ETV Bharat / bharat

ৰাম মন্দিৰৰ চুৰি হোৱা অনুদান ৰাজনৈতিক বিভাজনৰ কামত ব্যৱহাৰ হৈছে : সঞ্জয় ৰাউত

ৰাম মন্দিৰৰ অনুদান আত্মসাৎ সন্দৰ্ভত বিস্ফোৰক অভিযোগ শিৱসেনাৰ (ইউটিবি) সাংসদ সঞ্জয় ৰাউতৰ ।

Sanjay Raut on Ram Mandir donation row
ৰাম মন্দিৰৰ চুৰি হোৱা অনুদান ৰাজনৈতিক বিভাজনৰ কামত ব্যৱহাৰ হৈছে : সঞ্জয় ৰাউত (ANI)
author img

By ANI

Published : June 26, 2026 at 2:39 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই (মহাৰাষ্ট্ৰ): ৰাম মন্দিৰৰ অনুদান বিতৰ্ক সন্দৰ্ভত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতৰ বিস্ফোৰক মন্তব্য । ৰাম মন্দিৰ ন্যাসৰ পৰা ২০০০ কোটি টকা লুণ্ঠন কৰি কি কাম ব্যৱহাৰ কৰা হৈছে সেই সন্দৰ্ভত যুক্তি দিলে সাংসদগৰাকীয়ে । তেওঁৰ অভিযোগ এই বৃহৎ পৰিমাণৰ চুৰি ধন তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু শিৱসেনা (ইউটিবি)ৰ ৰাজনৈতিক বিভাজনৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

ৰাম মন্দিৰৰ অনুদান আত্মসাতৰ অভিযোগত ৮ জন লোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভতো তেওঁ কয় যে মূল দোষীসকল এতিয়াও ন্যাসত কাম কৰি আছে । এক সংবাদমেলত ৰাউতে কয়, "মূল দোষী এতিয়াও ন্যাসত কাম কৰি আছে । যিসকলে নিজকে 'হিন্দুত্ববাদী' বুলি ভাবে তেওঁলোকে মন্দিৰৰ পৰা কোটি কোটি টকা চুৰি কৰে আৰু এই ধন ৰাজনীতিত ব্যৱহাৰ কৰে, য'ত আপুনি সাংসদ ক্ৰয় কৰি ৰাজনৈতিক দল বিভাজিত কৰিবলৈ ব্যৱহাৰ কৰে । আপুনি ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ২০০০ কোটি টকা টিএমচি, শিৱসেনা (ইউবিটি)ৰ সাংসদক বিভাজিত কৰিবলৈ ব্যৱহাৰ কৰিছিল ।"

ৰাম মন্দিৰৰ অনুদান আত্মসাৎ সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিছতে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদগৰাকীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । কেৱল এয়াই নহয় ৰাম মন্দিৰৰ নামত শিৱসেনাই দান কৰা ৪ কেজি ওজনৰ ৰূপ ইটা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে ৰাউতে । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, "অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শিৱসেনাই দান কৰা ৪ কেজি ওজনৰ ৰূপৰ ইটা হেৰুওৱাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে । উদ্ধৱ থাকৰে জীয়ে ১ কোটিৰো অধিক মূল্যৰ এই পবিত্ৰ ৰূপৰ ইটাটো হাজাৰ হাজাৰ শিৱ ভক্ত আৰু সন্তসকলৰ উপস্থিতিত আগবঢ়াইছিল । তথাপিও বছৰ বছৰ ধৰি ট্ৰাষ্টৰ পৰা কোনো ৰচিদ বা আপডেট পোৱা নগ'ল । ক'লৈ গ'ল ? সম্পূৰ্ণ তদন্ত হ'ব লাগে !"

ইফালে উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশত ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) ধাৰা ৩০৬, ৩১৬(৫), ৩১৭(৪),৩১৭(৫),৬১ আৰু ৩(৫)কে ধৰি একাধিক ধাৰাৰ অধীনত গোচৰ দাখিল কৰা হৈছে । এজাহাৰত উল্লেখ কৰা অভিযুক্তসকলৰ ভিতৰত অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, অবিনাশ শুক্লা, তিন্নু যাদৱ, মনীষ যাদৱ আদি আছে ।

অযোধ্যাৰ প্ৰাক্তন বিধায়ক পৱন পাণ্ডেৰ অভিযোগৰ পিছতে এই ঘটনা পোহৰলৈ আহিছিল । তেওঁ দাবী কৰিছিল যে ৰাম মন্দিৰৰ ৭-৭.৫ কোটি টকাৰ অনুদান অপব্যৱহাৰ কৰা হৈছে । এই দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ অনুৰোধৰ ভিত্তিত ১৪ জুনত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে তিনিজনীয়া এছআইটি গঠন কৰে ।

ইফালে আদালতৰ নিৰীক্ষণত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত নতুনকৈ আবেদন দাখিল কৰা হয় । এই আবেদনত গোচৰ পঞ্জীয়ন আৰু চিবিআই নেতৃত্বাধীন এছআইটি গঠন কৰি শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ কাম-কাজ আৰু প্ৰশাসন সন্দৰ্ভত লুণ্ঠন হোৱা ধন, আৰ্থিক অনিয়ম আৰু অন্যান্য কথিত কেলেংকাৰীৰ তথ্যৰ ওপৰত তদন্ত বিচৰা হৈছে ।

লগতে পঢ়ক :

ৰাম মন্দিৰৰ অনুদান বিতৰ্ক, এছআইটিৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল