ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ: ছমাহৰ পাছত গ্ৰেপ্তাৰ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া
ছিগাচি ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ঔষধ প্লাণ্টত সংঘটিত বিস্ফোৰণত কমেও ৫৪ জন শ্ৰমিকৰ মৃত্যু ঘটিছিল । ছমাহৰ পিছতহে গ্ৰেপ্তাৰ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া অমিত ৰাজ সিনহাক ।

Published : December 28, 2025 at 11:37 PM IST
হায়দৰাবাদ: তেলেংগানাৰ ছাংগাৰেডী জিলাৰ ছিগাচি ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ এটা প্লাণ্টত ছমাহ পূৰ্বে সংঘটিত হোৱা বিস্ফোৰণৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে কোম্পানীটোৰ পৰিচালন সঞ্চালকৰ লগতে মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত থকা অমিত ৰাজ সিনহাক ৷ এই ভয়াবহ দুৰ্ঘটনাটোত ৫৪ জন শ্ৰমিকৰ মৃত্যু ঘটিছিল ।
এজন শীৰ্ষ আৰক্ষী বিষয়াই সাংবাদিকৰ আগত কয় যে বিস্ফোৰণৰ গোচৰটোত সিনহাক দ্বিতীয়গৰাকী অভিযুক্ত হিচাপে দোষী সাব্যস্ত কৰা হৈছে । শনিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে সিনহাক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱায় । ন্যায়াধীশে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
ষ্টক এক্সচেঞ্জ বি এছ ই আৰু এন এছ ইক প্ৰদান কৰা বিবৃতি অনুসৰি, প্লাণ্টটোত সংঘটিত হোৱা অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ তদন্তৰ সৈতে জড়িত অমিত ৰাজ সিনহাক শনিবাৰে জিম্মাত লোৱা হৈছিল । বিবৃতিটোত এনেদৰে কোৱা হৈছে, ‘‘কোম্পানীটোৱে নিজৰ কাৰ্যকলাপ আৰু দৈনন্দিন কাম-কাজ অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে গ্ৰুপৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া লিজো ষ্টিফেন চাকোৱে কোম্পানীটোৰ কাৰ্যকলাপ চোৱাচিতা কৰিব ।’’
উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ জুনত সংগৰেড্ডী জিলাৰ পটাঞ্চেৰু মণ্ডলৰ পছুমিল্লাৰম ঔদ্যোগিক এলেকাত ছিগাচি ইণ্ডাষ্ট্ৰীজৰ উৎপাদন কাৰখানাত এক বৃহৎ বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ এই ঘটনাত ৫৪ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন গুৰুতৰভাৱে আহত হৈছিল । এই কাৰখানাত মাইক্ৰ’ক্ৰিষ্টলাইন চেলুল’জ(MCC) গুড়ি উৎপাদন কৰা হয়, যিটো টেবলেট আৰু কেপচুল তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ।
এই বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে কোম্পানী পৰিচালনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । তেওঁলোকে কোম্পানীটোৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্যবিধি আইন (ভাৰতীয় ন্যায় সংহিতা)ৰ ১০৫ নং ধাৰাত গোচৰ ৰুজু কৰে ৷ য’ত নূন্যতম পাঁচ বছৰৰ শাস্তিৰ বিপৰীতে সৰ্বাধিক শাস্তি হিচাপে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ বিধান আছে ৷ তদুপৰি জৰিমনা বিহাৰো কথা উল্লেখ আছে ৷ তদুপৰি এফ আই আৰত ১১০ নং ধাৰা(অন্য প্ৰকাৰেৰে হত্যাৰ চেষ্টা) আৰু ১১৭ নং ধাৰা (স্বেচ্ছাই গুৰুতৰ আঘাত কৰা)ৰ অভিযোগো সংযোজন কৰা হৈছে ।
জনস্বাৰ্থজড়িত এই গোচৰৰ শুনানি গ্ৰহণ কৰি তেলেংগানা উচ্চ ন্যায়ালয়ে যোৱা নৱেম্বৰ মাহত কাৰখানাটোৰ ভিতৰত হোৱা বিস্ফোৰণৰ দায়িত্ব নিৰ্ধাৰণৰ বাবে কৰা তদন্তত পলম হোৱাৰ কথা গুৰুত্ব সহকাৰে বিচাৰৰ আওতালৈ আনিছিল ৷ মুখ্য ন্যায়াধীশ অপৰেশ কুমাৰ সিং আৰু ন্যায়াধীশ জি এম মহিউদ্দিনৰ বিচাৰপীঠে তদন্তকাৰী বিষয়াজনক তলব কৰি গোচৰটোৰ সৈতে জড়িত সকলো নথিপত্ৰ, এফ আই আৰ, কেচ ডায়েৰী আৰু তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।
আগষ্ট মাহত ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাত আদালতত কোৱা হৈছিল যে ছিগাচি কোম্পানীয়ে প্ৰতিজন মৃত শ্ৰমিকৰ পৰিয়ালক এক কোটি টকা দিবলৈ লিখিত প্ৰতিশ্ৰুতি দিছিল ৷ অৱশ্যে এই ধন বিতৰণৰ সময়সীমা এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই ।

