ETV Bharat / bharat

মদিনাতে অন্তেষ্টিক্ৰিয়া সম্পন্ন বাছ দুৰ্ঘটনাত নিহত ৪৬ ভাৰতীয়ৰ

ভাৰত চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি মদিনাৰ পবিত্ৰ জন্নত-উল-বাকি কবৰস্থানতে বাছ দুৰ্ঘটনাত নিহত ভাৰতীয়সকলৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

Umrah bus accident victims were laid to rest in Medina
মদিনাতে অন্তেষ্টিক্ৰিয়া সম্পন্ন বাছ দুৰ্ঘটনাত নিহত ৪৬ ভাৰতীয়ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 2:53 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ (তেলেংগানা) : ছৌদি আৰৱত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা হায়দৰাবাদৰ ৪৬ গৰাকী বাসিন্দাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন । শনিবাৰে মদিনাতে সম্পন্ন কৰা হয় ভাৰতীয় নাগৰিকসকলৰ অন্তেষ্টিক্ৰিয়া । হজৰত মহম্মদৰ পৰিয়ালৰ সহযোগী আৰু সদস্যসকলক সমাধিস্থ কৰা মদিনাৰ জন্নত-উল-বাকি কবৰস্থানতে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰা হয় । আচলতে ইছলামধৰ্মী লোকসকলে এই স্থানক অতি পবিত্ৰ বুলি গণ্য কৰে আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ অনুৰোধত ছৌদি চৰকাৰে তাত ভাৰতীয় নাগৰিকসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ সুযোগ প্ৰদান কৰিছে বুলি সংখ্যালঘু কল্যাণ মন্ত্ৰী মহম্মদ আজহাৰুদ্দিনে ঘোষণা কৰে ।

এক্সৰ এটা পোষ্টত আজহাৰুদ্দিনে লিখিছে, "আমাৰ বিশেষ অনুৰোধত নমাজ-ই-জুহৰৰ পিছত মছজিদ-ই-নবৱীত জানাজাৰ নামাজ অনুষ্ঠিত কৰা হয় । তাৰ পিছত মদিনা শ্বৰীফৰ জন্নত-উল-বাকিত সমাধিস্থ কৰা হয় । আল্লাহে বিদায়ী মগফিৰাত আৰু জান্নাতত সৰ্বোচ্চ স্থান প্ৰদান কৰক আৰু তেওঁলোকৰ পৰিয়ালক শক্তি আৰু ধৈৰ্য্য দিয়ক ।"

উল্লেখ্য যে ১৭ নৱেম্বৰৰ পুৱা উমৰা তীৰ্থযাত্ৰালৈ যোৱা এটা পৰিয়ালৰ ১৮ জন সদস্যকে ধৰি হায়দৰাবাদৰ মুঠ ৪৬ গৰাকী হজযাত্ৰীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল । যোৱা ৬ নৱেম্বৰত উমৰা তীৰ্থযাত্ৰাৰ বাবে জেদ্দালৈ যোৱা গ্ৰুপটোত আছিল ৫৪ গৰাকী সদস্য । ৯ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ মক্কা আৰু মদিনাৰ পবিত্ৰ স্থানসমূহ ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল তেওঁলোকৰ ।

জানিব পৰা মতে গ্ৰুপটোৰ ৪ সদস্য এখন বাহনত আছিল আৰু বাকী ৪৬ গৰাকী বাছত গৈ আছিল । মদিনাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা বাছখন তেল টেংকাৰৰ সৈতে খুন্দা মৰাৰ ফলত জ্বলি যায় । য'ত যাত্ৰীসকলো জীৱন্ত অগ্নিদগ্ধ হয় ।

মৃত লোকসকলৰ ভিতৰত আছে ২৮ গৰাকী মহিলা আৰু ১০ টা শিশু । নিহতসকলৰ ভিতৰত ১৬ গৰাকী মালেপল্লীৰ বাসিন্দা হোৱাৰ বিপৰীতে আন একাংশ টোলী চৌকী, তপ্পাচাবুতৰা, আছিফনগৰ আৰু গোছামহলৰ ।

এই দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী আজহাৰুদ্দিন, এআইএমআইএমৰ বিধায়ক মজিদ হুছিন আৰু সংখ্যালঘু শাখাৰ এজন বিষয়াৰে গঠিত চৰকাৰী প্ৰতিনিধি দল ছৌদি আৰৱলৈ যায় । মৃতদেহবোৰ চিনাক্ত কৰিব নোৱাৰাকৈয়ে জ্বলি যোৱাৰ বাবে প্ৰতিটো পৰিয়ালৰ দুজন সদস্যক ডি এন এ পৰীক্ষাৰ বাবে তেওঁলোকে লগত লৈ যায় । শনিবাৰে ডি এন এ পৰীক্ষা সম্পূৰ্ণ কৰি মৃতকৰ আত্মীয়ক মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পিছত ছৌদি চৰকাৰে মৃতদেহ পৰিয়ালক গতাই দিয়ে ।

ভাৰত চৰকাৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰেৰণ কৰা প্ৰতিনিধি দলৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰে মদিনাৰ মূল মছজিদত নামাজ আদায় কৰি মৃতকৰ আত্মাৰ বাবে দোৱা কৰে । পিছত মৃতদেহকেইটা জন্নত-উল-বাকিত শেষকৃত্য সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :ছৌদি আৰৱত ভয়ংকৰ বাছ দুৰ্ঘটনা: ৪০ৰো অধিক ভাৰতীয়ৰ মৃত্যু