ আৰু চাংগু হ্ৰদ পথৰ ১৫ মাইলত মঙলবাৰে পৰ্যটকৰ গাড়ীকে ধৰি প্ৰায় ৩২৪ খন বাহন আবদ্ধ হৈ পৰে । পৰ্যটনস্থলীসমূহৰ পৰা উভতি অহাৰ সময়ত হঠাৎ বৰফ পৰাত আবদ্ধ হৈ পৰে বাহনসমূহ । দিনটোৰ বাবে প্ৰদান কৰা ৫৪০টা পাছৰ ভিতৰত ২১৬খন বাহনে তীব্ৰ তুষাৰপাত আৰম্ভ হোৱাৰ পূৰ্বেই নিৰাপদে উভতি আহিবলৈ সক্ষম হয় । ভাৰতীয় সেনাই জে এন এম ৰোড অক্ষৰ কাষত অত্যধিক বৰফ পৰাৰ বাবে আবদ্ধ যান-বাহন আৰু পৰ্যটকক সহায় কৰিছিল । প্ৰায় ২০০-২৫০ খন বাহন আৰু ৭০০-৮০০ পৰ্যটকক সহায় কৰি ছিকিমৰ গেংটক জিলাৰ মাইলষ্টোন ১৩ আৰু মাইলষ্টোন ১৭ৰ মাজৰ জৱাহৰলাল নেহৰু মাৰ্গ (জে এন এম)ৰ পৰা উলিয়াই অনা হয় ।
খবৰ অনুসৰি আবদ্ধ পৰ্যটকসকলক নিৰাপত্তাৰ বাবে ১৫ মাইলত থকা সেনা শিবিৰত ৰখা হৈছে । বৰফ নিষ্কাশনৰ কাম চলি আছে, কৰ্তৃপক্ষই অতি সোনকালে পথ সংযোগ পুনৰুদ্ধাৰ কৰিবলৈ মানুহ আৰু যন্ত্ৰপাতি নিয়োগ কৰিছে ।
আবদ্ধ পৰ্যটকসকলক খাদ্য আৰু বাসস্থানকে ধৰি সাহাৰ্য প্ৰদানৰ বাবে সেনা আৰু স্থানীয় কৰ্তৃপক্ষই একেলগে কাম কৰি আছে । পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু অতি সোনকালে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে ।
ইয়াৰ পূৰ্বে ২৩ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ সৈন্যই পূব ছিকিমত পৰ্যটকক উদ্ধাৰ কৰিছিল ৷ পূব ছিকিমত প্ৰচণ্ড বৰফ পৰাৰ সময়ত শূন্যৰ তলৰ উষ্ণতাত আবদ্ধ হৈ থকা স্থানীয় লোক আৰু পৰ্যটকক সেনাই সহায় কৰিছিল । মুঠ ৪৬ গৰাকী পৰ্যটকক উদ্ধাৰ কৰি নিকটতম সেনা শিবিৰলৈ স্থানান্তৰ কৰা হয়, য’ত চিকিৎসা সেৱা, উষ্ণ আশ্ৰয় আৰু অত্যাৱশ্যকীয় সাহাৰ্য প্ৰদান কৰা হয় । এই অভিযানৰ ফলত ১৫০খনতকৈও অধিক পৰ্যটক বাহনৰ নিৰাপদ আৰু শৃংখলাবদ্ধভাৱে স্থানসমূহ সুৰক্ষিত কৰিব পৰা যায় ।
লগতে পঢ়ক: দিল্লীত নিশা লৰেন্স বিষ্ণৈৰ অধিবক্তাৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা

