ETV Bharat / bharat

পলায়নৰ সম্ভাৱনা ! উচ্চতম ন্যায়ালয়ত সোনমৰ জামিনক প্ৰত্যাহ্বান মেঘালয় চৰকাৰৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মেঘালয় চৰকাৰ ।

Sonam Raghuvanshi
উচ্চতম ন্যায়ালয়ত সোনমৰ জামিনক প্ৰত্যাহ্বান মেঘালয় চৰকাৰৰ (File/ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 1:46 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ২০২৫ চনত মেঘালয়ত সংঘটিত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ কথা হয়তো আপোনাৰ মনত আছে । এই গোচৰটো এতিয়াও আদালতত বিচাৰাধীন হৈ আছে । অৱশ্যে ঘটনাৰ মূল অভিযুক্ত সোনম ৰঘুবংশীক শেহতীয়াকৈ আদালতে জামিন প্ৰদান কৰে । হত্যাকাণ্ডৰ মূল অভিযুক্তক জামিন প্ৰদানক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে মেঘালয় আদালতৰ সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্য চৰকাৰ ।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ এম এম সুন্দৰৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত মেঘালয় চৰকাৰৰ হৈ এখন আবেদন দাখিল কৰে । অভিযুক্তই পলায়ন কৰাৰ সম্ভাৱনা আছে বুলি জোৰ দি বিচাৰপীঠক জৰুৰীভাৱে বিষয়টো শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ চৰকাৰে আহ্বান জনায় ।

মেহতাই বিচাৰপীঠৰ সন্মুখত দাবী কৰে যে গ্ৰেপ্তাৰৰ সময়ত তেওঁ গ্ৰেপ্তাৰৰ কাৰণ সম্পূৰ্ণৰূপে জনোৱা হোৱা নাছিল আৰু সেই ভিত্তিত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে । মেহতাই যুক্তি দিছে যে টাইপিং ভুলৰ বাবে অভিযুক্তই গ্ৰেপ্তাৰৰ সম্পূৰ্ণ তথ্য জানিব পৰা নাছিল । আবেদন গ্ৰহণ কৰি বিচাৰপীঠে বিষয়টো শুকুৰবাৰে শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ সন্মত হয় ।

চলিত সপ্তাহৰ আৰম্ভণিতে উচ্চ ন্যায়ালয়ে সোনম ৰঘুবংশীক শ্বিলং আদালতে জামিন মঞ্জুৰ কৰা আদেশ বাহাল ৰাখে । অৱশ্যে জামিনক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰে কৰা আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে ।

ন্যায়াধীশ ডব্লিউ ডিয়েংড'ৰ এজনীয়া বিচাৰপীঠে ২০২৬ চনৰ এপ্ৰিল মাহৰ অতিৰিক্ত উপাযুক্ত (ন্যায়িক), শ্বিলঙৰ আদেশৰ বিৰুদ্ধে ৰাজ্যখনৰ আবেদন খাৰিজ কৰে । বিচাৰ আদালতে প্ৰক্ৰিয়াগত ভিত্তিত সোনমক জামিন মঞ্জুৰ কৰে । আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ কাৰণ সঠিকভাৱে জনোৱাত ব্যৰ্থ হোৱা বুলি ধৰি লোৱাৰ পিছতে বিচাৰ আদালতে জামিন মঞ্জুৰ কৰে ।

উল্লেখ্য যে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই বিগত বছৰত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ২০২৫ চনৰ মে' মাহত নৱবিবাহিত ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী হনীমুনৰ বাবে শ্বিলঙলৈ আহিছিল । ২৩ মে' এটা হোমষ্টেৰ পৰা চেক আউট কৰাৰ পিছত দম্পতীটো নিৰুদ্দেশ হৈছিল । পিছত ছ'হৰাৰ এটা জলপ্ৰপাতৰ ওচৰত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল । আনহাতে উত্তৰ প্ৰদেশত পত্নী সোনমৰো সন্ধান ওলাইছিল । ইয়াৰ পিছতে ৰাজা ৰঘুবংশীক হত্যাৰ অভিযোগত পত্নী সোনম আৰু আন কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশীৰ জামিন লাভ