ETV Bharat / bharat

দেশজুৰি ইউ চি চি নিয়ম ৰূপায়ণৰ পোষকতা আৰ এছ এছ মুৰব্বীৰ

সমাজখনক একত্ৰিত কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি আৰ এছ এছ মুৰব্বী ভাগৱতে ইউ চি চিক প্ৰশংসা কৰে ৷

RSS Chief Bhagwat
আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত (PTI)
author img

By ETV Bharat Assamese Team

Published : February 24, 2026 at 11:56 AM IST

2 Min Read
Choose ETV Bharat

ডেৰাডুন (উত্তৰাখণ্ড) : উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত ৷ ৰাজ্যখনত কাৰ্যকৰী হোৱা ইউনিফৰ্ম চিভিল কোড(ইউ চি চি) নিয়ম সমগ্ৰ দেশত প্ৰযোজ্য হোৱাৰ পোষকতা কৰে আৰ এছ এছৰ মুৰব্বী ভাগৱতে ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে উত্তৰাখণ্ডত আয়োজিত প্ৰাক্তন সেনাবাহিনীৰ এক আলোচনা সন্মিলনত অংশগ্ৰহণ কৰে মোহন ভাগৱতে ৷ অনুষ্ঠানটোত দিয়া বক্তব্যত ভাগৱতে কয়, ‘‘ইউ চি চি কাৰ্যকৰী হ’লে বহুত ভাল কথা হ’ব... ৷ সমগ্ৰ দেশতে কাৰ্যকৰী হ’লে আৰু ভাল হ’ব ৷ উত্তৰাখণ্ডৰ দৰেই ইয়াক কাৰ্যকৰী কৰা উচিত বুলি মোৰ বিশ্বাস ।’’

বিগত বৰ্ষৰ ২৭ জানুৱাৰীত ইউ জি চি(UGC) নিয়ম কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত হৈছিল উত্তৰাখণ্ড । আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে ইউ চি চিক প্ৰশংসা কৰি কয় যে এয়া সমাজ একত্ৰিত কৰাৰ বাবে অপৰিহাৰ্য । উত্তৰাখণ্ডত এই প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰাৰ পিছত ইয়াক ৰাজহুৱা আলোচনাৰ বাবে ৰখা হৈছিল ৷ তাৰ পিছতে প্ৰায় ৩ লাখ লোকৰ পৰামৰ্শ লাভ কৰিছিল চৰকাৰে, যিবোৰ বিবেচনাৰ মাধ্যমৰে গ্ৰহণ কৰা হৈছিল ।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সমস্যা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি ভাগৱতে কয় যে বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

অৱসৰপ্ৰাপ্ত প্ৰবীণ সৈনিক, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াসকলৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে যদিও দেশ স্বাধীন, তথাপিও স্বাধীনতা ৰক্ষাৰ বাবে প্ৰতিৰক্ষা বাহিনীৰ প্ৰয়োজনীয়তা সদায় থাকিব ।

তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কোনো বাহ্যিক সম্পদ অবিহনে প্ৰতিষ্ঠা কৰা হৈছিল আৰু দুবাৰকৈ কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পিছতো সমাজৰ আত্মবিশ্বাসৰ বলত ক্ৰমাগতভাৱে আগবাঢ়ে । ভাগৱতে প্ৰবীণ সৈনিকসকলক সংঘৰ শিবিৰ আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় যাতে তেওঁলোকে স্বেচ্ছাসেৱকৰ নিষ্ঠাবান কামৰ সাক্ষী হ’ব পাৰে ৷ তদুপৰি তেওঁলোকৰ আগ্ৰহ আৰু সামৰ্থ অনুসৰি সেৱামূলক কাম-কাজত জড়িত হ’ব পাৰে ।

লগতে পঢ়ক: ৰোগী কঢ়িয়াই নিয়া এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত, ৭ গৰাকীৰ মৃত্য়ু