এচি বিস্ফোৰিত হৈ প্ৰাণ ল’লে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়াৰ
বিষয়াগৰাকীয়ে দেশৰ বহু গুৰুত্বপূৰ্ণ বিভাগত সেৱা আগবঢ়াইছিল ৷ তেওঁৰ মৃত্যু সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Published : May 29, 2026 at 10:58 PM IST
নতুন দিল্লী: ৰাজধানী দিল্লীৰ হাউজ খাছ অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ এই ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী অৱসৰপ্ৰাপ্ত আইএএছ বিষয়াই ৷ বিষয়াগৰাকীৰ ঘৰত থকা এচিৰ ইনড’ৰ ইউনিটত বিস্ফোৰণ ঘটাত বিষয়াগৰাকীৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয় আৰু তেওঁ মৃত্যুমুখত পৰে ৷
অগ্নিকাণ্ডটোৰ ফলত ওলোৱা ক’লা ধোঁৱাই ৮০ বছৰীয়া অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ধনেন্দ্ৰ কুমাৰৰ বাসগৃহটো নিমিষতে ছানি ধৰে ৷ যাৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে প্ৰাক্তন আইএএছ বিষয়াগৰাকীৰ ৷ তেওঁৰ ৩০ বছৰীয়া পুত্ৰও সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

বুধবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা
বুধবাৰে নিশা প্ৰায় ১১.১৮ বজাত হাউজ খাছ আৰক্ষীয়ে হাউজ খাছস্থিত আৰ-১৫ এলেকাৰ এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰে । লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল । খবৰ অনুসৰি তলৰ মহলাত থকা এচিৰ ইনড’ৰ ইউনিটত হোৱা বিস্ফোৰণৰ পিছতে জুইৰ সূত্ৰপাত ঘটে আৰু সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আগুৰি ধৰে ।
Delhi: In South Delhi’s Hauz Khas area, a massive fire broke out late Wednesday night in house R-15 due to a short circuit. In the incident, 80-year-old retired IAS officer Dhanendra Kumar died of suffocation caused by smoke inhalation. pic.twitter.com/yZEX60EX3N
— IANS (@ians_india) May 28, 2026
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে । ঘৰটোৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে । অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ধনেন্দ্ৰ কুমাৰ আৰু তেওঁৰ পুত্ৰক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততালিকে এইমছ ট্ৰ’মা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় ।
অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ধনেন্দ্ৰ কুমাৰৰ মৃত্যু
অৱশ্যে চিকিৎসাধীন অৱস্থাতে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে ৮০ বছৰীয়া ধনেন্দ্ৰ কুমাৰৰ ৷ আনহাতে, তেওঁৰ পুত্ৰই চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে ৷ তাৎপৰ্যপূৰ্ণভাৱে বিষয়াগৰাকীৰ পত্নী আৰু দুগৰাকী ঘৰুৱা সহায়কক অভিযানকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
ওচৰ-চুবুৰীয়াই জনোৱা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত পৰিয়ালটোৰ লোকসকল নিজৰ নিজৰ কোঠাত ব্যস্ত আছিল । হঠাৎ এটা প্ৰচণ্ড শব্দৰ সৃষ্টি হয় আৰু কিছু মুহূৰ্তৰ ভিতৰতে ঘৰটো ধোঁৱাৰে ভৰি পৰে । স্থানীয় লোকে লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷
STORY | Delhi: Retired IAS officer dies in Hauz Khas house fire; AC blast suspected
— Press Trust of India (@PTI_News) May 29, 2026
An 80-year-old retired IAS officer died while his son sustained injuries after a fire broke out at a house in south Delhi's Hauz Khas area, police said on Thursday.
The deceased was identified… pic.twitter.com/pvbotYeQJt
অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ধনেন্দ্ৰ কুমাৰে সমগ্ৰ দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগত কাৰ্যনিৰ্বাহ কৰিছিল । সম্প্ৰতি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে এচি ইউনিটটোৰ কেনেকৈ বিস্ফোৰণ ঘটিল, তদুপৰি অগ্নিকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ বিচাৰি তদন্ত অব্যাহত ৰাখিছে ।
সংবাদ সংস্থা এএনআইৰ মতে, আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে ৷ আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীৰ ধাৰাভাষ্য লিপিবদ্ধ কৰি এয়া কোনো পূৰ্বপৰিকল্পিত ঘটনা নহয় বুলি সদৰী কৰিছে ৷ অৱশ্যে অধিক তথ্য লাভৰ আশাৰে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

