ETV Bharat / bharat

আৰাৱলী পৰ্বতমালাৰ পুনৰ সংজ্ঞায়ন; সোমবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ কৰা আৰাৱলী পৰ্বতমালাৰ নতুন সংজ্ঞাত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱাত সমগ্ৰ দেশতে সৃষ্টি হৈছে এক নতুন ৰাজনৈতিক বিতৰ্ক ।

ARAVALLI HILLS REDEFINED
জয়পুৰৰ আৰাৱলী পৰ্বতমালাৰ মনোৰম দৃশ্য ((File/ANI))
author img

By Sumit Saxena

Published : December 28, 2025 at 5:26 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: সোমবাৰে আৰাৱলী পাহাৰ আৰু পৰ্বতমালাৰ সৈতে জড়িত এক গোচৰৰ শুনানি গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ।

দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জে কে মহেশ্বৰী আৰু এ জি মছিহৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে ‘‘আৰাৱলী পাহাৰ আৰু পৰ্বতমালা আৰু আনুষংগিক বিষয়সমূহৰ সংজ্ঞা’’ শীৰ্ষক বিষয়টোৰ ন্যায়ালয়ে নিজাববীয়াকৈ লোৱা গোচৰৰ শুনানি গ্ৰহণ কৰিব ।

ওপৰত উল্লেখ কৰা চাৰিখন ৰাজ্যক সামৰি লোৱা আৰাৱলী পৰ্বতমালা পৃথিৱীৰ অন্যতম পুৰণি ভূতাত্ত্বিক গঠন । ইয়াৰোপৰিও ই ভাৰতৰ অন্যতম পুৰণি ভাঁজবিশিষ্ট পৰ্বতমালা । বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীৰে সমৃদ্ধ আৰু উত্তৰ ভাৰতৰ জলবায়ু আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় ।

কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ কৰা আৰাৱলী পৰ্বতমালাৰ নতুন সংজ্ঞাত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱাত সমগ্ৰ দেশতে সৃষ্টি হৈছে এক নতুন ৰাজনৈতিক বিতৰ্ক । বিৰোধীয়ে দাবী কৰিছে যে এই পদক্ষেপৰ ফলত দিল্লীৰ পৰা গুজৰাটলৈকে ৬৫০ কিলোমিটাৰ দৈৰ্ঘৰ পৰ্বতমালাত অনিয়ন্ত্ৰিত খনন আৰু পৰিৱেশৰ ক্ষতি হ’ব ।

উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আৰৱলী পৰ্বতমালাৰ নতুন সংজ্ঞাৰ বিৰূপ প্ৰভাৱ সন্দৰ্ভত অব্য়াহত আছে আলোচনা ৷ পৰিৱেশবিদসকলৰ মতে এই নতুন ব্যৱস্থা ৰূপায়ণে আৰাৱলী পৰ্বতমালাৰ সুৰক্ষাৰ ক্ষেত্ৰত ক্ষতি কৰিব পাৰে আৰু ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ কেৱল দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটতে নহয়, সমগ্ৰ হিমালয় অঞ্চলত অনুভৱ কৰিব পাৰি ।

নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে ১৩ অক্টোবৰৰ আৰাৱলী পৰ্বতমালাৰ পুনৰ সংজ্ঞাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল । এই সংজ্ঞা অনুসৰি ১০০ মিটাৰ বা তাতকৈ অধিক উচ্চতাৰ ভূ-ৰূপকহে আৰৱলী পৰ্তমালা বুলি গণ্য কৰা হ’ব । তদুপৰি যদি দুটা বা তাতকৈ অধিক পাহাৰ ইটোৱে সিটোৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত হয়, তেন্তে সেইবোৰকো আৰাৱলী পৰ্বতমালাৰ অংশ বুলি গণ্য কৰা হ’ব । কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই সংজ্ঞা স্থাপন কৰা হৈছিল ।

কিন্তু এই নতুন সংজ্ঞাৰ অধীনত ১০০ মিটাৰতকৈ কম উচ্চতাৰ অধিকাংশ পাহাৰ সংৰক্ষিত অঞ্চলৰ পৰা বাদ পৰিব বুলি পৰিৱেশবিদসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে । ইয়াৰ ফলত এই অঞ্চলসমূহত খনন, নিৰ্মাণ আৰু অন্যান্য বাণিজ্যিক কাম-কাজৰ বাট মুকলি হ’ব পাৰে বুলি তেওঁলোকে আশংকা কৰিছে । তদুপৰি যদি দুখন বা তাতকৈ অধিক পাহাৰ ইখন সিখনৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত হয়, তেন্তে সেইবোৰকো আৰাৱলী পৰ্বতমালাৰ অংশ বুলি গণ্য কৰা হ’ব । এই উদ্বেগৰ বাবেই সমগ্ৰ দেশৰ পৰিৱেশবিদসকলে #SaveAravali অভিযান আৰম্ভ কৰিছে ।

এই বিতৰ্কৰ মাজতে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে চলিত সপ্তাহৰ আৰম্ভণিতে কয় যে আৰাবলী পৰ্বতমালাত যিকোনো নতুন খনন, পট্টা প্ৰদানৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশনা জাৰি কৰিছে । কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই সংজ্ঞা নিৰ্ণয় কৰা হৈছিল ৷

লগতে পঢ়ক: আৰাৱলী পৰ্বতমালাৰ পুনৰ সংজ্ঞায়ন: আইনৰ উচ্চতাই পৰিৱেশগত বাস্তৱতাক আৱৰি ধৰিলে কি হয় ?