দ খাৱৈত বাছ বাগৰি ১৪ জনৰ মৃত্যু, ৫২ জন লোক আহত
হিমাচল প্ৰদেশৰ ছিৰমৌৰত দুৰ্ঘটনাত পতিত এখন ব্যক্তিগত খণ্ডৰ বাছ । এই দুৰ্ঘটনাত ১৪ জন লোক নিহত হোৱাৰ লগতে আহত হয় আন কেইবাজনো ৷

Published : January 9, 2026 at 8:50 PM IST
ছিৰমৌৰ (হিমাচল প্ৰদেশ) : হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ শ্ৰীৰেণুকাজী সমষ্টিৰ হৰিপুৰধৰৰ সমীপত শুকুৰবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
এখন ব্যক্তিগত বাছ(জীট কোচ) এটা দ খাৱৈত পৰাত প্ৰাণ হেৰুৱাই ১৪ জনকৈ লোকে ৷ নিহত লোকসকলৰ পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা অব্য়াহত আছে ৷ এই দুৰ্ঘটনাত আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয় ।
দ খাৱৈত বাগৰিল বাছ
জানিব পৰা মতে, কুপৱীৰ পৰা ছিমলালৈ গৈ আছিল এখন ব্যক্তিগতখণ্ডৰ বাছ । হৰিপুৰধৰ বজাৰৰ পৰা ১০০-২০০ মিটাৰ দূৰত্বত ছিমলা অভিমুখে গৈ থকা বাছখনে যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতে সংঘটিত হয় দুৰ্ঘটনাটো ।
চালকজনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত পথৰ পৰা পিছলি গৈ দ খাৱৈত পৰি যায় বাছখন । এই দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু ঘটে ৷
আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে হুলস্থুল লাগে ৷ স্থানীয় বাসিন্দাসকলে আৰক্ষী আৰু প্ৰশাসনক অৱগত কৰাৰ পিছত আৰম্ভ হয় উদ্ধাৰ অভিযান ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
বাছখনত আছিল 66 জন যাত্ৰী
প্ৰাথমিক তথ্য অনুসৰি দুৰ্ঘটনাটোত পতিত হোৱা বাছখনত আছিল 66 জন যাত্ৰী ৷ যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ । দুৰ্ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীলৈ ৰাওনা হয় ছিৰমৌৰৰ আৰক্ষী অধীক্ষক এন নেগী ৷
এই দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু
ছিৰমৌৰ আৰক্ষী অধীক্ষক এন নেগীয়ে কয়, ‘‘বাছ দুৰ্ঘটনাটোত এতিয়ালৈকে ১৪ জন লোকৰ মৃত্যু হৈছে । সংগ্ৰহ, ৰাজগড় আৰু দাদাহুৰ আৰক্ষী আৰু উদ্ধাৰকাৰী দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে । ক্ষিপ্ৰ গতিত অব্যাহত আছে উদ্ধাৰ অভিযান ।’’
মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ
দুৰ্ঘটনাটোক লৈ গভীৰ শোকপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে । নিহতৰ পৰিয়ালক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনক । তদুপৰি আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । আহতসকলৰ আশু আৰোগ্য কামনাৰে নিহতসকলৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰ বাবেও প্ৰাৰ্থনা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ শোকপ্ৰকাশ
ইফালে এই দুৰ্ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে ৰেণুকাৰ বিধায়ক তথা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিনয় কুমাৰে । কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিনয় কুমাৰে নিজৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ‘‘এতিয়া এটা অতি দুখজনক খবৰ আহিছে যে হৰিপুৰধৰত জীত কোচ বাছ ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হৈছে ৷ এই ঘটনা অত্যন্ত বেদনাদায়ক আৰু ইয়াৰ বাবে আমি সকলোৱে দুখী । আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে প্ৰতিগৰাকী আঘাতপ্ৰাপ্ত লোক শীঘ্ৰে সুস্থ হৈ উঠে । এই শোকৰ সময়ত কংগ্ৰেছ পৰিয়ালে সম্পূৰ্ণ সহানুভূতি আৰু সংহতিৰে ভুক্তভোগীৰ সৈতে থিয় দিছে ।’’
বিনয় কুমাৰে লগতে কয়, ‘‘হৰিপুৰধৰ মণ্ডলৰ সমূহ কংগ্ৰেছ কৰ্মীক অনতিপলমে সেই স্থানত উপস্থিত হৈ প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি উদ্ধাৰকাৰ্যত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ বিনম্ৰ আহ্বান জনাইছো । এই কঠিন সময়ত ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে থিয় দিয়াটো আমাৰ নৈতিক দায়িত্ব ।’’
লগতে পঢ়ক: IPAC ৰ কাৰ্যালয়ত ইডিৰ অভিযান; কলকাতাত মমতা বেনাৰ্জীৰ প্ৰতিবাদ

