ETV Bharat / bharat

প্ৰধানমন্ত্ৰীক ঝালমুৰি বিক্ৰী কৰা বিক্ৰমক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি !

হোৱাটছ এপৰ পিছত ফোনকলযোগেও ভাবুকি লাভ কৰা বিক্ৰম কুমাৰ সৌৱে নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপে ।

BOMB THREATS
বিক্ৰম কুমাৰ সৌ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 11:47 PM IST

3 Min Read
Choose ETV Bharat

ঝাৰগ্ৰাম(পশ্চিমবংগ): পশ্চিমবংগ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝালমুৰি ক্ৰয়ৰ এটা ভিডিঅ’ই খলকনি তুলিছিল সমগ্ৰ ইণ্টাৰনেটৰ জগতখনত ৷ ঝাৰগ্ৰামত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত উভতি অহাৰ পথত প্ৰধানমন্ত্ৰী মোদীয়ে কলেজ ম’ৰৰ বিক্ৰম কুমাৰ সৌৰ বিপণিত ঝালমুৰি ক্ৰয় কৰিছিল ৷

এই বিশেষ মুহূৰ্তৰ ভিডিঅ’টোৱে ইণ্টাৰনেটত খলকনি সৃষ্টি কৰাৰ লগতে পৰৱৰ্তী সময়ত ৰাজ্যখনত বিজেপি চৰকাৰে নিৰ্বাচনত লাভ কৰা সফলতাত ইয়ো অৰিহণা যোগোৱা বুলি চৰ্চা চলিছিল ৷

এইখিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰীক ঝালমুৰি বিক্ৰী কৰা বিক্ৰম কুমাৰ সৌ নামৰ এইগৰাকী লোক বিপদৰ সন্মুখীন হৈছে ৷ বিক্ৰমে কোনো অজ্ঞাত উৎসৰ পৰা বোমাৰ ভাবুকি লাভ কৰিছে ৷ এই কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লোকজনে প্ৰথমে হোৱাটছ এপত মেছেজৰ জৰিয়তে আৰু পিছত ফোনৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ভাবুকি লাভৰ পিছতে নিৰাপত্তা বিচাৰি বিক্ৰম আৰক্ষীৰ কাষ চাপে ৷ ঝাৰগ্ৰাম আৰক্ষী থানাত লোকজনে ইতিমধ্যে লিখিত অভিযোগ দাখিল কৰিছে ।

BOMB THREATS
প্ৰধানমন্ত্ৰীয়ে ঝালমুৰি ক্ৰয় কৰা বিপণিখন (ETV Bharat)

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ বাবে ঝাৰগ্ৰামলৈ আহিছিল । প্ৰচাৰৰ শেষত উভতি গৈ থকাৰ পথত প্ৰধানমন্ত্ৰীয়ে নিজৰ কনভয়টো আদবাটতে ৰাখি ‘চাবল লাল স্পেচিয়েল ঝালমুৰি’ নামৰ বিপণিখনত প্ৰৱেশ কৰি জনপ্ৰিয় খাদ্যবিধৰ সোৱাদ লয় ৷ এই ভিডিঅ’টো পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ।

আটাইতকৈ আচৰিত কথাটো হ’ল যে সেইদিনাই বিপণিখনৰ স্বত্বাধিকাৰী বিক্ৰম কুমাৰ সৌ নিৰুদ্দেশ হৈছিল । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছত সেই অঞ্চলত তেওঁক দ্বিতীয়বাৰৰ বাবে দেখা পোৱা নগ’ল । বৰং বিক্ৰমৰ পিতৃ-মাতৃয়েহে বিপণিখন চলাই আছিল । সেই খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল ৷

অৱশ্যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত তেওঁ পুনৰ নিজৰ বিপণিখনত বহিবলৈ ধৰিলে । কিন্তু এইবাৰ বিক্ৰমৰ সন্মুখত বিপদে দেখা দিছে । অভিযোগ অনুসৰি বিক্ৰমলৈ ফোনযোগে ভাবুকিৰে ভৰা মেছেজসমূহ আহিবলৈ আৰম্ভ কৰে ।

বিক্ৰমে অভিযোগ কৰিছে যে দেওবাৰে তেওঁ নিজৰ হোৱাটছ এপত অজ্ঞাত নম্বৰৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল । বাৰ্তাটোত তেওঁক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছিল । ইয়াৰ পিছতে তেওঁ ঝাৰগ্ৰাম থানাত এজাহাৰ দাখিল কৰে । এই ভাবুকি ভৰা বাৰ্তাটো বাংলাদেশ বা পাকিস্তানৰ দৰে দেশৰ পৰা অহা বুলিও বিক্ৰমে দাবী কৰে ৷

তেওঁ কয়, ‘‘মোলৈ বাংলাদেশ অথবা পাকিস্তানৰ পৰা ফোন আহিছিল । ফোনত 'আসচালাম ৱালাইকুম' বুলি কৈছিল । মই যেতিয়া কোনো উত্তৰ নিদিলোঁ, তেতিয়া মোক বোমাৰে উৰুৱাই দিয়া হ’ব বুলি ধমকি দিছিল । হোৱাটছ এপতো এটা মেছেজ আহিছিল । ইয়াত লিখা আছিল, ‘আপুনি আমাৰ লক্ষ্য, বোমাৰে উৰুৱাই দিয়া হ'ব । এই কাণ্ডৰ পিছতে মই অভিযোগ দাখিল কৰিবলৈ থানালৈ গ’লো ৷’’

এই সন্দৰ্ভত ঝাৰগ্ৰামৰ আৰক্ষী অধীক্ষক মানব শিংলাই কয়, ‘‘ঝালমুৰি বিক্ৰেতাক অজ্ঞাত ফোন নম্বৰৰ পৰা হোৱাটছ এপ মেছেজৰ জৰিয়তে ভাবুকি দিয়া হৈছিল । ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে । বিষয়টোৰ তদন্ত চলি আছে ।’’

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ৰ ইণ্টাৰনেটত আলোড়ন, এদিনতে ১০ কোটিতকৈ অধিক ভিউজ