মহিলাক বিবাহ বিচ্ছেদৰ অধিকাৰ সন্দৰ্ভত হিন্দু আইনক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ
ভৰণ-পোষণৰ পিছত সহবাস নকৰাৰ বাবে কেৱল পত্নীক বিবাহ বিচ্ছেদ বিচৰাৰ অধিকাৰ প্ৰদান কৰা হিন্দু বিবাহ আইনৰ বিধানক প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ ।

Published : May 11, 2026 at 4:30 PM IST
নতুন দিল্লী: হিন্দু বিবাহ আইনৰ সাংবিধানিক বৈধতাক প্রত্যাহ্বান জনাই কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰে । এই বিধান অনুসৰি, স্বামীৰ বিৰুদ্ধে ভৰণ-পোষণৰ আদেশ দিয়াৰ পাছত এবছৰ বা ততোধিক সময় ধৰি সহবাস পুনৰ আৰম্ভ নোহোৱা পৰিস্থিতিত কেৱল পত্নীক বিবাহ বিচ্ছেদ বিচৰাৰ অধিকাৰ প্ৰদান কৰে ।
এই বিষয়টো দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰে গঠিত বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে উত্থাপন হয় । বিচাৰপীঠে আবেদনকাৰীক কয় যে পিআইএল (জনস্বাৰ্থ জড়িত গোচৰ)ৰ জৰিয়তে ব্যক্তিগত প্ৰতিশোধ পূৰণ নকৰিব । পিআইএলৰ ওপৰত শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি চিজেআয়ে কয়, "আশাকৰোঁ আপুনি কেৱল ভৰণ-পোষণৰ কাৰ্যবিধি চলাবলৈ আইনৰ অধ্যয়ন কৰা নাই ।"
বিচাৰপীঠে আইনৰ ছাত্ৰ জিতেন্দৰ সিঙে দাখিল কৰা এক আবেদনৰ শুনানি কৰি আছিল । এই শুনানিত ছাত্ৰজন ব্যক্তিগতভাৱে উপস্থিত হয় আৰু তেওঁ হিন্দু বিবাহ আইনৰ অধীনত বিবাহ বিচ্ছেদৰ বিধানসমূহৰ 'লিংগ নিৰপেক্ষতাৰ' ওপৰত ব্যাখ্যা বিচাৰে ।
হিন্দু বিবাহ আইন, ১৯৫৫ৰ ১৩(২)(iii) ধাৰাত ভৰণ-পোষণৰ আদেশ দিয়াৰ পিছত এবছৰ বা ততোধিক সময় ধৰি সহবাস পুনৰ আৰম্ভ নোহোৱাৰ ক্ষেত্ৰত কেৱল পত্নীক স্বামীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদ বিচৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে ।
মুখ্য ন্যায়াধীশে আবেদনকাৰীক প্ৰশ্ন কৰে যে তেওঁ ব্যক্তিগতভাৱে এই বিধানৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছে । ''আপুনি কেনেদৰে প্ৰভাৱিত হৈছে ? আপুনি ভাবে নেকি যে আপুনি সমগ্ৰ পুৰুষ জাতিক নেতৃত্ব দিয়ে ?'' মুখ্য ন্যায়াধীশৰ প্ৰশ্ন ।
আবেদনকাৰীয়ে উল্লেখ কৰে যে তেওঁ বিগত সাত-আঠ বছৰ ধৰি বৈবাহিক গোচৰৰ সৈতে জড়িত হৈ আছে । তেওঁ এই ব্যৱস্থা লিংগ নিৰপেক্ষ আৰু সকলোৰে বাবে সমানে উপলব্ধ হ’ব লাগে বুলি জোৰ দিয়ে । আনহাতে, বিচাৰপীঠে কয়, ''আপুনি এই পিআইএলৰ জৰিয়তে ব্যক্তিগত প্ৰতিশোধ ল'ব বিচাৰে ।''
''মই বিচাৰিছিলোঁ যে আপুনি এইটোৱেই স্বীকাৰোক্তি দিয়ক । আমি আপোনাৰ ওপৰত আদৰ্শগত জৰিমনা কিয় নলগাম ?'' মুখ্য ন্যায়াধীশৰ প্ৰশ্ন ।
ন্যায়াধীশ বাগচিয়ে কয় যে মহিলা আৰু শিশুৰ বাবে বিশেষ ব্যৱস্থা প্ৰণয়ন কৰিবলৈ বিধায়িনী দল যোগ্য আৰু সংবিধানৰ অধীনত তেনে কৰিবলৈ তেওঁলোকক ক্ষমতা প্ৰদান কৰা হৈছে ।
বিচাৰপীঠে কয় যে ৰাজ্যই মহিলা আৰু শিশুৰ বাবেও বিশেষ আইন প্ৰণয়ন কৰিব পাৰে । দাখিল কৰা তথ্যৰ শুনানিৰ পিছত বিচাৰপীঠে আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।

