চলিত বিত্তীয় বৰ্ষৰ পৰাই অসমত ছেমি কণ্ডাক্টৰ উদ্যোগৰ উৎপাদন আৰম্ভ হোৱাৰ সম্ভাৱনা
শনিবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে এই মন্তব্য প্ৰকাশ কৰে ।

By PTI
Published : May 31, 2026 at 6:46 PM IST
নতুন দিল্লী: অসমত ছেমি কণ্ডাক্টৰ উদ্যোগত উৎপাদন আৰম্ভ হোৱাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ ৷ দেশৰ তথ্য, সম্প্ৰচাৰ, বৈদ্যুতিক আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ জাগীৰোডত থকা ছেমি কণ্ডাক্টৰ উদ্যোগটোত চলিত বিত্তীয় বৰ্ষত উৎপাদন আৰম্ভ হোৱাৰ সম্ভাৱনাক স্বীকাৰ কৰে ৷ শনিবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে এই মন্তব্য প্ৰকাশ কৰে ।
মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা সাক্ষাতৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে ৷ এক্সত প্ৰকাশিত এটা পোষ্টৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাজীক সাক্ষাৎ কৰো । তেওঁৰ সৈতে জাগীৰোডস্থিত ছেমি কণ্ডাক্টৰ উদ্যোগটোৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিলোঁ । চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে এই উদ্যোগটোত উৎপাদন আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো ৷’’
Met Assam CM, @himantabiswa Ji. Discussed the progress of the semiconductor plant at Jagiroad. We aim to start production from this plant within this financial year.
— Ashwini Vaishnaw (@AshwiniVaishnaw) May 30, 2026
The NIELIT institute for training young citizens in semiconductor manufacturing technologies is also shaping… pic.twitter.com/bKVR48WjVq
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান(এনআইইএলআইটি) য়েও যুৱক-যুৱতীসকলক ছেমি কণ্ডাক্টৰ উদ্যোগত নিৰ্মাণ প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে সাজু হৈছে ।
আনহাতে, এই সাক্ষাৎ সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিদ্বান আৰু অতিশয় জ্ঞানী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাটো সদায়ে আনন্দৰ বিষয় ৷
‘‘আমি অসমৰ সামগ্ৰিক ৰে’ল নেটৱৰ্ক আৰু ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিলোঁ ৷ সম্প্ৰতি চলি থকা ১,৩০০+ কিলোমিটাৰ ৰে’লপথৰ সম্প্ৰসাৰণ আৰু ৫০+ অমৃত ভাৰত ষ্টেচনৰ কামকে ধৰি সকলো বিষয়ে এই আলোচনাত স্থান পায় ৷’’ - অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় ।
অসমৰ জাগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড (টিএছএটি) দেশৰ অন্যতম প্ৰধান উৎপাদন স্থান হিচাপে পৰিগণিত হ’ব ৷ যিটো দেশৰ স্বাৱলম্বী ছেমিকণ্ডাক্টৰ ক্ষেত্ৰৰ পৰিৱেশ তন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বিস্তৃত পৰিকল্পনাৰ সৈতে মিলি পৰিছে ।
Always a pleasure to meet our erudite and very knowledgeable Hon’ble Union Minister Shri @AshwiniVaishnaw Ji.
— Himanta Biswa Sarma (@himantabiswa) May 30, 2026
We exchanged notes on expanding the overall railway network and rail infrastructure in Assam - which includes work on ongoing 1,300+ km of track expansion and 50+ Amrit… pic.twitter.com/vZQ7ixQMC5
২৭ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মিত জাগীৰোডৰ উদ্যোগটোত ফ্লিপ চিপ আৰু ইণ্টিগ্ৰেটেড চিষ্টেম ইন পেকেজ(আইএছআইপি)ৰ দৰে উন্নত পেকেজিং প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিদিনে ৪.৮ কোটি পৰ্যন্ত ছেমিকণ্ডাক্টৰ চিপ উৎপাদন হোৱাৰ সম্ভাৱনা আছে ।
অটোমোটিভ, বৈদ্যুতিক বাহন, টেলিকমিউনিকেশ্যন আৰু কনজিউমাৰ ইলেক্ট্ৰনিকছৰ দৰে অত্যাৱশ্যকীয় খণ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এই সুবিধা নিৰ্মাণ কৰা হৈছে ।
এই উদ্যোগে প্ৰযুক্তিগত উন্নতিৰ বাহিৰেও উল্লেখযোগ্য আৰ্থ-সামাজিক সুবিধা প্ৰদান কৰিব ৷ কিয়নো ইয়াৰ দ্বাৰা ১৫,০০০ প্ৰত্যক্ষ আৰু ১১,০০০-১৩,০০০ পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব, যাৰ ফলত অসম আৰু সমীপৱৰ্তী অঞ্চলসমূহৰ আঞ্চলিক অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব ।
উচ্চ ক্ষমতাসম্পন্ন উৎপাদন স্থান হিচাপে এই সুবিধাৰ দৈনিক উৎপাদনে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োখন বজাৰৰে প্ৰয়োজনীয়তা পূৰণ কৰিব ৷ তদুপৰি ভাৰতক বিশ্বৰ ছেমিকণ্ডাক্টৰ যোগান শৃংখলত প্ৰতিযোগিতামূলক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব ।
লগতে পঢ়ক: টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান ল'লে নিৰ্মলা সীতাৰমণে

