ETV Bharat / bharat

লালকিল্লাৰ বিস্ফোৰণ: এ টি এছে আটক কৰিলে হৃদৰোগ বিশেষজ্ঞক

নাজিৰাবাদৰ ভাড়াঘৰত এণ্টি টেৰ’ৰিজম স্কোৱাডৰ এটা দলে তালাচী চলাই ফৰেনছিক পৰীক্ষাৰ বাবে জব্দ কৰে চিকিৎসকগৰাকীৰ ম’বাইল ফোন আৰু লেপটপ ৷

RED FORT BLAST
বুধবাৰে চি এফ এছ এলৰ এটা দলে লালকিল্লাৰ বিস্ফোৰণস্থলী পৰীক্ষা কৰি থকাৰ সময়ত (IANS)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 10:30 PM IST

5 Min Read
Choose ETV Bharat

কানপুৰ: শেহতীয়াকৈ সংঘটিত হোৱা দিল্লী বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে উত্তৰ প্ৰদেশ সন্ত্ৰাসবাদ বিৰোধী দলে কানপুৰৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰক আটক কৰিছে ।

চৰকাৰী গণেশ শংকৰ বিদ্যাৰ্থী মেম’ৰিয়েল(জি এছ ভি এম) চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ কাৰ্ডিঅ’লজি বিভাগৰ ছাত্ৰ মহম্মদ আৰিফ(৩২)ক অজ্ঞাত স্থানৰ পৰা আটক কৰি জিম্মাত লোৱা বুলি পি টি আইক জনায় তদন্তকাৰী দলৰ এজন শীৰ্ষ বিষয়াই ৷

নাজিৰাবাদৰ অশোক নগৰত থকা আৰিফৰ ভাৰাঘৰত এণ্টি টেৰ’ৰিজম স্কোৱাডৰ এটা দলে তালাচী চলাই ফৰেনছিক পৰীক্ষাৰ বাবে তেওঁৰ ম’বাইল ফোন আৰু লেপটপ জব্দ কৰি দিল্লীলৈ প্ৰেৰণ কৰে ৷ বিষয়াগৰাকীয়ে লগতে কয় যে এই গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱাসকলৰ সৈতে তেওঁৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে ।

জম্মু-কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা আৰিফে এই গোচৰৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা জি এছ ভি এমৰ প্ৰাক্তন অধ্যাপক ডাঃ শ্বাহীন শ্বাহিদৰ জেৰাৰ সময়ত লাভ কৰা তথ্যৰ পিছতে এ টি এছৰ সন্দেহৰ আওতালৈ আহিছিল । তদন্তকাৰীয়ে সন্দেহ কৰিছে যে আৰিফে ডাঃ শ্বাহীন আৰু ভাতৃ ডাঃ পাৰভেজৰ সৈতে নিয়মীয়া সংস্পৰ্শত আছিল ৷ দুয়োজনৰে জেৰা অব্যাহত ৰখা হৈছে ৷

নতুন দিল্লীত সংঘটিত হোৱা লালকিল্লা বিস্ফোৰণৰ পিছত মঙলবাৰে এ টি এছে জে এছ ভি এম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জয় কালাক জেৰা কৰি সকলো নথি-পত্ৰ তন্ন-তন্নকৈ পৰীক্ষা কৰে ৷ আনহাতে, এ টি এছে শ্বাহীন শ্বাহিদৰ ঘনিষ্ঠ বুলি কোৱা ডাঃ মহম্মদ আৰিফক জেৰা কৰে ।

এই কাৰ্যৰ পিছতে প্ৰতিষ্ঠানটোৰ পৰিচালক ৰাকেশ বাৰ্মাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ কয় যে এতিয়া প্ৰতিজন চিকিৎসক ভেৰিফিকেচনৰ আওতালৈ আহিব । এতিয়া চিকিৎসকসকলে তিনি ধৰণৰ ভেৰিফিকেচন কৰিব লাগিব ।

সূত্ৰই জনোৱা মতে, দিল্লীৰ লালকিল্লাৰ সমীপত বিস্ফোৰণৰ দিনটোত আৰিফে ডাঃ শ্বাহীনৰ নেটৱৰ্কৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা ব্যক্তিসকলৰ সৈতে টেলিফোনিক যোগাযোগত আছিল । শেহতীয়াকৈ তেওঁ জম্মু-কাশ্মীৰলৈও গৈছিল, যাৰ বাবে অধিক সন্দেহৰ সৃষ্টি হৈছিল । যেতিয়া এ টি এছৰ লোকে তেওঁৰ বাসগৃহত উপস্থিত হয় তেতিয়া তেওঁ নিজৰ ফোনটোৰ পৰা ডাটা ডিলিট কৰাৰ চেষ্টা কৰিছিল যদিও বিষয়াসকলে ব্যক্ত কৰে ৷

তেওঁৰ কল ৰেকৰ্ড আৰু আড্ডাৰ প্ৰাৰম্ভিক বিশ্লেষণে কথিত মাষ্টাৰমাইণ্ড আৰু অন্যান্য সন্দেহযুক্ত লোকৰ সৈতে যোগাযোগৰ ইংগিত দিয়া বুলি কোৱা হৈছে । তদন্তকাৰীয়ে বিশ্বাস কৰে যে গোটটোৱে বাৰ্তা বিনিময়ৰ বাবে শ্বেয়াৰড ই-মেইল আইডি ব্যৱহাৰ কৰিছিল, যিটো পদ্ধতি সন্ত্ৰাসবাদী সংগঠনে আৰক্ষীৰ পৰা হাত সাৰিবলৈ প্ৰায়ে ব্যৱহাৰ কৰে ।

এই খবৰে জি এছ ভি এম মেডিকেল কলেজৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত অস্বস্তিৰ সৃষ্টি কৰিছে, বিশেষকৈ কাৰ্ডিঅ’লজি বিভাগত, য’ত আৰিফে মাত্ৰ তিনিমাহ পূৰ্বে যোগদান কৰিছিল ।

এই কথা নিশ্চিত কৰি মুখ্য চিকিৎসা অধীক্ষক(কাৰ্ডিঅ’লজি) ডাঃ জ্ঞানেন্দ্ৰই কয়, ‘‘ডাঃ আৰিফে তিনি মাহ পূৰ্বে অল ইণ্ডিয়া কাউন্সেলিঙৰ জৰিয়তে ইয়াত যোগদান কৰিছিল । বুধবাৰে বিয়লি তেওঁ কৰ্তব্যত আছিল আৰু পিছত কেম্পাছৰ বাহিৰত থকা ঠাইলৈ গৈছিল । সন্ধিয়া প্ৰায় ৭ বজাত আমাক জনোৱা হৈছিল যে তেওঁক সোধা-পোছাৰ বাবে লৈ যোৱা হৈছে । তেওঁ কাশ্মীৰৰ আছিল আৰু কেম্পাছৰ বাহিৰত থাকে । আগতে তেওঁ নীৰৱে আহিছিল, কাম কৰিছিল ।’’

ডাঃ জ্ঞানেন্দ্ৰই কয় যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ কাৰ্ডিঅ’লজীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ স্ক্ৰীনিং আৰম্ভ কৰা হৈছে । আৰিফৰ ভাৰাঘৰৰ গৰাকী কানহাইয়ালালে কয় যে আৰিফৰ ঘৰৰ দ্বিতীয় মহলাত আন এজন চিকিৎসক অভিষেকৰ সৈতে প্ৰায় এমাহ ধৰি ভাৰাত আছে । সাংবাদিকৰ আগত লালে কয়, ‘‘নিশা প্ৰায় ৭.৩০ বজাত চাৰিজনীয়া এটা দল পোনে পোনে তেওঁৰ কোঠালৈ আহিছিল । ইতিমধ্যে তেওঁলোকৰ হাতত চাবি আছিল, তেওঁলোকে পুনৰ তলা মাৰি মনে মনে গুচি গৈছিল ।’’

তেওঁ কয় যে আৰিফে কোঠাটো ভাৰা দিয়াৰ পূৰ্বে নিজৰ আইডি জমা দিছিল যদিও তেওঁ কেতিয়াও কোনো সন্দেহজনক কাৰ্যকলাপ বা ব্যক্তিক তালৈ অহা লক্ষ্য কৰা নাছিল । নাম প্ৰকাশ নকৰাকৈ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই নিশ্চিত কৰে যে আৰিফক কানপুৰত আবদ্ধ কৰি ৰখা হৈছে আৰু পিছত অধিক জেৰাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক গতাই দিয়া হৈছে ।

কানপুৰৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে পি টি আইক জনোৱা মতে, তেওঁক আটক কৰাৰ বিষয়ত তথ্য লাভ কৰা প্ৰতিবেদনসমূহ পৰীক্ষা কৰিবলৈ এটা দল তালৈ প্ৰেৰণ কৰিছে । অৱশ্যে আন কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী আয়ুক্তগৰাকী ৷

ইফালে, এ টি এছ আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দলে কানপুৰত ডাঃ শ্বাহীনৰ নেটৱৰ্কৰ সৈতে যিকোনো অতিৰিক্ত সংযোগৰ সন্ধান উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে । বিষয়াসকলে ইংগিত দিয়ে যে তদন্ত আগবঢ়াৰ লগে লগে আন আন ব্যক্তিৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: দিল্লী বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ লৈ বৃদ্ধি, বৰ্তমানো চিনাক্ত কৰিব পৰা দুজনৰ মৃতদেহ