ETV Bharat / bharat

যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত নিহত ৫, আহত ২০

বাছখনত ২৫ জনতকৈ অধিক যাত্ৰী আছিল আৰু তিনিজন সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছে ৷ প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ ৷

BUS AND BULK CARRIER COLLISION
যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত নিহত ৫, আহত ২০ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 3, 2026 at 7:24 AM IST

3 Min Read
Choose ETV Bharat

ৰেৱা : মধ্য প্ৰদেশৰ ৰেৱা-সিধি পথত এখন যাত্ৰীবাহী বাছ আৰু ডাম্পাৰ ট্ৰাকৰ সংঘৰ্ষত ৫ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২০ জন লোক আহত হয় ৷

স্থানীয় ৰাইজৰ মতে, ৰেৱাৰ পৰা সিধিলৈ যোৱা এখন বাছ আৰু বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰ ট্ৰাকখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখন বাগৰি কিছু দূৰৈত ছিটিকি পৰে, আনহাতে বাছখন পুখুৰীৰ দাঁতিৰ ওচৰত বাগৰি পৰে ৷

বুধবাৰে সন্ধিয়া এই দুৰ্ঘটনা সংঘটিত হয় ৷ স্থানীয় লোকে জনোৱা মতে, বাছখনে বিয়লি প্ৰায় ৩:৩০ বজাত যাত্ৰীসহ সিধি জিলালৈ ৰাওনা হৈছিল আৰু প্ৰায় দুঘণ্টাৰ পিছত বাছখন বদৱাৰৰ ওচৰ পোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা নিয়ন্ত্ৰণহীন ডাম্পাৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি তেওঁৰ সমবেদনা জ্ঞাপন কৰে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত এক বিবৃতি প্ৰকাশ কৰি কয়, "মধ্যপ্ৰদেশৰ ৰেৱাত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই পেলোৱাটো অতি মৰ্মান্তিক ৷ যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জনাইছো আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ৷"

দুৰ্ঘটনাৰ সময়ত বাছখনত ২৫ জনতকৈ অধিক যাত্ৰী আছিল ৷ তিনিজন যাত্ৰীক আই চি ইউত ভৰ্তি কৰা হৈছে ৷ ৰেৱা-সিধি পথত সংঘটিত হোৱা বাছ দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰী মোহন যাদৱেও শোক প্ৰকাশ কৰে ৷ যাদৱে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰু গুৰুতৰভাৱে আহতসকলৰ বাবে ১ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে ৷

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে আৰু লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আহতসকলক এম্বুলেঞ্চেৰে ৰেৱাৰ সঞ্জয় গান্ধী চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে জনোৱা মতে, বিতং তদন্তৰ অন্ততহে ইয়াৰ সঠিক কাৰণ নিৰ্ণয় কৰা হ’ব ৷ দুৰ্ঘটনা সন্দৰ্ভত শ্যাম শ্বাহ মেডিকেল কলেজৰ ডাঃ সুনীল আগৰৱালাই কয়, "সঞ্জয় গান্ধী হাস্পতালত ষোল্লজন যাত্ৰীক ভৰ্তি কৰা হৈছে ৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৷"

লগতে পঢ়ক : ক্ষেত্ৰীৰ ট্ৰেভেলাৰ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৭ জনৰ মৃত্যু, আহত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ত চিকিৎসাধীন

জন্মদিন উদযাপন কৰি ওভতোতেই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ৭ জনৰ

পথৰ পৰা দ খাৱৈত বাগৰিল বাহন, থিতাতে নিহত ৬ জন