ETV Bharat / bharat

৮০০ সাপ আৰু ৪০০ কুকুৰৰ প্ৰাণ ৰক্ষা কৰা অমাত জীৱৰ বন্ধু এগৰাকী সাহসী যুৱতী

প্ৰায়ে জীৱনৰ কিছুমান বিশেষ পৰিঘটনাই ইমানেই গভীৰভাৱে আঘাত দিব পাৰে যে ইয়াৰ দ্বাৰা এজন ব্যক্তিৰ সমগ্ৰ গতিপথ সলনি হৈ যায়।

She Steps Out When Others Step Back: Alwar's Jyoti Saini Rescues 800 Snakes, 500 Dogs, Leads Wildlife Protection Effort
অমাত জীৱৰ বন্ধু এগৰাকী সাহসী যুৱতী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 6, 2026 at 8:20 PM IST

6 Min Read
Choose ETV Bharat

আলৱাৰ (ৰাজস্থান): নিশা যেতিয়া সকলো শুবলৈ লয়, সেই সময়ত ঘৰৰ পৰা ওলাই আহে এগৰাকী যুৱতী । ৰাজপথলৈ ওলাই আহি যুৱতীগৰাকীয়ে সময় অতিবাহিত কৰে অমাত জীৱ-জন্তুৰ আলপৈচান ধৰি । যুৱতীগৰাকীয়ে বৰ্তমানলৈকে জীৱন ৰক্ষা কৰিছে প্ৰায় ৮০০ ৰো অধিক সাপ আৰু ৪০০ অধিক বাটৰুৱা কুকুৰৰ । মানৱতাৰ নিদৰ্শন দাঙি ধৰা যুৱতীগৰাকী হৈছে ৰাজস্থানৰ আলোৱাৰ জ্যোতি চাইনী ।

সমাজলৈ পৰিৱৰ্তন আনিব বিচৰাসকলৰ বাবে বৰ্তমান জ্যোতি চাইনী হৈ পৰিছে এক প্ৰেৰণাৰ উৎস । ব্যক্তিগত চাকৰিৰ সমান্তৰালকৈ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি ধাউতি থকা জ্যোতিয়ে কেৱল এটা শক্তিশালী দল গঢ়ি তোলাই নহয়, নিজৰ খৰচত চহৰৰ শ শ অমাত জন্তুৰ চিকিৎসা আৰু খাদ্য আদি যোগান ধৰাৰো দায়িত্বও গ্ৰহণ কৰিছে ।

Alwar's Jyoti Saini Rescues 800 Snakes, 500 Dogs, Leads Wildlife Protection Effort
পদপথৰ কুকুৰৰ সৈতে জ্য়োতি চাইনী (ETV Bharat)

প্ৰায়ে জীৱনৰ কিছুমান বিশেষ পৰিঘটনাই ইমানেই গভীৰভাৱে আঘাত দিব পাৰে যে ইয়াৰ দ্বাৰা এজন ব্যক্তিৰ সমগ্ৰ গতিপথ সলনি হৈ যায়। ঠিক এনে এক ঘটনাই ঘটিছিল জ্যোতি চাইনীৰ লগত । সৰুৰে পৰাই জ্যোতিয়ে চিকিৎসক হৈ মানুহক সেৱা কৰাৰ সপোন দেখিছিল যদিও আজি তেওঁ অমাত জীৱ-জন্তু আৰু বন্যপ্ৰাণীৰ ৰক্ষক হিচাপে আত্মপ্ৰকাশ কৰিছে । আজিলৈকে তেওঁৰ দলটোৱে ৪০০ৰো অধিক কুকুৰ আৰু ৮০০টা সাপৰ লগতে হাজাৰ হাজাৰ সৰীসৃপ, বান্দৰ, মেকুৰী আদি সফলতাৰে উদ্ধাৰ কৰিছে ।

শৈশৱতে উদ্ধাৰ বন্য জীৱ উদ্ধাৰ কৰি আৰম্ভ কৰিছিল যাত্ৰা:

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জ্যোতিয়ে প্ৰকাশ কৰে যে তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল পঞ্চম শ্ৰেণীৰ পৰাই যেতিয়া তেওঁ কাষৰ গছত বাহৰ পৰা পৰি যোৱা এটা চৰাই পোৱালি উদ্ধাৰ কৰিছিল । সেই সময়ত তাইৰ উদ্ধাৰৰ কোনো জ্ঞান নাছিল যদিও তাইৰ নিশ্চয়কৈ মমতা আৰু সহায় কৰাৰ মনোভাৱ আছিল । যুৱতীগৰাকীয়ে জনাই যে আচল টাৰ্নিং পইণ্টটো আহিছিল কেইবছৰমান আগতে যেতিয়া তাইৰ চুবুৰীত এটা কুকুৰৰ সৈতে এক নিৰ্মম কাণ্ড সংঘটিত হৈছিল ।

Alwar's Jyoti Saini Rescues 800 Snakes, 500 Dogs, Leads Wildlife Protection Effort
পদপথৰ কুকুৰক লয় যতন (ETV Bharat)

কোনোবাই কুকুৰটোৰ মূৰত এনেকৈ আঘাত কৰিলে যে তাৰ চকু দুটা ওলাই আহিল, যাৰ ফলত কুকুৰটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল । এই নিষ্ঠুৰ দৃশ্যই জ্যোতিক জোকাৰি গৈছিল । নিৰীহ জীৱ-জন্তুৰ ওপৰত এই নিষ্ঠুৰতা কেনেকৈ বন্ধ কৰিব পাৰি সেই বিষয়ে তাই চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে । এই ঘটনাৰ পিছত জ্যোতিয়ে সক্ৰিয়ভাৱে উদ্ধাৰ কাম আৰম্ভ কৰে আৰু জনসচেতনতা বৃদ্ধি কৰাটো নিজৰ দায়িত্ব বুলি গণ্য কৰে ।

গঠন কৰিলে এটা এন জি অ’:

আৰম্ভণি সময়ছোৱাত যেতিয়া জ্যোতিয়ে আঘাতপ্ৰাপ্ত কুকুৰ উদ্ধাৰ কৰে, তেতিয়া চৌপাশৰ মানুহে তাইক সহায় কৰা সহায় কৰাৰ বিপৰীতে প্ৰায়ে তাইক ঠাট্টা-মস্কৰাও কৰিছিল । এই অভিজ্ঞতাৰ পিছত জ্যোতিয়ে সিদ্ধান্ত ল’লে যে তাইক নিঃসংকোচে কাম কৰিবলৈ আনুষ্ঠানিক মঞ্চৰ প্ৰয়োজন । তাৰপিছত তেওঁ নিজাকৈ এন জি অ’ গঠন কৰাৰ সিদ্ধান্ত লয়, যাৰ জৰিয়তে এতিয়া তেওঁ সম্পূৰ্ণ আইনী আৰু সামাজিক সহায়ৰ সৈতে বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰে ।

Alwar's Jyoti Saini Rescues 800 Snakes, 500 Dogs, Leads Wildlife Protection Effort
উদ্ধাৰ কৰিছে সৰীসৃপো (ETV Bharat)

৭ বছৰীয়া সংগ্ৰাম, ১৭ জনীয়া এটা শক্তিশালী দল:

বিগত ৬-৭ বছৰ ধৰি উদ্ধাৰ ক্ষেত্ৰত জ্যোতি সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে । বৰ্তমান তেওঁৰ দলৰ ১৭ জন নিষ্ঠাবান সদস্য আছে যিসকল সদায় সাজু । দলটোৱে কেৱল আহত ৰাজপথৰ কুকুৰেই নহয়, সাপ, অন্যান্য সৰীসৃপ বান্দৰ আদি বন্যপ্ৰাণীকো উদ্ধাৰ কৰিছে । জ্যোতি চাইনীয়ে কয়,"মানুহে সাধাৰণতে ল'ৰাই উদ্ধাৰৰ কাম কৰাটো বিচাৰে, কিন্তু মই প্ৰমাণ কৰিলোঁ যে এই প্ৰত্যাহ্বানমূলক ক্ষেত্ৰখনত ছোৱালীয়েও সমানে ভাল কাম কৰিব পাৰে ।"

Alwar's Jyoti Saini Rescues 800 Snakes, 500 Dogs, Leads Wildlife Protection Effort
ব্যক্তিগত খণ্ডত কৰ্মৰত জ্যোতি চাইনী (ETV Bharat)

ছোৱালী হোৱাটোৱেই আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান:

জ্যোতিয়ে কেৱল মহিলা হোৱাৰ বাবেই উদ্ধাৰ কামত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । মানুহে তেওঁক ঠাট্টা-মস্কৰা কৰিছিল আৰু নিৰুৎসাহিত কৰিছিল । নিশা উদ্ধাৰ অভিযান বিশেষভাৱে কঠিন আছিল যদিও জ্যোতিয়ে কেতিয়াও হাৰ নামানিলে । জ্যোতিৰ জ্যেষ্ঠ ভাতৃয়ে সদায় তাইৰ লগত ৰাতিৰ উদ্ধাৰ কামত থাকে । পৰিয়ালৰ পৰা তাই সম্পূৰ্ণ সহায় পাইছিল, মাকে প্ৰায়ে কুকুৰবোৰক বিস্কুট খুৱাবলৈ গৈছিল ।

আৰ্থিক সহায় আৰু ব্যক্তিগত অৱদান:

উদ্ধাৰৰ পিছত খাদ্য আৰু ঔষধকে ধৰি আঘাতপ্ৰাপ্ত জীৱ-জন্তুৰ চিকিৎসা কৰাটো ব্যয়বহুল । জ্যোতিয়ে ব্যক্তিগত খণ্ডত কাম কৰে আৰু এই কামত তেওঁৰ দৰমহাৰ যথেষ্ট অংশ অৱদান আগবঢ়ায় । দলৰ সদস্যসকলেও সহযোগিতা কৰে । কেইমাহমানৰ পূৰ্বে দলটোৱে জলাতংক প্ৰতিৰোধী প্ৰতিষেধক (ARV) অভিযান চলাইছিল, ব্যয়বহুল ভেকচিনৰ খৰচ সদস্য আৰু স্থানীয় বাসিন্দাই বহন কৰিছিল ।

Alwar's Jyoti Saini Rescues 800 Snakes, 500 Dogs, Leads Wildlife Protection Effort
গৰু-ছাগলীকো শুশ্ৰূষা কৰে জ্যোতিয়ে (ETV Bharat)

ৰাতি কুকুৰক খাদ্য দিয়া:

দিনত কাম কৰি উদ্ধাৰ ব্যৱস্থা পৰিচালনা কৰাৰ পিছত নিশা জ্যোতি ৰাজপথলৈ ওলাই যায় । তেওঁৰ ওচৰ-পাজৰৰ অঞ্চলত যিমান পাৰে ভোকাতুৰ কুকুৰক খাদ্য যোগান ধৰে । তাই কয় যে ইয়াৰ ফলত কুকুৰবোৰ যাতে ভোকত নাথাকে আৰু পথ দুৰ্ঘটনাও হ্ৰাস পাব । জ্যোতিয়ে ডাক্তৰ হ’ব বিচাৰিছিল আৰু এতিয়া জীৱ-জন্তুৰ সেৱাত আছে । সৰুৰে পৰাই তাই ডাক্তৰ হ’ব বিচাৰিছিল যদিও পৰিস্থিতিয়ে তাইৰ অনুকূল নাছিল । জ্যোতিয়ে কয়, “চিকিৎসক হৈ মই মানুহৰ সেৱা কৰিলোহেঁতেন, কিন্তু এতিয়া মই জীৱ-জন্তুৰ জীৱন ৰক্ষা কৰি একে সেৱা কৰি আছোঁ ।”

Alwar's Jyoti Saini Rescues 800 Snakes, 500 Dogs, Leads Wildlife Protection Effort
গছপুলি ৰোপণ (ETV Bharat)

উদ্ধাৰৰ বাহিৰেও সামাজিক পদক্ষেপ:

জ্যোতি আৰু তেওঁৰ দলটো কেৱল উদ্ধাৰ অভিযানতে সীমাবদ্ধ নহয় । আলৱাৰত পৰ্যটনৰ প্ৰচাৰ, অনাময়ৰ বিষয়ে সজাগতা বৃদ্ধি, পুৰণি ষ্টেপৱেল আৰু কুঁৱা সংৰক্ষণ, বৃহৎ পৰিসৰত গছ ৰোপণৰ বাবেও কাম কৰি আছে । চহৰৰ কলনীবোৰত গছ ৰোপণ কৰি স্থানীয় বাসিন্দাক যত্ন লোৱাৰ দায়িত্ব অৰ্পণ কৰিছে ।

জ্যোতি ছাইনীৰ কাহিনী প্ৰেৰণাৰ এক অনন্য নিদৰ্শন । এগৰাকী সাধাৰণ যুৱতী হিচাপে আৰম্ভ কৰি আজি তেওঁৰ সমগ্ৰ দলৰ সৈতে শ শ লোকৰ জীৱনক ৰূপান্তৰিত কৰিছে । তাইৰ কঠোৰ পৰিশ্ৰমে প্ৰমাণ কৰে যে প্ৰকৃত নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰা যায় । আলৱাৰৰ দৰে সৰু চহৰৰ পৰা অহা এই নিদৰ্শনে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে বিশেষকৈ যুৱতীসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব পাৰে ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় প্ৰেছ স্বাধীনতা দিৱস: ইতিহাস, তাৎপৰ্য আৰু এই বৰ্ষৰ বিষয়বস্তু...কোন কোন ৰাজনীতিকে জনালে শুভেচ্ছা ?

ন্যায়াধীশৰ ৰহস্যজনক মৃত্যু, বাসগৃহত উদ্ধাৰ মৃতদেহ