মহাৰাষ্ট্ৰত বিষাক্ত সুৰাই প্ৰাণ ল’লে কমেও ১৫ জনৰ
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে সমগ্ৰ পিমপ্ৰি-চিঞ্চৱাদ আৰু পুনে অঞ্চলত বিষাক্ত সুৰা যোগান ধৰিছিল ৱাংখেড়েই ।

Published : May 29, 2026 at 3:32 PM IST
পুনে: মহাৰাষ্ট্ৰত বিষাক্ত সুৰাই প্ৰাণ ল’লে কেবাজনো লোকৰ ৷ হাদাপছাৰ, ডাপোডি আৰু ফুগেৱাডিত বিষাক্ত সুৰা সেৱনৰ ফলত এদিনতে ১৫ জন লোকৰ মৃত্যু হোৱাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে । সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বিষাক্ত সুৰাৰ বাবে কেইবাজনো ব্যক্তিৰ অৱস্থা সংকটজনক আৰু বৰ্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । বিষাক্ত সুৰাৰ গোচৰটোৱে নতুন ৰূপ লৈছে, ৰাজ্যিক আবকাৰী বিভাগে এই ঘটনাৰ প্ৰধান সন্দেহযুক্ত ব্যক্তি যোগেশ ৱাংখেড়েক গ্ৰেপ্তাৰ কৰিছে ।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে সমগ্ৰ পিমপ্ৰি-চিঞ্চৱাদ আৰু পুনে অঞ্চলত বিষাক্ত সুৰা যোগান ধৰিছিল ৱাংখেড়েই । এই স্পিৰিট ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সুৰা সেৱন কৰি ব্যক্তি কেইজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । এই ধাৰাবাহিক মৃত্যুৰ পিছত পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ লগে লগে যোগেশ ৱাংখেড়েই স্বেচ্ছাই কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে ।
এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে । ৰাজ্যৰ আবকাৰী বিভাগে প্ৰধান সন্দেহযুক্ত যোগেশ ৱাংখেড়েক জিম্মাত লৈ আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি তেওঁক জেৰা চলাই আছে আৰক্ষীয়ে ।
যিহেতু এই গোচৰত আন ব্যক্তি জড়িত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, সেয়েহে তদন্তকাৰী সংস্থাসমূহে একাধিক দিশত অনুসন্ধান চলাই আছে । এই ঘটনাক সমগ্ৰ স্থানীয় অঞ্চলটোত আতংকৰ পৰিৱেশ বিয়পি পৰাত স্থানীয় লোকসকলে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
ফুগেৱাডি আৰু ডাপোডিৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে এই ঘটনাই ৷ তদুপৰি এই মৃত্যুৰ ধাৰাবাহিকতাই প্ৰশাসন আৰু আৰক্ষী উভয়ৰে কাৰ্যকাৰিতা আৰু জবাবদিহিতাৰ সন্দৰ্ভত গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে ।
এই মৃত্যুৰ বাবে স্থানীয় বাসিন্দাই নিষিদ্ধ ডিষ্টিলেৰীত উৎপাদিত অবৈধ, বিষাক্ত দেশীয় সুৰাক জগৰীয়া কৰিছে । বাসিন্দাসকলে অভিযোগ কৰিছে যে অঞ্চলটোত দেশীয় সুৰাৰ বিক্ৰী অবৈধভাৱে চলি আছে আৰু এই অবৈধ ব্যৱসায়ৰ সন্দৰ্ভত আৰক্ষীৰ গাফিলতিৰ বাবে ক্ষোভ ক্ৰমাৎ বৃদ্ধি পাইছে ।
এই ঘটনাৰ পিছত ৰাজনৈতিক পৰিৱেশো উত্তপ্ত হৈ পৰিছে । এনচিপিৰ নেতা তথা প্ৰাক্তন মেয়ৰ যোগেশ বেহলে বিষয়টোৰ সম্পূর্ণ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ৷ তেওঁ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে এনে অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে । পিম্পৰী-চিঞ্চৱাড আৰক্ষীয়ে অৱশ্যে এই গোচৰক লৈ এক বেলেগ দৃষ্টিভংগী দাঙি ধৰিছে ।
পিম্পৰী-চিঞ্চৱাডত মৃত্যু হোৱা আঠজন লোকৰ ভিতৰত ৫ জন লোক বিভিন্ন অসংলগ্ন কাৰণত হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে । তথাপিও তথ্য ওলাইছে যে মৃত্যুৰ পূৰ্বে কেইবাজনো লোকৰ মূৰ ঘূৰোৱাৰ লক্ষণ দেখা গৈছিল । ফলত আৰক্ষীৰ ভাষ্যক লৈ সন্দেহৰ সৃষ্টি হৈছে ।
বৰ্তমান এই মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত চলি আছে আৰু প্ৰশ্ন কৰা ব্যক্তিসকলে বিষাক্ত সুৰা সেৱন কৰিছিল নে নাই সেইটো নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষই চিকিৎসা প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে ।
বিষাক্ত সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত বিধায়ক ৰোহিত পাৱাৰে কয়, ‘‘স্থানীয় আৰক্ষী আয়ুক্তজন কেৱল এজন "ৰবৰ-ষ্টাম্প" বিষয়া যিয়ে নিজৰ উৰ্ধতন বিষয়াৰ পৰা পোৱা আদেশ কাৰ্যকৰী কৰাৰ বাহিৰে আন একো নকৰে । আয়ুক্তগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজপথত দিনৰ পোহৰত মানুহক আক্ৰমণ কৰাৰ ঘটনা সাধাৰণ হৈ পৰিছে । তদুপৰি ইয়াত ৰাজহুৱা সমাবেশ নিষিদ্ধ কৰা নিষেধাজ্ঞামূলক আদেশ জাৰি কৰা হৈছে । সাধাৰণ নাগৰিকক ন্যায়ৰ পৰা বঞ্চিত কৰা হৈছে, আনহাতে ইয়াৰ পৰিৱৰ্তে আমাৰ নিজৰ মানুহক কাৰাগাৰত বন্দী কৰাৰ দিশত প্ৰচেষ্টা চলোৱা হৈছে ।’’ তেওঁ আৰু আঙুলিয়াই দিয়ে যে পুনেত অবৈধ সুৰা সহজেই উপলব্ধ ৷
মৃত লোকসকল হৈছে:
ৰাহুল শাৰদ
বিজয় ভুকুৰলাল শৰ্মা
অৰুণ দাদৰ
অশোক ৰমেশ চাভান
ৰাজেশ ৰাজপুট
পাণ্ডুৰাং ফুগে
আনন্দ দেশাই
আকবৰ পাঠান
আনন্দ নিকালজে
সুভাষ দিগিকাৰ
অক্ষয় অৱছমল
বাবা শ্বেইখ
বিজয় ৰাথোৰ
ৰাজেন্দ্ৰ ৰাথোৰ
লগতে পঢ়ক: অৱহেলা-অমানৱীয়তা-কাণ্ডজ্ঞানহীনতাৰ চৰম পৰ্যায় ! মুকলি আকাশৰ তলতে চলিল মৰণোত্তৰ পৰীক্ষা

