পঞ্জাৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল'লে কেইবাজনৰো, আহত বহুজন
পিক-আপ ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ । অস্থি বিসৰ্জন কৰিবলৈ যোৱা ৯ গৰাকীয়ে হেৰুৱালে প্ৰাণ । আহত ১৫জন ।

Published : June 6, 2026 at 2:11 PM IST
|Updated : June 6, 2026 at 4:56 PM IST
ফিৰোজপুৰ: শনিবাৰে পুৱা পঞ্জাৱৰ ফাজিলকা-ফিৰোজপুৰ পথত এখন পিক-আপ ভান আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ । উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৯ জন লোক আৰু আহত ১৫ জন । আহতসকলক ততাতৈয়াকৈ ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰ পৰা গুৰুতৰভাৱে আহতসকলক ফৰিদকোটলৈ প্ৰেৰণ কৰা হয় ।
নিহতসকল ফাজিলকাৰ জালালাবাদ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে । তেওঁলোকে পৰিয়ালৰ এগৰাকী মহিলাৰ অস্থি বিসৰ্জন কৰিবলৈ ডেৰা ব্যাছলৈ বুলি ৰাওনা হৈছিল । এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে সমগ্ৰ অঞ্চলটোকে গভীৰ শোকৰ ছাঁ পৰিছে ।
খবৰ অনুসৰি জালালাবাদৰ পৰা অহা পৰিয়ালটোৰ সদস্যই মাতৃৰ অস্থি বিসৰ্জন দিবলৈ এখন জীপেৰে ডেৰা ব্যাছলৈ গৈ আছিল । জীপখনত মহিলা, পুৰুষ, শিশুকে ধৰি প্ৰায় ২৭ জন লোক আছিল । এই দুৰ্ঘটনাত পাঁচগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এটি শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫জন লোক আহত হয় । দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল । মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীয়ে সদৰী কৰে ।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, তেওঁলোকে পুৱা ৪ বজাত ঘৰৰ পৰা ওলাই ডেৰা ব্যাছলৈ ৰাওনা হয় । ধৰ্মীয় তীৰ্থযাত্ৰা যে ইমান মৰ্মান্তিকভাৱে হ’ব, সেই কথা কোনেও কল্পনাই কৰা নাছিল । দুৰ্ঘটনাটোত পিতৃসহ পৰিয়ালৰ কেইবাজনো সদস্যৰ প্ৰাণ হেৰুৱাই ।
আৰক্ষীয়ে কয়,"জালালাবাদৰ পৰা অমৃতসৰৰ ব্যাছলৈ প্ৰায় ২৫ জন লোক এখন পিক-আপ ভানত গৈ আছিল । আহতসকলক ফিৰোজপুৰৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । গুৰুতৰভাৱে আহতসকলক ফৰিদকোটৰ গুৰু গোবিন্দ সিং চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।" সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু দুৰ্ঘটনাটোৰ সৈতে জড়িত গোচৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।
এটা পৰিয়ালৰ কেইবাজনো সদস্যৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে । ফিৰোজপুৰ-ফাজিলকা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়াবহ দুৰ্ঘটনাই মুহূৰ্ততে শেষ কৰিলে এটা সুখী পৰিয়ালৰ আনন্দ ।

