যাত্ৰীবাহী বাছ আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত ৬ জনৰ মৃত্যু, ২০ জন আহত
পুৱা প্ৰায় ৪:৩০ বজাৰ পৰা ৫ বজাৰ ভিতৰত এই দুঘটনাটো সংঘটিত হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৪২ জন যাত্ৰী আছিল ৷

Published : August 26, 2026 at 8:04 AM IST
|Updated : August 26, 2026 at 10:12 AM IST
সূৰ্যপেট (তেলেংগানা) : তেলেংগানাৰ সূৰ্যপেট জিলাৰ কোদাদ মণ্ডলৰ ডোৰাকুন্টাৰ সমীপত বুধবাৰে পুৱা এখন ৰাজহুৱা খণ্ডৰ বাছে এখন কণ্টেইনাৰ ট্ৰাকৰ পিছফালে খুন্দা মৰাত প্ৰায় ছয়জন যাত্ৰী নিহত হোৱাৰ লগতে প্ৰায় ২০জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।
বাছখন তেলেংগানাৰ পৰা অন্ধ্ৰ প্ৰদেশৰ এলুৰুলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৪২ জন যাত্ৰী আছিল বুলি জানিব পৰা হৈছে ।
প্ৰত্যক্ষদৰ্শীৰ মতে পুৱা প্ৰায় ৪:৩০ বজাৰ পৰা ৫ বজাৰ ভিতৰত এই দুঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ এটা দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
আৰক্ষীয়ে আহত লোকসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
সূৰ্যপেট আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক নৰসিংহই উদ্ধাৰ অভিযানৰ তদাৰক কৰিবলৈ সেই স্থানত উপস্থিত হয় । আৰক্ষী অধীক্ষক নৰসিংহই কয়, "পুৱা প্ৰায় ৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয় । আৰক্ষী আৰু ঘাইপথ টহলদাৰী দলে এই সন্দৰ্ভত তথ্য লাভ কৰাৰ দহ মিনিটৰ ভিতৰতে সেই স্থানত উপস্থিত হয় ।ছয়জন লোকৰ মৃত্যু হৈছে । ১০ৰ পৰা ১২জন লোক আহত হৈছে, ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ।"
নিহতসকলৰ পাঁচগৰাকী মহিলা আছিল আৰু তেওঁলোক আটাইকেইজন অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ।
মুখ্যমন্ত্রীয়ে শোক প্রকাশ:
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে সূর্যপেট জিলাত সংঘটিত দুর্ঘটনাক লৈ শোক প্রকাশ কৰিছে ৷ তেওঁ মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে যাতে উন্নত চিকিৎসা লাভ কৰে তাৰবাবে ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

