পুৱতি নিশা দিল্লীৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে কমেও তিনিজনে
অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ইতিমধ্যে কমেও ৮ জন আহত লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে এইমছ ট্ৰমা চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে ।


By ANI
Published : June 12, 2026 at 6:59 AM IST
|Updated : June 12, 2026 at 12:51 PM IST
নতুন দিল্লী: ৰাজধানী দিল্লীত যেন কোপদৃষ্টি পৰিছে অগ্নিদেৱতাৰ ৷ ইটোৰ পাছত সিটোকৈ অগ্নিকাণ্ডই আতংকিত কৰি তুলিছে ৰাজধানী মহানগৰবাসীক ৷ শুকুৰবাৰে পুৱতি নিশা দিল্লীৰ টোঘলকাবাদ অঞ্চলৰ এটা অট্টালিকাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে এতিয়ালৈকে ছয়জন লোকক উদ্ধাৰ কৰি কেন্দ্ৰীয় দুৰ্ঘটনা আৰু আঘাত সেৱা (CATS)ৰ সহায়ত ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা বুলি বিষয়াসকলে জনায় । অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি ইতিমধ্যে কমেও ৮ জন আহত লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে এইমছ ট্ৰমা চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে । ওখলা ফায়াৰ ষ্টেচন-১ (OKH-1)ৰ অধীনস্থ মধ্যম মাৰ্গৰ নয়া তাৰা এপাৰ্টমেণ্টৰ সমীপত ১ নং গলিত অৱস্থিত এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড ।
#WATCH | Delhi: Three people died after a massive fire broke out in a building in Tughlakabad Extension area during the early hours of Friday. Visuals from the spot. https://t.co/KqSJGbqTEO pic.twitter.com/dY9aQl5rgE
— ANI (@ANI) June 12, 2026
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সহকাৰী সংমণ্ডল বিষয়া যশৱন্ত সিং মীনাই জনোৱা মতে, এই ভৱনটো এটা গ্ৰাউণ্ড আৰু পাঁচটা ওপৰৰ মহলাৰে গঠিত আৰু ই এটা সৰু ৰাস্তাত অৱস্থিত ৷ যাৰ বাবে উদ্ধাৰ আৰু অগ্নিনিৰ্বাপন অভিযানৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল ।
অগ্নিনিৰ্বাপক বাহিনীৰ মতে, নিশা ২:৩৫ বজাৰ পৰা ২:৩৭ বজাৰ ভিতৰত অট্টালিকাত জুই লাগে আৰু ভিতৰত আবদ্ধ লোকৰ পৰা একাধিক জৰুৰীকালীন ফোন আহিছিল । এই তথ্য লাভৰ পাছতেই বিভাগটোৱে তিনিখন পানী ভৰ্তি বাহন, দুটা পানীৰ ব’জাৰ, এটা শ্বাস-প্ৰশ্বাসৰ সহায়ক ইউনিট আৰু এখন দ্ৰুত সঁহাৰি বাহন প্ৰেৰণ কৰে । পিছত একাধিক জৰুৰীকালীন ফোন লাভ কৰাত আন এটা এখন পানী ভৰ্তি বাহন আৰু লাইট ফায়াৰ ইউনিটক সেই স্থানলৈ প্ৰেৰণ কৰা হয় ।
সহকাৰী সংমণ্ডল বিষয়া মীনাৰ লগতে অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ অভিযানত ষ্টেচন ট্ৰেইনিং অফিচাৰ (এছ টি অ’) মুকুল ভৰদ্বাজ, ষ্টেচন অফিচাৰ (এছ অ’) সমৰ্থ লাল আৰু ষ্টেচন অফিচাৰ (এছ অ’) ৰাজ কুমাৰে নেতৃত্ব দিয়ে । অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাথমিক তথ্য অনুসৰি ঘৰৰ ভিতৰত ৰখাই থোৱা গাড়ীৰ পৰাই জুইৰ উৎপত্তি হৈছে । অট্টালিকাটোৰ ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
পুৱা ৩:৪৫ বজাত এ ডি অ’ মীনাই জুই নিয়ন্ত্ৰণ কৰা বুলি অৱগত কৰে । পুৱা ৪:০০ বজাত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে ষ্টপ মেছেজ জাৰি কৰে, য’ত অগ্নিনিৰ্বাপক অভিযান সম্পূৰ্ণ হোৱাৰ ইংগিত পোৱা যায় । জুই নিয়ন্ত্ৰণ কৰাৰ পিছতো উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত থাকে । অভিযানৰ অন্তিম পৰ্যায়ত অগ্নিনিৰ্বাপক বাহিনীয়ে আৰু এজন লোকক অট্টালিকাৰ পৰা উদ্ধাৰ কৰে ৷ ফলত দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে উদ্ধাৰ কৰা মুঠ লোকৰ সংখ্যা ছজনলৈ বৃদ্ধি পায় ৷ ইয়াৰে তিনিজনৰ মৃত্যু ঘটে ৷
লগতে পঢ়ক: ওমানৰ ওচৰত বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, ৩ ভাৰতীয় নাৱিকৰ মৃত্যু

