ঘোঁৰাৰ পিঠিত নহয়, ৰ’লছ ৰয়ছ বাহনত হ’ব দৰাৰ এণ্ট্ৰী
বিয়াত দৰাই কইনাক বিভিন্ন বাহনত ঘৰলৈ অনা আপুনি নিশ্চয় দেখিছে ৷ পিছে ৰ’লছ ৰয়ছ বাহনত কইনাক অনা দেখিছেনে বাৰু ?

Published : January 22, 2026 at 6:52 PM IST
চট্টৰপুৰ (মধ্য প্ৰদেশ) : বিয়া বুলি ক'লেই সকলোৰে মনত জাগি উঠে এক শিহৰণ তথা অনন্য অনুভূতি । কাৰোবাৰ যদি ডেষ্টিনেচন ৱেডিং, আন কোনোবাই আকৌ তেওঁলোকৰ বিয়াৰ বাবে এক নিৰ্দিষ্ট বিষয়বস্তু অনুসৰণ কৰা দেখা যায় । এই বিবাহকাৰ্য আকৌ বহুতে ব্যতিক্ৰমী ৰূপত সমাপন কৰিব বিচাৰে যাতে জীৱনৰ বিশেষ দিনটো সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰয় ।
পিছে আপুনি বাৰু নিজৰ বিয়াখনৰ বাবে কিবা নতুন পৰিকল্পনা কৰিছে নেকি ? যদিহে কৰা নাই তেন্তে আপোনাৰ বাবে এই প্ৰতিবেদন লাভদায়ক হ'ব পাৰে ।

এতিয়া যাওঁ আহক মধ্যপ্ৰদেশলৈ । মধ্যপ্ৰদেশ বুণ্ডেলখণ্ডত আজিও পৰম্পৰাগত ৰীতি-নীতিৰেই বিয়া অনুষ্ঠিত হয় । দৰা ঘোঁৰাত উঠি কইনাৰ ঘৰলৈ যায় আৰু দৰাই কইনাক লৈ সাধাৰণতে গাড়ী বা আন বাহনেৰে নিজৰ ঘৰলৈ উভতে ।
কিন্তু এইবাৰৰ পৰা চট্টৰপুৰ জিলাৰ দৰাবোৰে বিশেষ চিন্তাৰ কৰাৰ কাৰণ নাই । জীৱনৰ লগৰী গৰাকীক আনিবলৈ হ'লে কেৱল সাধাৰণ গাড়ীত নহয় বৰঞ্চ বিশ্বৰ অন্যতম বিখ্যাত বিলাসী ভিণ্টেজ গাড়ী ৰ’লছ ৰয়ছত লৈ আহিব পাৰিব ।
সম্ভৱতঃ এইখনেই বুণ্ডেলখণ্ডৰ একমাত্ৰ ৰ’লছ ৰয়ছ গাড়ী । এই গাড়ীত দৰা-কইনা আহিলে হয়তো বাটৰুৱায়ো ৰৈ এপাক হ'লেও ঘূৰি চাব ।
- বিশ্বৰ অন্যতম দামী গাড়ী ৰ’লছ ৰয়ছ
এই গাড়ীখন বিশ্বৰ অন্যতম দামী গাড়ী বুলি গণ্য কৰা হয় । চট্টৰপুৰৰ দৰাই এই বিলাসী গাড়ীত নিজৰ কইনাক লৈ ঘৰলৈ আহিব পাৰিব । ইতিমধ্যে ইয়াৰ প্ৰি-বুকিং আৰম্ভ হৈছে ।
এসময়ত ব্ৰিটিছ সম্ভ্ৰান্ত লোকৰ ৰাজকীয় বাহন বুলি গণ্য কৰা ৰ’লছ ৰয়ছখন এতিয়া বুণ্ডেলখণ্ডত বিবাহ শোভাযাত্ৰা আৰু কইনাৰ বিদায়ত দেখা যাব ।

- অজয় আৰু শংকৰে ৰাইজৰ সপোন পূৰণ কৰিব
দামী গাড়ীত যাত্ৰা কৰাৰ ইচ্ছা সকলোৰে, কিন্তু কোটি টকাৰ ৰ’লছ ৰয়ছ গাড়ীৰ মালিক হোৱাৰ কথা সাধাৰণ লোকৰ বাবে এক সপোন সদৃশ কথা । কিন্তু সেই সপোন বাস্তৱায়িত কৰাৰ দায়িত্ব লৈছে এটা বিবাহ ভৱনৰ মালিক অজয় লাল আৰু শংকৰ লাল পাটোৱাই । অজয় আৰু শংকৰে কয় যে দুখীয়া ছোৱালীৰ বিয়ালৈ এই গাড়ীখন বিনামূলীয়াকৈ পঠাব, যাতে তেওঁলোকেও নিজৰ বিবাহৰ শেষ মুহূৰ্তকণো ভালদৰে উদযাপন কৰিব পাৰে ।
- ভিণ্টেজ ৰ’লছ ৰয়ছ গাড়ীৰে আহিব দৰা
বুণ্ডেলখণ্ডৰ চট্টৰপুৰত এতিয়াও ঘোঁৰাত উঠি বা পৰিয়ালৰ গাড়ীৰে দৰা কইনাৰ ঘৰলৈ অহাৰ প্ৰথা আছে । এই পৰম্পৰা বহুদিনৰ পৰাই চলি আহিছে যদিও এতিয়া বিয়াখনক ৰাজকীয় আৰু স্মৰণীয় কৰি তুলিবলৈ স্থানীয় শ্বেহনাই বাগিচাৰ পৰিচালকসকলে বিশদ প্ৰস্তুতি চলাইছে । দৰাক কইনাৰ ঘৰলৈ লৈ যোৱা হ’ব এখন বিলাসী ভিণ্টেজ ৰ’লছ ৰয়ছ গাড়ীৰে, যিটো চাবলগীয়া দৃশ্য হৈ ৰ’ৱ ।

চট্টৰপুৰৰ শ্বেহনাই গাৰ্ডেনৰ মেনেজাৰ অনিল ছোনীয়ে কয়, "ৰাজস্থানৰ পৰা অনা এই বিলাসী গাড়ীখন মডিফাই কৰিবলৈ প্ৰায় ১৫ লাখ টকা খৰচ হৈছিল । এই গাড়ীখন নিজৰ ঐতিহ্যৰ বাবে বিখ্যাত । ইয়াৰ উপৰিও ইয়াৰ এটা বিশেষ হৰ্ণ আছে, যিটো ৰে’লৰ হৰ্ণৰ দৰে শুনা যায় আৰু ড্ৰাইভাৰৰ দৰ্জাৰ ওচৰতে স্থাপন কৰা হৈছে ।"
তেওঁ আৰু কয়, "এখন বিয়াৰ বাবে এই গাড়ীৰ ভাৰা ২০ হাজাৰ টকা ধাৰ্য কৰা হৈছে । আনহাতে এই গাড়ীখন দুখীয়া পৰিয়ালৰ বিয়াৰ বাবে একেবাৰে বিনামূলীয়া হ’ব ।"

চট্টৰপুৰৰ ৰাইজে ৰজাঘৰীয়া যাত্ৰা উপভোগ কৰিব পাৰিব
বিবাহ ঘৰৰ মালিক অনিল ছোনীয়ে কয়, "আমি এখন ভিণ্টেজ ৰ'লছ ৰয়ছ লৈ আহিছো, যিখন বিয়াৰ বাবে ব্যৱহাৰ কৰা হ'ব । ধৰ্মীয় অনুষ্ঠানকে ধৰি সকলো শ্ৰেণীৰ দৰা-কইনাই ইয়াক ব্যৱহাৰ কৰিব পাৰিব । যিসকলে বিলাসী গাড়ী ভালপায়, কিন্তু ইয়াৰ সামৰ্থ নাই, তেওঁলোকৰ বাবে ই অতি কম দামত উপলব্ধ হ'ব ।"

