ETV Bharat / bharat

বাঘ ছাফাৰী উপভোগৰে সপৰিয়ালে নৱবৰ্ষ পালন সাংসদ প্ৰিয়ংকা গান্ধীৰ

স্বামী ৰবাৰ্ট ভদ্ৰা, পুত্ৰ ৰাইহান, তেওঁৰ বাগদত্তা অবিভা বেইগ আৰু কন্যা মিৰায়া ভদ্ৰাৰ সৈতে ছাফাৰীৰ আনন্দ উপভোগ কৰে কেৰালাৰ কংগ্ৰেছ সাংসদগৰাকীয়ে ।

NEW YEAR 2026
বাঘ ছাফাৰী উপভোগৰে সপৰিয়ালে নৱবৰ্ষ পালন সাংসদ প্ৰিয়ংকা গান্ধীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 11:59 PM IST

2 Min Read
Choose ETV Bharat

ছাৱাই মাধোপুৰ(ৰাজস্থান): কেৰালাৰ ৱায়ানাডৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ২০২৬ চনৰ প্ৰথম দিনটো পৰিয়ালৰ সৈতে ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যানত পাৰ কৰে ।

সাংসদ প্ৰিয়ংকা গান্ধীয়ে স্বামী ৰবাৰ্ট ভদ্ৰা, পুত্ৰ ৰাইহান, বাগদত্তা অবিভা বেইগ আৰু কন্যা মিৰায়া ভদ্ৰাৰ সৈতে বাঘ ছাফাৰী উপভোগ কৰে । চাৰিখন ভিন্ন জীপত উঠি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিছিল পৰিয়ালটোৱে ।

প্ৰিয়ংকা আৰু পৰিয়ালটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰে । উদ্যানখনত প্ৰায় তিনি ঘণ্টা সময় কটায় প্ৰিয়ংকাসহ পৰিয়ালটোৱে ।

বাঘ ছাফাৰীৰ সময়ত ভদ্ৰা পৰিয়ালে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৩ নং জ’নত বাঘি ৰিদ্ধি টি-১২৪ ৰ পোৱালি দুটা দেখা পায় । প্ৰিয়ংকা গান্ধী, ৰবাৰ্ট ভদ্ৰা, তেওঁলোকৰ সন্তান আৰু আন সকলো অতিথিয়ে ইয়াকে দেখি ৰোমাঞ্চিত হৈ পৰে ।

বিগত তিনিদিন ধৰি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ হোটেল শ্বেৰবাগত আছে সাংসদগৰাকীৰ পৰিয়ালটো ৷ বাঘ ছাফাৰী উপভোগ কৰাৰ পিছত কটকটীয়া নিৰাপত্তাৰ অধীনতে পুনৰ শ্বেৰবাগ হোটেললৈ উভতি আহে ভদ্ৰা পৰিয়াল । ভদ্ৰা পৰিয়ালে হোটেলত নিশাটো কটোৱাৰ পিছত শুকুৰবাৰে নতুন দিল্লী অভিমুখে ৰাওনা হ’ব ।

সূত্ৰৰ পৰা জানিব পৰা মতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ইতিমধ্যে বৃহস্পতিবাৰে পুৱা দিল্লীলৈ ৰাওনা হৈছে । সেয়ে ৰাহুল গান্ধীয়ে ৰন্থাম্বোৰৰ বাঘ ছাফাৰীত অংশ লোৱা নাছিল ।

উত্তৰ ভাৰতৰ অন্যতম বৃহৎ আৰু বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান । ৰাজস্থানৰ সাৱাই মাধোপুৰ জিলাৰ জয়পুৰৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই উদ্যানখন ।

কংগ্ৰেছ সাংসদ প্ৰিয়ংকা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ কন্যা ।

লগতে পঢ়ক: উভতি চাওঁ ২০২৫ : জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত ভাৰতে লাভ কৰিলে নতুন উপ-ৰাষ্ট্ৰপতি