ETV Bharat / bharat

চিবিএছইৰ নৱম শ্ৰেণীত তিনিটা ভাষা অধ্যয়ন বিষয়ত ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰা চিবিএছইৰ নীতিক প্ৰত্যাহ্বান ।

Representational Image
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By PTI

Published : May 22, 2026 at 4:49 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাষা বিষয়ত কৰিব বিচৰা বৃহৎ পৰিৱৰ্তন সাধনৰ নীতিক প্ৰত্যাহ্বান জনাই অহা সপ্তাহত উচ্চতম ন্যায়ালয়ে এক আবেদনৰ শুনানি গ্ৰহণ কৰিব । জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী আৰু বিপুল এম পাঞ্চোলিৰ বিচাৰপীঠৰ সন্মুখত এই বিষয়ে উল্লেখ কৰাৰ পিচতে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বুলি কয় ।

উল্লেখ্য় যে ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা ভাষা বিষয় অধ্যয়ন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু এনচিইআৰটিৰ পাঠ্যক্ৰম অনুসাৰে প্ৰস্তুত কৰা হ'ব । অহা ১ জুলাইৰ পৰা কাৰ্যকৰীও হ'ব । নৱম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে তিনিটা ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক । ইয়াৰে ভিতৰত অতি কমেও দুটা ভাৰতীয় ভাষা অন্তৰ্ভুক্ত থাকিব ।

১ জুলাইৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কমেও দুটা ভাৰতীয় ভাষাকে ধৰি তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰা চিবিএছইৰ নীতিক প্ৰত্যাহ্বান জনাই অহা সপ্তাহত উচ্চতম ন্যায়ালয়ে এক আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি শুকুৰবাৰে কয় ।

জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে এই সন্দৰ্ভত কয়, "এইখন গুৰুত্বপূৰ্ণ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন । আবেদনকাৰীসকল হৈছে শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱক । তেওঁলোকে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কমেও দুটা থলুৱা ভাৰতীয় ভাষাকে ধৰি তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰাক প্ৰত্য়াহ্বান জনাইছে ।"

সোমবাৰে শুনানিৰ বাবে বিষয়টো তালিকাভুক্ত কৰিবলৈ শীৰ্ষ আদালতক আহ্বান জনাই ৰোহাটগীয়ে কয় যে ই বিশৃংখলতাৰ সৃষ্টি কৰিব । উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্য়ায়াধীশে কয় যে অহা সপ্তাহটো বিবিধ সপ্তাহ হ’ব আৰু বিষয়টো তালিকাভুক্ত কৰা হ’ব । শেহতীয়াকৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি ১ জুলাইৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কমেও দুটা ভাৰতীয় ভাষাকে ধৰি তিনিটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে।

লগতে পঢ়ক:নৱম শ্ৰেণীৰ পৰা তিনিটা ভাষাৰ শিক্ষা বাধ্যতামূলক: চিবিএছইৰ নতুন নিয়ম