নাবালিকাৰ ইচ্ছাৰ বিৰুদ্ধে গৰ্ভধাৰণ কৰিবলৈ কোনো আদালতে বাধ্য কৰাব নোৱাৰে : উচ্চতম ন্য়ায়ালয়
কোনো আদালতে এগৰাকী মহিলাক বিশেষকৈ নাবালিকাক ইচ্ছাৰ বিৰুদ্ধে গৰ্ভধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰে ।

Published : April 24, 2026 at 8:23 PM IST
নতুন দিল্লী: নাবালিকাৰ গৰ্ভধাৰণ সম্পৰ্কত কঠোৰ স্থিতি উচ্চতম ন্যায়ালয়ৰ ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ ক্ষেত্ৰত গৰ্ভধাৰণ সন্দৰ্ভত ৰায়দান কৰে ৷ আদালতে চিকিৎসা পদ্ধতিৰ সহায়েৰে সাতমহীয়া গৰ্ভৱতী কিশোৰীগৰাকীক গৰ্ভধাৰণ শেষ কৰাৰ অনুমতি প্ৰদান কৰি কয় যে কোনো আদালতে এগৰাকী মহিলাক বিশেষকৈ নাবালিকাক ইচ্ছাৰ বিৰুদ্ধে গৰ্ভধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰে ।
ন্যায়াধীশ বি ভি বিচাৰপীঠে এইক্ষেত্ৰত কয় যে গৰ্ভধাৰণৰ সময়ত নাবালিকাগৰাকীৰ বয়স আছিল ১৫ বছৰ আৰু এই গৰ্ভধাৰণ আছিল অবাঞ্চিত । বিচাৰপীঠখনে লগতে কয় যে যিহেতু তেওঁ দুবাৰকৈ আত্মহত্যাৰ চেষ্টা চলাইছিল, সেয়ে এই গৰ্ভধাৰণ অব্যাহত ৰখাটো নাবালিকাগৰাকীৰ স্বাৰ্থৰ পৰিপন্থী নাছিল ৷
বিচাৰপীঠে লগতে কয় যে সাংবিধানিক নীতি অনুসৰি আদালতে জন্ম হ’বলগীয়া সন্তানৰ কল্যাণতকৈ গৰ্ভৱতী মহিলাৰ কল্যাণৰ সৈতে জড়িত পৰিস্থিতিহে বিবেচনা কৰি চোৱা উচিত । আদালতৰ এনে সিদ্ধান্ত মানি ল’ব নোখোজা লোকসকলৰ ক্ষেত্ৰত শাস্তিৰ বিধান আছে বুলিও বিচাৰপীঠে জানিবলৈ দিয়ে ৷ কোনোৱে এনে কৰিলে সন্তান জন্ম দিয়া পছন্দক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া সাংবিধানিক আৰু নীতিৰ বিৰুদ্ধে হ’ব ।
বিচাৰপীঠৰ আন এগৰাকী ন্যায়াধীশ উজ্জ্বল ভূঞাই এই কথাত গুৰুত্ব আৰোপ কৰে যে এনে গৰ্ভধাৰণ অব্যাহত ৰখাৰ ফলত নাবালিকাৰ মানসিক স্বাস্থ্য, শৈক্ষিক সম্ভাৱনা, সামাজিক অৱস্থান, সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে ৷ বিচাৰপীঠখনে কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত নিজৰ শৰীৰ সন্দৰ্ভত বিশেষকৈ প্ৰজনন সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰৰ ক্ষেত্ৰত ব্যক্তিগত স্বাধীনতা আৰু গোপনীয়তা অবিচ্ছেদ্য অংগ ।
বিশেষকৈ এইক্ষেত্ৰৰ সৈতে জড়িত কোনো গোচৰত নাবালিকা আৰু অবাঞ্চিত গৰ্ভাৱস্থাৰ সৈতে জড়িত বিষয়ত অযুক্তিকৰ নিষেধাজ্ঞা আৰোপ কৰি এই অধিকাৰক খণ্ডন কৰিব নোৱাৰি ৷ অবাঞ্চিত গৰ্ভধাৰণ কৰা মহিলাগৰাকীয়ে যদি গৰ্ভধাৰণ কৰি থাকিবলৈ বাধ্য হয়, তেন্তে তেওঁৰ সাংবিধানিক অধিকাৰ খৰ্ব হয় বুলিও বিচাৰপীঠখনে গুৰুত্ব আৰোপ কৰে ।
বিচাৰপীঠে লগতে কয় যে কোনো আদালতে এগৰাকী মহিলাক, বিশেষকৈ নাবালিকাক তেওঁৰ নিজৰ ইচ্ছাৰ বিৰুদ্ধে কৰা গৰ্ভধাৰণক কঢ়িয়াই নিবলৈ বাধ্য কৰাব নোৱাৰে । এনে চাপত কেৱল নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰক উলংঘা কৰাই নহয়, বৰং সন্তান জন্ম দিবলৈ বাধ্য হ’লে তেওঁ তীব্ৰ মানসিক, আবেগিক আৰু শাৰীৰিক আঘাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে ।
যদি গৰ্ভৱতীগৰাকীয়ে সন্তানটো ডাঙৰ-দীঘল কৰাৰ প্ৰতি আগ্ৰহী নহয়, তেন্তে তেওঁ সন্তানটোক দত্তক লোৱাৰ বাবে এৰি দিব পাৰে ৷ সেয়েহে তেওঁ সন্তানটো জন্ম দিব লাগিব বুলি আনে কোৱাটো সহজ বুলিও বিচাৰপীঠে কয় ।
বিচাৰপীঠে কয়, ‘‘এইটো এটা বিতৰ্কিত বিষয় হ'ব নোৱাৰে বিশেষকৈ এনেবোৰ ক্ষেত্ৰত য’ত জন্ম হ'বলগীয়া সন্তানটো অবাঞ্চিত । এনে পৰিস্থিতিত গৰ্ভৱতীগৰাকীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ নিৰ্দেশ দিলে আৰু এইদৰে গৰ্ভধাৰণ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিলে গৰ্ভৱতী মহিলাগৰাকীৰ কল্যাণ খৰ্ব কৰাহে হ’ব ৷’’
লগতে পঢ়ক: 'আপ' এৰিলে ৰাঘৱ চাড্ডাসহ ৭ সাংসদে, শীঘ্ৰে যোগ দিব বিজেপিত

