স্কুল বন্ধ ! কেৱল অনলাইনত হ'ব পাঠদান
দিল্লীৰ প্ৰদূষণে শিক্ষাৰ ওপৰতো প্ৰভাৱ পেলাইছে । যাৰ বাবে পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ।

Published : December 15, 2025 at 11:34 PM IST
নতুন দিল্লী : ৰাজধানী দিল্লীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা । বিশেষকৈ ইয়াৰ প্ৰভাৱ পৰিছে শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ ওপৰত । যাৰ বাবে ৰাজধানীত বায়ু প্ৰদূষণৰ বাবে শিক্ষা সঞ্চালকালয়ে নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে পৰৱৰ্তী জাননী নিদিয়ালৈকে অনলাইন ক্লাছৰ নিৰ্দেশনা জাৰি কৰিছে ।
সঞ্চালকালয়ে উল্লেখ কৰা মতে, পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে সকলো চৰকাৰী, সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয় বন্ধ থাকিব । অৱশ্যে ইয়াৰ মাজতে উক্ত শ্ৰেণীসমূহ সম্পূৰ্ণ অনলাইনত অনুষ্ঠিত হ’ব । ষষ্ঠ শ্ৰেণী আৰু তাৰ ওপৰৰ শ্ৰেণীসমূহ পূৰ্বতে জাৰি কৰা ধৰণেই চলি থাকিব ।
এই সন্দৰ্ভত শিক্ষা সঞ্চালিকা বেদিতা ৰেড্ডীয়ে কয়, "ৰাজধানীত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ মাত্ৰাই পুনৰবাৰ জনজীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে । ৰাজধানীত বায়ুৰ গুণাগুণ (AQI) নিৰন্তৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত শিশুৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰিছে যে নাৰ্চাৰীৰ পৰা ৫ম শ্ৰেণীলৈকে সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয়ত শাৰীৰিক শ্ৰেণী পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব ।"
তেওঁ উল্লেখ কৰে যে ইয়াৰ বাবে যাতে শিক্ষাৰ্থীৰ পঢ়া-শুনা ব্যাহত নহয় তাৰ বাবে এই শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন পাঠদান চলি থাকিব । সকলো বিদ্যালয়ৰ অধ্যক্ষকে অনলাইন ক্লাছৰ ব্যৱস্থা কৰি পৰিস্থিতিৰ বিষয়ে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
তেওঁ লগতে কয় যে সকলো জিলা আৰু খণ্ড শিক্ষা উপ-সঞ্চালকক (DDE) এই নিৰ্দেশ কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । কোনো স্তৰতে যাতে কোনো ধৰণৰ গাফিলতি নহয় আৰু শিশুৰ স্বাস্থ্যৰ লগত আপোচ নহয় তাৰ দায়িত্ব বিদ্যালয় প্ৰশাসনকো অৰ্পণ কৰা হৈছে ।
শিশুৰ সুৰক্ষা চৰকাৰৰ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰী আশীষ ছুদে কয়, "শিশুৰ স্বাস্থ্য আৰু কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । সৰু ল'ৰা-ছোৱালীক বায়ু প্ৰদূষণৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ বাবে এইটো এটা প্ৰয়োজনীয় আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

