ETV Bharat / bharat

পাঠদানৰ সময়তে খহি পৰিল চৰকাৰী বিদ্যালয়ৰ ছাদ, আহত ৬ শিক্ষাৰ্থী

কৰ্ণাটকৰ বাগালকোটৰ মুগালোলি টাণ্ডাৰ এখন চৰকাৰী বিদ্যালয়ত বুধবাৰে শ্ৰেণীকোঠাত পাঠদান চলি থকা সময়তে পকী ছাদ ভাঙি ৬ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় ৷

KARNATAKA SCHOOL ROOF COLLAPSES
পাঠদানৰ সময়তে খহি পৰিল চৰকাৰী বিদ্যালয়ৰ ছাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 3, 2026 at 9:31 AM IST

2 Min Read
Choose ETV Bharat

বাগালকোট (কৰ্ণাটক) : কৰ্ণাটকৰ বাগালকোটৰ এখন চৰকাৰী বিদ্যালয়ত বুধবাৰে সংঘটিত হয় এক অঘটন । চৰকাৰী বিদ্যালয়খনত পাঠদান চলি থকা সময়তে পকী ছাদৰ এটা অংশ হঠাতে ভাঙি পৰে । ছাদৰ ধ্বংসাৱশেষ খহি পৰি বিদ্যালয়খনৰ ৬ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় । আহত ছাত্ৰ-ছাত্ৰীকেইগৰাকীক ততালিকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই বিদ্যালয়খনৰ ভিতৰত এক আতংকৰ সৃষ্টি হয় আৰু ছাত্ৰ-ছাত্ৰীসকলক লগে লগে নিৰাপদ স্থানলৈ লৈ যোৱা হয় । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনে বিদ্যালয় ভৱনৰ অৱস্থাক গুৰুত্বসহকাৰে লয় ।

বাগালকোট জিলা পঞ্চায়তৰ মুখ্য কাৰ্যবাহী বিষয়া গজানন বেলে এক বিবৃতিৰ জাৰি কৰি বিদ্যালয় ভৱনৰ ক্ষতিগ্ৰস্ত অংশ তৎকালীনভাৱে মেৰামতি কৰিবলৈ পঞ্চায়ত ৰাজ অভিযান্ত্ৰিক বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে ।

তেওঁ লগতে আহত ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক অৱস্থাৰ কথা উল্লেখ কৰি তেওঁলোক সামান্য পৰিমাণ আঘাতপ্ৰাপ্ত হয় বুলি সদৰী কৰি আটাইকেইগৰাকী সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে ।

ঘটনাৰ পিছতে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ উপ-সঞ্চালকগৰাকীও চিকিৎসালয়খনত উপস্থিত হয় । তেওঁ আহত ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰে আৰু চিকিৎসকৰ পৰা তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷

ইফালে বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থাক লৈ অভিভাৱকসকলে উদ্বেগ প্ৰকাশ কৰে আৰু বিদ্যালয়খনৰ স্থায়ী মেৰামতি আৰু উপযুক্ত সুৰক্ষা ব্যৱস্থা কৰিবলৈ দাবী জনায় । বাগালকোট জিলা পঞ্চায়তৰ মুখ্য কাৰ্যবাহী বিষয়া গজানন বেলে প্ৰশাসনক তৎক্ষণাত বিদ্যালয়খনৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : কলগাছিয়াত এখন বাঁহৰ দলঙে দিছে বিধি-পথালি: কাণসাৰ নাই বিধায়ক জাকিৰৰ