যৌনাংগত চেনিটাইজাৰ ঢালি অগ্নিসংযোগৰ চেষ্টা : লিভ ইন পাৰ্টনাৰৰ নিৰ্যাতনৰ সন্মুখীন ত্ৰিপুৰাৰ ছাত্ৰী
বিবাহ সম্পৰ্কীয় বিষয়ক কেন্দ্ৰ কৰি নৃশংস আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত গুৰুগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক ।

Published : February 22, 2026 at 3:00 PM IST
গুৰুগ্ৰাম : লিভ ইন পাৰ্টনাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ত্ৰিপুৰাৰ ছাত্ৰীৰ ৷ ত্ৰিপুৰাৰ এগৰাকী ১৯ বছৰীয়া ছাত্ৰীয়ে হাৰিয়ানাৰ গুৰুগ্ৰামত একেলগে বাস কৰা সংগীৰ বিৰুদ্ধে নিজৰ ব্যক্তিগত অংশত চেনিটাইজাৰ ঢালি অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে শিৱম নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ।
আৰক্ষী বিষয়াসকলে এই ঘটনা বাদশ্বাহপুৰ থানা এলেকাত সংঘটিত হোৱা বুলি জানিবলৈ দিছে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ১৯ ফেব্ৰুৱাৰীৰ নিশা আৰক্ষীয়ে গোচৰ ৰুজু কৰে । আৰক্ষীয়ে কয় যে যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত কেইবাটাও গুৰুতৰ ধাৰা আৰোপ কৰি তদন্ত অব্যাহত ৰখা হৈছে ।
যুৱতীগৰাকী বায়’টেকন’ল’জী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি গুৰুগ্ৰামৰ ৬৯ নং ছেক্টৰৰ পি জিত বাস কৰি আহিছিল বুলি আৰক্ষীয়ে জনায় ৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ নাৰেলাৰ বাসিন্দা শিৱমৰ সৈতে অনলাইন এপৰ জৰিয়তে চিনা-পৰিচয় ঘটিছিল যুৱতীগৰাকীৰ ৷
Haryana: FIR registered in Gurugram against a man, Shivam, after her allegedly set the private parts of his 19-year-old live-in partner on fire after pouring sanitiser on her and shot her video during the act. The FIR, registered on the basis of her statement, states that he was…
— ANI (@ANI) February 21, 2026
নিয়মীয়া যোগাযোগৰ পিছত সঘনে সাক্ষাৎ কৰিবলৈ ধৰিলে দুই যুৱক-যুৱতীয়ে ৷ আনকি বিবাহৰ প্ৰতিশ্ৰুতিৰে শিৱমে যুৱতীগৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰাৰো উত্থাপিত হৈছে অভিযোগ ৷ পৰৱৰ্তী সময়ত দুয়োৱে একেলগে গুৰুগ্ৰামত বাস কৰিবলৈ লয় ৷
আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি যুৱতীগৰাকীক সন্দেহৰ চকুৰে চোৱা শিৱমে লাহে লাহে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে ৷ বিগত ১৬ ফেব্ৰুৱাৰীত বিবাহক কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু কাজিয়াৰ পিছত যুৱকজনে কোনো ধাতুৰ বটলেৰে যুৱতীগৰাকীক আক্ৰমণ কৰাৰ লগতে শাৰিৰীকভাৱে প্ৰহাৰ কৰে ৷
কেৱল এয়াই নহয়, যুৱতীগৰাকীৰ যৌনাংগত চেনিটাইজাৰ ঢালি অগ্নিসংযোগ কৰাৰ চেষ্টা কৰা বুলি যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷ যুৱতীগৰাকীৰ ভৰি দুখনত দাৰে আক্ৰমণ কৰি আঘাত কৰাৰ ভাবুকি দিছিল শিৱমে, যাতে তেওঁ দুনাই খোজকাঢ়িব নোৱাৰে ।
আনহাতে, অভিযুক্তই যুৱতীগৰাকীৰ নগ্ন ভিডিঅ’ ৰেকৰ্ডিং কৰা বুলিও আৰক্ষীক জনায় । ১৮ ফেব্ৰুৱাৰীৰ নিশা যুৱতীগৰাকীয়ে যিকোনো প্ৰকাৰে অভিযুক্তৰ ফোন ব্যৱহাৰ কৰি মেছেজৰ জৰিয়তে মাকক সমগ্ৰ ঘটনা অৱগত কৰে ৷ লগে লগে মাকে জৰুৰীকালীন হেল্পলাইন নম্বৰ ১১২ ত ফোন কৰে আৰু তাৰপিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগীক উদ্ধাৰ কৰে ।
ভুক্তভোগীক প্ৰথমে গুৰুগ্ৰামৰ দশম খণ্ডৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত তেওঁক সংকটজনক অৱস্থাত দিল্লীৰ ছফদৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হয় । চিকিৎসকে তেওঁক সুস্থ বুলি ঘোষণা কৰাৰ পিছত আৰক্ষীয়ে ভাষ্য লিপিবদ্ধ কৰে । গুৰুগ্ৰাম আৰক্ষীৰ মুখপাত্ৰ সন্দীপ কুমাৰে কয় যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
লগতে পঢ়ক: SIRৰ পিছত ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ সংখ্যা ১.৭০ কোটিলৈ হ্ৰাস

