উত্তৰ প্ৰদেশত প্ৰকৃতিৰ কালৰূপ, ধুমুহা-বৰষুণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১১১গৰাকীলৈ বৃদ্ধি
উত্তৰ প্ৰদেশৰ কেবাখনো জিলাত এই ধুমুহা-বৰষুণৰ বিস্তৰ প্ৰভাৱ দেখা যায় । প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত কমেও ১১১ গৰাকী লোকৰ মৃত্যু হৈছে ৷


Published : May 14, 2026 at 10:10 AM IST
|Updated : May 15, 2026 at 12:24 AM IST
নিউজ ডেস্ক: উত্তৰ প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ৷ প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত কমেও ১১১ গৰাকী লোকৰ মৃত্যু হৈছে ৷ বুধবাৰে কেবাখনো জিলাত হোৱা এই প্ৰলয়ৰ ফলত বহুকেইটা বাসগৃহৰ ক্ষতি হোৱাৰ লগতে বহু স্থানত গছ, বিদ্যুতৰ খুঁটা আদি ভাঙি পৰে ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্যোগৰ পাছতেই দুৰ্গতসকলক উদ্ধাৰৰ লগতে ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ লগতে ভুক্তভোগী পৰিয়ালসমূহক ২৪ ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ প্ৰদানৰ বাবেও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । পূৰ্বতে প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯ আছিল ৷ বিভাগীয় লোকে ক্ৰমাৎ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷
বৃহস্পতিবাৰে এক্সত এটা পোষ্টত সাহায্য আয়ুক্তৰ কাৰ্যালয়ে কয়, "১৩ মে'ৰ বেয়া বতৰৰ বাবে, ধুমুহা, বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাতত ৰাজ্যখনত ৮৯ জন লোকৰ মৃত্যু, ৫৩ জন আহত, ১১৪ টা পশুধনৰ ক্ষতি আৰু ৮৭ টা ঘৰৰ ক্ষতিৰ খবৰ পোৱা গৈছে, এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী তৎপৰ হৈ পৰিছে ।"
মুখ্যমন্ত্ৰীয়ে সকলো বিভাগীয় আয়ুক্ত আৰু জিলা দণ্ডাধীশক “সম্পূৰ্ণ সংবেদনশীলতাৰে” এই ঘটনাসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ২৪ ঘণ্টাৰ ভিতৰত আৰ্থিক সাহায্য বিতৰণ কৰাটো নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰি অন্যান্য প্ৰয়োজনীয় সহায় আগবঢ়াইছে ।
সাহায্য আয়ুক্তৰ কাৰ্যালয়ে জিলা বিষয়াৰ সৈতে প্ৰত্যক্ষ সমন্বয়ৰ জৰিয়তে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকাৰ লগতে জিলাসমূহৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
ৰাজ্যখনৰ কেবাখনো জিলাত এই ধুমুহা-বৰষুণৰ বিস্তৰ প্ৰভাৱ দেখা যায় । প্ৰাপ্ত তথ্য মতে, প্ৰয়াগৰাজত ১৭ গৰাকী, মিৰ্জাপুৰত ১৪ গৰাকী, ভাদোহীত ১৬ গৰাকী, ফাতেহপুৰত ৯ গৰাকী, বদাউন (শ্বাহজাহানপুৰ)ত ৫ গৰাকী, প্ৰতাপগড়ত ৪ গৰাকী, বৰেলীত ৭ গৰাকী, চান্দৌলি আৰু কুশীনগৰত দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে । ইফালে কাণপুৰত দুগৰাকী, দেৱৰিয়াত দুগৰাকী আৰু সোণভদ্ৰ জিলাত এগৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।
মুখ্যমন্ত্ৰী আদিত্যনাথে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে জিলা দণ্ডাধীশ আৰু অন্যান্য বিভাগৰ বিষয়াসকলক ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হৈ ভুক্তভোগীক সম্ভৱপৰ সকলো ধৰণৰ সহায় নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সাহায্যৰ কামত গাফিলতি সহ্য কৰা নহ’ব বুলিও তেওঁ সকীয়াই দিয়ে ।
আদিত্যনাথে বিষয়াসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দি বীমা কোম্পানীসমূহৰ লগতে ৰাজহ আৰু কৃষি বিভাগকো ক্ষয়-ক্ষতিৰ জৰীপ চলাই চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে লোকচানৰ মূল্যায়নৰ লগে লগে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে ।
লগতে পঢ়ক: প্ৰচণ্ড বৰষুণ আৰু ধুমুহাত প্ৰাণ গ’ল ৩৩ গৰাকী লোকৰ, উদ্ধাৰ তথা সাহায্যৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

