ETV Bharat / bharat

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ন্যায়পালিকাৰ দুৰ্নীতিৰ বিষয়; নিজাকৈ গোচৰ ৰুজু উচ্চতম ন্যায়ালয়ৰ

ন্যায়পালিকাৰ দুৰ্নীতিৰ বিষয়ে পাঠ্য়পুথিত শিকোৱাটো কেন্দ্ৰীয় পাঠ্য়পুথিত গুৰুত্বসহকাৰে লোৱা বিষয়টোত আপত্তি দৰ্শাইছে ভাৰতৰ মুখ্য ন্যায়াধীশে ।

Supreme Court(File Photo)
উচ্চতম ন্যায়ালয় (Getty Images)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 2:50 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লীঃ এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত স্পৰ্শকাতৰ অধ্য়ায় দুটাক লৈ গুৰুতৰ আপত্তি দৰ্শাইছে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে । পাঠ্য়পুথিত ন্যায়পালিকাৰ 'দুৰ্নীতি'ক পৰিচয় কৰাই দিয়া সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰিছে ।

অষ্টম শ্ৰেণীৰ সংশোধিত পাঠ্য়পুথিত ন্যায়পালিকাত দুৰ্নীতিৰ বিষয়ে শিকোৱা বিষয়টো গুৰুত্বসহকাৰে লৈ গুৰুতৰ আপত্তি দৰ্শাইছে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে । ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিইআৰটি)-এ অষ্টম শ্ৰেণীৰ নতুন সমাজ বিজ্ঞান পাঠ্যপুথিত 'ন্যায়পালিকাত দুৰ্নীতি' আৰু 'অধিক গোচৰ নিস্পত্তি নোহোৱাকৈ থকা 'বিষয় সংযোজন কৰিছে ।পূৰ্বৰ সংস্কৰণৰ তুলনাত এইটো এক বৃহৎ, যিটো সংস্কৰণত বেছিভাগেই আদালতৰ গাঁথনি আৰু ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

'এক্সপ্ল'ৰিং ছ'চাইটি: ইণ্ডিয়া এণ্ড বিয়ণ্ড' নামৰ সংশোধিত পাঠ্যপুথিখনত 'আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা' শীৰ্ষক সংশোধিত অধ্যায় সন্নিবিষ্ট কৰা হৈছে । উল্লেখ্য় যে 'ন্যায়ৰ বিলম্বৰ বাবে ন্যায় অস্বীকাৰ ' আৰু 'ন্যায়পালিকাত দুৰ্নীতি'শীৰ্ষক অধ্যায়ত আদালতৰ স্তৰ আৰু ন্যায়ৰ সুবিধাৰ লগতে দুৰ্নীতি আৰু বিচাৰাধীন গোচৰকে ধৰি ন্যায়িক ব্যৱস্থাই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।

বুধবাৰে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংভীয়ে এই বিষয়টো ভাৰতৰ মুখ্য় ন্য়ায়াধীশৰ সন্মুখত উত্থাপন কৰে । ছিবালে কয় যে অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ন্যায়পালিকা দুৰ্নীতিগ্ৰস্ত বুলি শিকোৱাটো গুৰুতৰ চিন্তাৰ বিষয়।

এই সন্দৰ্ভত অৱগত বুলি উল্লেখ কৰি ভাৰতৰ মুখ্য় ন্য়ায়াধীশগৰাকীয়ে কয়,"মই কাকো প্ৰতিষ্ঠানটোক বদনাম কৰিবলৈ নিদিওঁ । মই ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেয়া জানো ।"

মুখ্য় ন্য়ায়াধীশগৰাকীয়ে কয় যে তেওঁ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু এইটো এটা ইচ্ছাকৃত আৰু সুচিন্তিত পদক্ষেপ যেন লাগে । "মই আৰু একো ক'ব নিবিচাৰো..." বুলি কৈ বিষয়টো মুখ্য় ন্য়ায়াধীশগৰাকীৰ দৃষ্টিগোচৰ কৰাত অধিবক্তাসকলক প্ৰশংসা কৰে ।

লগতে পঢ়ক:যাবলৈ নাই ৰাস্তা, মৌলিক সুবিধাৰ পৰাও বঞ্চিত; কিন্তু ইংৰাজী শুনিলে আপুনিও হ’ব আচৰিত

'২৬ ৰ বুকাৰ বঁটাৰ তালিকাত ভাৰতীয় মূলৰ কানাডিয়ান লেখিকা পদ্মা বিশ্বনাথনৰ অনুবাদ গ্ৰন্থ