ETV Bharat / bharat

শোকাৱহ ঘটনা; দুখন চৰকাৰী বাছৰ মুখামুখি সংঘৰ্ষ, শিশুসহ নিহত ১১

তামিলনাডুৰ শিৱগংগা জিলাত দুখন চৰকাৰী বাছৰ মুখামুখি সংঘৰ্ষত শিশুসহ এঘাৰজন লোক নিহত হয় ।

Several dead after two buses collide head on in Sivaganga of Tamil nadu
শোকাৱহ ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 8:37 PM IST

2 Min Read
Choose ETV Bharat

চেন্নাই : আকৌ দুৰ্ঘটনাৰ খবৰ । এইবাৰ দুৰ্ঘটনাত শিশুসহ নিহত ১১ জনৰ লগতে ২০জনৰো অধিক আহত হয় । দেওবাৰে সংঘটিত এই ঘটনাক কেন্দ্ৰক কৰি সমগ্ৰ ৰাজ্যত পৰিছে শোকৰ ছাঁ । আমি উল্লেখ কৰা এই দুৰ্ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ শিৱগংগা জিলাত ।

শিৱগংগা জিলা আৰক্ষী অধীক্ষক শিৱ প্ৰসাদে কয় যে তিৰুপট্টৰৰ সমীপত দুখন চৰকাৰী বাছৰ মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হৈছে । তেওঁ কয় যে নিহতসকলৰ ভিতৰত আঠগৰাকী মহিলা, দুজন পুৰুষ আৰু এটা শিশুও আছে ।

শিৱগংগা জিলাৰ কুম্মনগুডীৰ সমীপত দেওবাৰে সন্ধিয়া দুখন চৰকাৰী বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয় । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ।

বিষয়াগৰাকীয়ে কয়, ''এই ভয়ংকৰ দুৰ্ঘটনাত দুখন বাছৰো বহু ক্ষতিসাধন হৈছে । দুৰ্ঘটনাৰ পাচতে স্থানীয় লোকৰ সহায়ত কেইবাজনো আহতক গাড়ীৰ পৰা উলিয়াই অনা হয় । জানিব পৰা মতে, এখন বাছ তিৰুপপুৰৰ পৰা কৰাইকুড়ীলৈ গৈ আছিল, আনহাতে আনখন বাছ কৰাইকুড়ীৰ পৰা ডিণ্ডিগুল জিলালৈ গৈ আছিল । এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত জৰুৰীকালীন দল উপস্থিত হৈ আহতসকলক ওচৰৰে চিকিৎসালয়লৈ লৈ নিয়া হয় ।''

টেংকাছিত দুখন বাছৰ সংঘৰ্ষ

ইয়াৰ পূৰ্বে ২৪ নৱেম্বৰত তামিলনাডুৰ টেংকাছি জিলাত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ৭ জন যাত্ৰী নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক লোক আহত হয় । মাদুৰাই-কোল্লাম ৰাষ্ট্ৰীয় ঘাইপথৰ কদয়ানাল্লুৰ সমীপত টেংকাছিৰ পৰা কোভিলপট্টিলৈ যোৱা এখন ব্যক্তিগত বাছ আৰু ৰাজপালামৰ পৰা টেঙাচী অভিমুখী আন এখন বাছৰ সংঘৰ্ষত সংঘটিত হয় ।

দুলেন ষ্ট্ৰেচত অভাৰটেক কৰাৰ চেষ্টাৰ বাবেই এই মাৰাত্মক দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । থিতাতে ৬ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ আন এজন যাত্ৰীৰ মৃত্যু হয় ।

লগতে পঢ়ক : চাৰি মহলীয়া অট্টালিকাত অগ্নিকাণ্ড, নিহত চাৰিজন, আহত এজন