ETV Bharat / bharat

অভিষেক বেনাৰ্জীক X পৰ্যায়ৰ নিৰাপত্তা প্ৰদান, আক্ৰমণত জড়িত ৬ জনক গ্ৰেপ্তাৰ

শনিবাৰৰ নিশাৰ পৰা সোণাৰপুৰ আৰক্ষী থানাই ব্যাপক তালাচী অভিযান আৰম্ভ কৰে । অঞ্চলটোৰ বিভিন্ন চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হয় ।

TMC MP ABHISHEK BANERJE
অভিষেক বেনাৰ্জীক আক্ৰমণৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 5:32 PM IST

|

Updated : May 31, 2026 at 8:40 PM IST

5 Min Read
Choose ETV Bharat

কলকাতা: সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণক কেন্দ্ৰ কৰি বংগত প্ৰতিবাদ । অভিযোগ উত্থাপন হৈছে যে সাংসদগৰাকীৰ ওপৰত কণী আৰু শিলগুটি নিক্ষেপ কৰা হৈছিল, আৰু তেওঁৰ কলাৰত ধৰি হিংসাত্মকভাৱে ঠেলা-গতা কৰা হৈছিল । এই ঘটনাৰ পিছতে আৰক্ষীয়ে নিশাৰ ভিতৰতে তালাচী অভিযান চলাই ছজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

ঘটনাৰ লগে লগে শনিবাৰৰ নিশাৰ পৰা সোণাৰপুৰ আৰক্ষী থানাই ব্যাপক তালাচী অভিযান আৰম্ভ কৰে । অঞ্চলটোৰ বিভিন্ন চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হয় । ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ কৰ্মী আৰু সাধাৰণ জনতাৰ মোবাইল ফোনত ৰেকৰ্ড কৰা ভিডিঅ’সমূহ তদন্তৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল ।

ভিডিঅ' ফুটেজৰ পৰা চিনাক্ত অভিযুক্তক:

আৰক্ষীৰ সূত্ৰৰ মতে, ভিডিঅ’ ফুটেজৰ পুংখানুপুংখ পৰীক্ষা কৰি আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কেইবাজনো ব্যক্তিক চিনাক্ত কৰিবলৈ সক্ষম হয় । নিশা এক অভিযানৰ অন্তত আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰে। বৰ্তমান বন্দীসকলক জেৰা কৰি আছে ৷ আক্ৰমণৰ আঁৰত আন কোনোবাই ভূমিকা লৈছিল নেকি সেই বিষয়েও তদন্ত কৰি আছে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ৰাজহুৱা কৰ্তব্যত বাধা দিয়া, অশান্তি সৃষ্টি কৰা, নিৰাপত্তাৰ লগত আপোচ কৰা, আইন-শৃংখলা উলংঘা কৰাৰ অভিযোগকে ধৰি একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

এই ঘটনাৰ লগত জড়িত কোনো লোকক ৰেহাই দিয়া নহ’ব বুলি আৰক্ষীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে । সকলো ভিডিঅ’ ফুটেজ, প্ৰত্যক্ষদৰ্শীৰ বক্তব্য আৰু অন্যান্য প্ৰমাণিক সামগ্ৰীৰ নিখুঁত পৰীক্ষাৰ জৰিয়তে তদন্ত চলি আছে । এই আক্ৰমণৰ পৰিকল্পনা ক’ত কৰা হৈছিল, কোন জড়িত আছিল, এই কাণ্ডৰ আঁৰত ইয়াতকৈও বৃহৎ ষড়যন্ত্ৰ আছে নেকি সেই বিষয়েও কৰ্তৃপক্ষই তদন্ত কৰি আছে ।

অভিযুক্ত ব্যক্তিৰ সন্ধান অব্যাহত আছে :

তদন্তকাৰীয়ে দাবী কৰে যে এই আক্ৰমণত আন কেইবাজনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে । বাতৰি অনুসৰি তেওঁলোকৰ উপস্থিতি ভিডিঅ’ ফুটেজত বন্দী কৰা হৈছে । ফলস্বৰূপে অনাগত দিনত এই ঘটনাৰ সন্দৰ্ভত আৰু অধিক গ্ৰেপ্তাৰ হ’ব পাৰে বুলি আশা কৰা হৈছে । ইফালে সম্প্ৰতি সন্দেহযুক্ত লোকক আটক কৰিবলৈ বিভিন্ন অঞ্চলত তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই ঘটনাই ৰাজনৈতিক প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত বাকযুদ্ধৰো সূচনা কৰিছে ।

অভিষেকৰ কনভয়ক ঘেৰি প্ৰতিবাদ :

শনিবাৰে সংঘটিত হয় এই ঘটনা । অভিষেক বেনাৰ্জীয়ে নিৰ্বাচনৰ পিছৰ হিংসাত নিহত হোৱা তৃণমূল কৰ্মীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ দক্ষিণ ২৪ পৰগনাৰ সোণাৰপুৰ ভ্ৰমণ কৰিছিল । তেওঁ অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি অস্থিৰ হৈ পৰে । অভিযোগ অনুসৰি, প্ৰতিবাদকাৰী দলে অভিষেকৰ কনভয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে । লগতে তেওঁৰ ফালে কণী আৰু শিলগুটি নিক্ষেপ কৰে । একে সময়তে প্ৰতিবাদকাৰীয়ে "চোৰ ! চোৰ !" শ্ল’গান দিয়ে

ৰাজহুৱা ক্ষোভৰ স্বতঃস্ফূৰ্ত বিস্ফোৰণ :

সোণাৰপুৰৰ এই ঘটনাই ৰাজ্যৰ ৰাজনীতিৰ ভিতৰত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে । এফালে তৃণমূল কংগ্ৰেছে দাবী কৰিছে যে এয়া আছিল এক পৰিকল্পিত আক্ৰমণ; আনহাতে বিৰোধীয়ে দাবী কৰে যে ই আছিল সাধাৰণ জনতাৰ ক্ষোভৰ স্বতঃস্ফূৰ্ত প্ৰকাশ । কিন্তু ঘটনাৰ লগে লগে প্ৰশাসন তদন্তত নামি পৰে আৰু আক্ৰমণৰ লগত জড়িত লোকসকলক চিনাক্ত কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰে ।

আৰক্ষীৰ নিৰাপত্তাক লৈ উত্থাপিত প্ৰশ্ন :

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে পৰিস্থিতি ইমানেই তীব্ৰতৰ হৈ পৰিছিল যে সুৰক্ষাৰ কাৰণে অভিষেক বেনাৰ্জীয়ে নিজৰ বাহনৰ পৰা নামি খোজকাঢ়ি আগবাঢ়িবলৈ বাধ্য হৈছিল, তেওঁৰ নিৰাপত্তাৰ বাবে আৰক্ষীয়ে ঘেৰি ৰাখিছিল । মৃত তৃণমূল কৰ্মীজনৰ ঘৰলৈ যোৱাৰ পথত তেওঁক ঘেৰি ধৰে প্ৰতিবাদকাৰীয়ে । যদিও ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল, তথাপিও তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।

ইফালে দেওবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীও একেধৰণৰ প্ৰতিবাদৰ সন্মুখীন হয় ৷ এই আক্ৰমণৰ ঘটনাৱলীক গৰিহণা দিয়াৰ লগতে বিজেপিয়ে গণতন্ত্ৰণৰ হত্যা কৰা বুলি অভিযোগ তুলিছে মমতা বেনাৰ্জীয়ে ৷

অভিষেক বেনাৰ্জীৰ নিৰাপত্তা বৃদ্ধি

সোণাৰপুৰ ভ্ৰমণৰ সময়ত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ডাইমণ্ড হাৰ্বাৰৰ সাংসদ অভিষেক বেনাৰ্জীৰ সৈতে হোৱা আক্ৰমণৰ ঘটনাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ৰাজ্য চৰকাৰে তেওঁক ‘এক্স’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই নতুন ব্যৱস্থাৰ অধীনত এতিয়া তিনিজন নিৰাপত্তাৰক্ষী তেওঁৰ লগত সকলো সময়তে থাকিব । এতিয়ালৈকে তেওঁৰ মাত্ৰ দুজন নিৰাপত্তাৰক্ষী আছিল ।

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় সৰ্বোচ্চ নেতা অভিষেক বেনাৰ্জী । দলটোৰ এজন মূল কৌশলবিদ, তেওঁক পূৰ্বৰ ৰাজ্য চৰকাৰৰ সময়ত ‘জেড-প্লাছ’ শ্ৰেণীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত চৰকাৰ সলনি হোৱাৰ পিছত এই নিৰাপত্তা ব্যৱস্থা পুনৰীক্ষণ কৰা হৈছিল । মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছত শুভেন্দু অধিকাৰীয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ সাংসদ আৰু অন্যান্য সুৰক্ষিত ব্যক্তিৰ নিৰাপত্তাৰ ব্যৱস্থা পুনৰীক্ষণ কৰে ।

লগতে পঢ়ক:

ৰাইজৰ ৰোষত টিএমচিৰ সাংসদ অভিষেক বেনাৰ্জী, হেলমেট পিন্ধি প্ৰাণ ৰক্ষা

অভিষেকৰ পাছত এইবাৰ কল্যাণ, থানাৰ সমুখতে শিলগুটি নিক্ষেপ তৃণমূল কংগ্ৰেছৰ সাংসদক

Last Updated : May 31, 2026 at 8:40 PM IST