ETV Bharat / bharat

ইউজিচিৰ নতুন নিয়মৰ বিৰুদ্ধে দাখিল কৰা আবেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

সাধাৰণ শ্ৰেণীক প্ৰতিষ্ঠানিক সুৰক্ষাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল । মুখ্য ন্যায়াধীশৰ নেতৃত্বত বিচাৰপীঠে গ্ৰহণ কৰিছে আবেদন ।

SC
ইউজিচিৰ নতুন নিয়মৰ বিৰুদ্ধে দাখিল কৰা আবেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ (Getty images)
author img

By PTI

Published : January 28, 2026 at 12:45 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : শেহতীয়াকৈ অধিসূচনা জাৰি কৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) নিয়মক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণৰ বাবে সাজু হৈছে উচ্চতম ন্যায়ালয় । মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে এই আবেদনৰ জৰুৰী শুনানি বিচৰা এগৰাকী অধিবক্তাই দাখিল কৰা আবেদন গ্ৰহণ কৰে । অধিবক্তাগৰাকীয়ে কয়, "সাধাৰণ শ্ৰেণীৰ বিৰুদ্ধে বৈষম্যৰ সম্ভাৱনা আছে । মোৰ গোচৰ 'ৰাহুল দেৱান এণ্ড অৰ্চ বনাম ইউনিয়ন'।" আবেদন গ্ৰহণ কৰি মুখ্য ন্যায়াধীশে কয়, "আমি জানো কি হৈছে । সমস্যা সমাধান হোৱাটো নিশ্চিত কৰিব লাগিব । আমি তালিকাভুক্ত কৰিম ।"

উল্লেখ্য যে যোৱা ১৩ জানুৱাৰীত অধিসূচনা জাৰি কৰা হৈছিল । সেই অনুসৰি জাতিগত বৈষম্যৰ অভিযোগ নিৰীক্ষণ আৰু সমতাক প্ৰসাৰিত কৰিবলৈ সকলো উচ্চ শিক্ষানুষ্ঠানে "ইকুইটি কমিটী" গঠন কৰাতো বাধ্যতামূলক । বিশ্ববিদ্যালয় অনুদান আয়োগ (উচ্চ শিক্ষা প্ৰতিষ্ঠানত সমতাৰ প্ৰসাৰ) নিয়মাৱলী, ২০২৬ত নিৰ্দেশ দিয়া হৈছে যে এই কমিটীসমূহত অন্যান্য পিছপৰা শ্ৰেণী (OBC), অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), বিশেষভাৱে সক্ষম ব্যক্তি আৰু মহিলাৰ সদস্যসকল অন্তৰ্ভুক্ত হ'ব লাগিব ।

এই নতুন নিয়মটোৱে ইউজিচি (উচ্চ শিক্ষানুষ্ঠানত ইকুইটিৰ প্ৰসাৰ) নিয়মাৱলী, ২০১২ৰ স্থান ল'ব, যি বহুলাংশে পৰামৰ্শমূলক প্ৰকৃতিৰ আছিল ।

ইফালে এই নিয়মৰ অধিসূচনা জাৰি কৰাৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ সাধাৰণ শ্ৰেণীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া হৈছে । বিভিন্ন স্থানত প্ৰতিবাদো হোৱা দেখা গৈছে । ইয়াক বাতিল কৰিবলৈও দাবী জনোৱা হৈছে । কিয়নো জাতিভিত্তিক বৈষম্যক কঠোৰভাৱে অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অ'বিচিৰ সদস্যৰ বিৰুদ্ধে বৈষম্য হিচাপেহে সংজ্ঞায়িত কৰা হৈছে বুলি অভিযোগ উঠিছে । অভিযোগনামাত কোৱা হৈছে যে 'জাতিভিত্তিক বৈষম্য'ৰ পৰিসৰ কেৱল অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অ'বিচি শ্ৰেণীত সীমাবদ্ধ কৰি ইউজিচিয়ে ফলপ্ৰসূভাৱে সাধাৰণ বা অসংৰক্ষিত শ্ৰেণীৰ ব্যক্তিসকলক প্ৰতিষ্ঠানিক সুৰক্ষা আৰু অভিযোগ নিৰাময়ৰ পৰা বঞ্চিত কৰিছে যিসকলেও নিজৰ জাতি পৰিচয়ৰ ভিত্তিত হাৰাশাস্তি বা পক্ষপাতিত্বৰ সন্মুখীন হ'ব পাৰে ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতিৰ ভাষণৰে আৰম্ভ সংসদৰ বাজেট অধিবেশন