দিল্লীৰ কেইবাখনো বিদ্যালয় আৰু আদালত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
দিল্লীৰ দুখনকৈ CRPFৰ বিদ্যালয়, পাটিয়ালা হাউচ, চাকেট আৰু দ্বাৰকা আদালত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি । প্ৰশান্ত বিহাৰৰ চিআৰপি বিদ্যালয়ত হাহাকাৰ ।

Published : November 18, 2025 at 2:26 PM IST
নতুন দিল্লী: দেশৰ ৰাজধানী দিল্লীত হাই এলাৰ্ট জাৰি । লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ পিছতে সম্পূৰ্ণৰূপে সতৰ্ক হৈ আছে দিল্লী আৰক্ষী । ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে বিভিন্ন স্থানত নিচিদ্ৰ তালাচী অভিযান চলাই আহিছে । ইয়াৰ মাজতে প্ৰশান্ত বিহাৰৰ চি আৰ পি এফ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
- দিল্লীৰ প্ৰশান্ত বিহাৰ বিদ্যালয়লৈ ভাবুকি
- চাকেট আদালতত আৰক্ষীৰ তালাচী
- দুখনকৈ CRPF বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
- পাটিয়ালা হাউছ আদালত, দ্বাৰকা আৰু চাকেট আদালত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
- প্ৰশান্ত বিহাৰৰ চি আৰ পি এফ বিদ্যালয়লৈ ভাবুকি:
আৰম্ভণিতে লাভ কৰা তথ্য অনুসৰি প্ৰশান্ত বিহাৰৰ চি আৰ পি এফ বিদ্যালয়সমূহে এই ভাবুকি লাভ কৰিছিল । দিল্লী আৰক্ষীলৈ পুৱাৰ ভাগত ফোন আহিছিল । আৰক্ষীয়ে জনোৱা অনুসৰি তালাচী চলোৱা হয় আৰু কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই । ইয়াৰ লগে লগে আন কেইবাটাও খবৰ আহিল দিল্লীৰ কেইবাখনো আদালতলৈয়ো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰে । দিল্লীৰ দ্বাৰকা, চাকেট আৰু পাটিয়ালা হাউচ আদালতো বোমাৰো উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰাৰ পিছতে আৰক্ষীয়ে তথ্য সংগ্ৰহত জপিয়াই পৰে ।
এবছৰ পূৰ্বে এই বিদ্যালয়ত হৈছিল বিস্ফোৰণ:
আৰক্ষীয়ে জনোৱা অনুসৰি, এবছৰ পূৰ্বে যিসমূহ বিদ্যালয়ৰ সমীপত বিস্ফোৰণ হৈছিল, সেইসমূহ বিদ্যালয় এইকেইখনেই আছিল । শেহতীয়াকৈ চলোৱা তালাচী অভিযানত কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই । যিয়ে এই ভাবুকি প্ৰদান কৰিছে তেওঁলোকৰ সন্ধানত দিল্লী আৰক্ষীয়ে অভিযান চলাই আছে । ক'ৰ পৰা এই ফোন আহিছিল তাৰো তদন্ত কৰি থকা হৈছে ।
১০ নৱেম্বৰত হোৱা কাৰ বিস্ফোৰণৰ পিছত অধিক সতৰ্ক আৰক্ষী:
দেশৰ ৰাজধানী দিল্লীত ১০ নৱেম্বৰত হোৱা লালকিল্লাৰ সমীপত হোৱা কাৰ বিস্ফোৰণে সম্পূৰ্ণৰূপে এনচিআৰ অঞ্চলত সুৰক্ষা সংস্থাসমূহৰ চিন্তা বঢ়াই তুলিছে । বিস্ফোৰণত বৰ্তমানলৈ ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহুকেইজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে । এই ঘটনাৰ পিছতে দেশৰ ৰাজধানী দিল্লীতেই নহয় এনচিআৰ এলেকাসমূহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
শ্বপিং মল আৰু জনসমাগম হোৱা অঞ্চলত নিচিদ্ৰ তালাচী অভিযান:
দিল্লী আৰক্ষী আৰপ অন্যান্য অঞ্চলৰ আৰক্ষীয়ে বৃহৎ বৃহৎ শ্বপিং মল সমূহ আৰু জনসমাগম হোৱা এলেকাসমূহত প্ৰতিদিনে তালাচী অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে সোমবাৰে সন্ধিয়া আৰু মঙলবাৰে দক্ষিণ দিল্লীৰ আৰক্ষীয়ে দিল্লীৰ চাকেট মলৰ বাহিৰত আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত সুৰক্ষা নিশ্চিত কৰাৰ বাবে তালাচী অভিযান চলাই । সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষী যথেষ্ট সষ্টম হৈ থকা পৰিলক্ষিত হৈছে ।

