ETV Bharat / bharat

দুই বিদেশী মহিলাক বিতাড়ন : ১৬ জুলাইৰ ভিতৰত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ

বিদেশী ন্যায়াধীকৰণ আদালতৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ ৷ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰকে ধৰি অন্যান্যসকলক জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত বিচাৰিছে উত্তৰ ।

SC
প্ৰতিনিধিত্বমূলক ছবি (Getty Images)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 12:38 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: দুগৰাকী বিদেশী মহিলা ৷ এই মহিলা দুগৰাকীয়ে দীৰ্ঘদিনৰে পৰা ভাৰতত অবৈধভাৱে বাস কৰি আহিছিল ৷ পিছে মহিলা দুগৰাকী বিদেশী বুলি চিনাক্ত কৰি উলিয়ালে অসমৰ বিদেশী ন্যায়াধীকৰণ আদালতে ৷ তেতিয়াৰে পৰা দুয়োগৰাকী মহিলা ৰাজ্যখনৰ এটা শিবিৰত বন্দী অৱস্থাত আছে ৷

পিছে শেহতীয়াকৈ সলনি হৈছে প্ৰেক্ষাপট ৷ শুকুৰবাৰে দেশৰ সৰ্বোচ্চ আদালত উচ্চতম ন্যায়ালয়ে মহিলা দুগৰাকীক কেন্দ্ৰ কৰি এক নিৰ্দেশ জাৰি কৰে ৷ ন্য়ায়ালয়ে মহিলা দুগৰাকীৰ বিতাড়নত জাৰি কৰিছে স্থগিতাদেশ ৷ ন্যায়াধীশ বিক্ৰম নাথ আৰু ভি মোহনাৰে গঠিত বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে ৷

বিচাৰপীঠখনে নিৰ্দেশনা জাৰি কৰি কয়, ‘‘বিষয়টো সম্পৰ্কত জাননী জাৰি কৰা হৈছে ৷ যাৰ উত্তৰ ২০২৬ চনৰ ১৬ জুলাইৰ ভিতৰত দিব লাগিব । যদি আবেদনকাৰীসকল বন্দী হৈয়ে থাকে, তেন্তে শুনানিৰ পৰৱৰ্তী তাৰিখ অৰ্থাৎ ২০২৬ চনৰ ১৬ জুলাইলৈকে তেওঁলোকক বিতাড়িত কৰিব নোৱাৰিব ।’’

উল্লেখ্য যে, মহিলা দুগৰাকীৰ নাম ছালেহা খাতুন আৰু সৰভানু বেগম । উচ্চতম ন্যায়ালয়ৰ সন্মুখত আবেদনকাৰীসকলৰ হৈ অধিবক্তা ফুজাইল আহমেদ আয়ুবীয়ে যুক্তি দৰ্শায় ৷

এই বিচাৰপীঠে চাৰি সপ্তাহৰ ভিতৰত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰকে ধৰি বিভিন্ন দল-সংগঠনৰ পৰা চাৰি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে ।

উল্লেখ্য যে, ২০২৬ চনৰ ২ মাৰ্চৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত ৰখা হৈছে ৫০ বছৰীয়া নিৰক্ষৰ মহিলা সৰভানু বেগমক । মহিলাগৰাকীয়ে আদালতত কৰা আবেদনত উল্লেখ আছে যে দৰঙৰ বিদেশী ন্যায়াধিকৰণ আদালতে তেওঁক বিদেশী ঘোষণা কৰাৰ পিছত বিতাড়নৰ ৰায় প্ৰদান কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতৰ এই ৰায়ত সমৰ্থন জনায় ।

পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে উচ্চতম ন্য়ায়ালয়ৰ কাষ চাপে ৷ উক্ত আদালতত কৰা আবেদনখনত মহিলাগৰাকী অসমৰ নগাঁও জিলাৰ এখন গাঁৱৰ বাসিন্দা বুলি উল্লেখ কৰা গৈছে ৷ ১৯৭১ চনৰ পূৰ্বৰ নিৰ্বাচনী ৰেকৰ্ডত নাম উল্লেখ কৰা ভাৰতীয় পিতৃ-মাতৃৰ কন্যা বুলি ন্যায়াধিকৰণৰ সন্মুখত তেওঁ প্ৰমাণ দাখিল কৰিবলৈ সক্ষম হয় ।

তেওঁৰ আবেদনত দাবী কৰা হৈছে যে তেওঁৰ পিতৃ, ভোটাৰ তালিকা, গাঁওবুঢ়া আৰু গাঁও পঞ্চায়তৰ সৈতে জড়িত নথিপত্ৰ, এনআৰচিৰ উত্তৰাধিকাৰৰ সবিশেষ, পাৰিবাৰিক নিৰ্বাচনী নথিকে ধৰি প্ৰয়োজনীয় সকলো তথ্য দাখিল কৰি বাসস্থান আৰু বংশৰ ধাৰাবাহিকতাক প্ৰমাণ কৰিবলৈ সক্ষম হৈছে ৷

আবেদনকাৰী গৰাকী অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ এগৰাকী বিধৱা মহিলা আৰু পাৰিবাৰিক কাৰণতহে তেওঁ পৰিয়ালৰ পৰা পৃথকে বাস কৰিবলৈ লৈছিল বুলি আবেদনত উল্লেখ কৰা হৈছে ।

আবেদনখনত কোৱা হৈছে যে বাসস্থান আৰু বংশৰ ধাৰাবাহিকতা প্ৰতিষ্ঠা কৰিবলৈ তেওঁৰ পিতৃৰ এনআৰচিৰ লিগেচি সবিশেষ, ভোটাৰ তালিকা, গাঁওবুঢ়া আৰু গাঁও পঞ্চায়তৰ যাৱতীয় নথিপত্ৰ, পাৰিবাৰিক নিৰ্বাচনী নথিপত্ৰ আৰু ভগ্নীৰ মৌখিক সাক্ষ্যকে ধৰি তথ্যচিত্ৰৰ প্ৰমাণ বিদেশী ন্যায়াধিকৰণৰ সন্মুখত ইতিমধ্যে দাখিল কৰা হৈছে ।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচন: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ মনোনয়ন দাখিল