লালকিল্লাত বিস্ফোৰণ : বিস্ফোৰণৰ তিনি ঘণ্টা পূৰ্বে লালকিল্লাৰ পাৰ্কিং লটলৈ আহে গাড়ীখন, ধৰা পৰিছে CCTV ফুটেজত
CCTV ফুটেজৰ তথ্য মতে, সোমবাৰে বিয়লি প্ৰায় ৩:১৯বজাত লালকিল্লাৰ ওচৰত ৰখাই থোৱা গাড়ীখন বিয়লি ৬:৪৮ বজাত বাহিৰলৈ ওলাই গৈছে ।

Published : November 11, 2025 at 10:03 AM IST
|Updated : November 11, 2025 at 10:21 AM IST
নতুন দিল্লী : সোমবাৰে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী চহৰ ৷ লালকিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷
শেহতীয়াকৈ লাভ কৰা তথ্য মতে, লালকিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণৰ কেইঘণ্টামান পূৰ্বে এখন সন্দেহজনক বাহনৰ গতিবিধি CCTV কেমেৰাৰ ফুটেজত ধৰা পৰিছে ৷
CCTV কেমেৰাৰ ফুটেজৰ তথ্যৰ ভিত্তিত হাৰিয়ানাৰ পঞ্জীয়ন থকা এখন গাড়ীৰ মালিকক আটক কৰিছে দিল্লী আৰক্ষীয়ে । সেই একেখন গাড়ীয়ে সোমবাৰে বিয়লি লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ মূল স্থল বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷ এই বিস্ফোৰণৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাখনো বাহন জ্বলি ছাই হৈ গৈছে ৷
সোমবাৰে বিয়লি দিল্লী আৰক্ষীয়ে উক্ত গাড়ীখনৰ মালিক মহম্মদ ছলমানক আটক কৰি সোধ-পোছ কৰে । জানিব পৰা মতে, ডেৰ বছৰৰ আগতে ছলমানে গাড়ীখন ওখলাত দেৱেন্দ্ৰ নামৰ এজন ব্যক্তিক বিক্ৰী কৰিছিল । পিছত বাহনখন আম্বালাৰ কোনোবা এজনক বিক্ৰী কৰে ৷ তাৰ পিছত পুনৰ পুলৱামাত তাৰিক নামৰ আন এজন ব্যক্তিক বিক্ৰী কৰে গাড়ীখন । ইতিমধ্যে দিল্লী আৰক্ষীয়ে সকলো ক্ৰেতাৰ সন্ধানত নামি পৰিছে বুলি জানিব পৰা গৈছে ৷
দিল্লী আৰক্ষীৰ তথ্য মতে, CCTV ফুটেজত দেখা গৈছে যে বগা ৰঙৰ i20 গাড়ীখন বিয়লি প্ৰায় ৩:১৯ বজাত লালকিল্লাৰ পাৰ্কিং এলেকাৰ ওচৰত ৰখাই থোৱা হৈছিল ৷ প্ৰায় তিনি ঘণ্টা ধৰি তাতেই আছিল আৰু তাৰ পিছত প্ৰায় ৬:৪৮ বজাত পাৰ্কিঙৰ পৰা ওলাই আহিছিল গাড়ীখন । আৰক্ষী বিষয়াসকলে জনোৱা মতে, লালকিল্লাৰ কাষৰ অঞ্চলত যেতিয়া বহু জনসমাগমৰ হৈছিল, সেই সময়তে গাড়ীখন পাৰ্কিং এলেকাৰ পৰা ওলাই অহা দেখা গৈছিল ।
কোনে সেই গাড়ীখন পাৰ্কিং এলেকালৈ লৈ আনিছিল, কোন গাড়ীখনত আছিল বা কোনে সেই গাড়ীখনত আহিছিল বা পাৰ্কিং এলেকাৰ বাহিৰলৈ ওলাই আহিছিল সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে সকলো CCTV-ৰ ফুটেজ ভালদৰে পৰীক্ষা কৰি আছে । তদন্তকাৰী বিষয়াই বাহনখনৰ সম্পূৰ্ণ তথ্য- ক’ৰ পৰা আহিছিল, কেনেকৈ লালকিল্লাৰ পাৰ্কিং পালেগৈ আৰু পিছত কেনেকৈ ট্ৰেফিক ছিগনেলৰ ফালে আগবাঢ়িছিল, সেই বিষয়েও অনুসন্ধান কৰি আছে ।
আৰক্ষী বিষয়াসকলে নিশ্চিত কৰিছে যে গাড়ীখনৰ ৰ’ড মেপ আৰু সন্দেহজনক লোকজনক চিনাক্ত কৰিবলৈ ওচৰৰ পথ আৰু পাৰ্কিং টোল প্লাজাৰ ফুটেজকে ধৰি ১০০ৰো অধিক CCTV-ৰ ক্লিপ পৰীক্ষণ কৰা হৈছে । দিল্লী আৰক্ষীয়ে জনোৱা মতে, CCTV-ৰ ফুটেজত সন্দেহজনক লোকজন অকলেই আছিল যেন অনুমান কৰা হৈছে ।
ইতিমধ্যে দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে ৷ চহৰৰ সীমান্ত অঞ্চলত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে ৷ সকলো বাহনৰ পৰীক্ষা তীব্ৰতৰ কৰা হৈছে । ইফালে বৰ্তমানো বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

