বিস্ফোৰণ হোৱা গাড়ীখন ডাঃ ওমৰ নবীয়ে চলাইছিল; DNA পৰীক্ষাত হৈছে নিশ্চিত
মঙলবাৰে ওমৰৰ মাতৃৰ ডি এন এ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । DNA পৰীক্ষাত ওমৰে বিস্ফোৰণ হোৱা গাড়ীখন চলোৱাটো নিশ্চিত হয় ৷


Published : November 13, 2025 at 10:44 AM IST
নতুন দিল্লী : দিল্লী কাৰ বিস্ফোৰণৰ গোচৰত এক বৃহৎ অগ্ৰগতি লাভ কৰা হৈছে ৷ বৃহস্পতিবাৰে আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিস্ফোৰণস্থলীৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ডি এন এ পৰীক্ষাত সোমবাৰে বিস্ফোৰণ হোৱা গাড়ীখন ডাঃ ওমৰ নবীয়ে চলাই থকা বুলি নিশ্চিত কৰা হৈছে ৷
সূত্ৰই জনোৱা মতে, মঙলবাৰে ওমৰৰ মাতৃৰ ডি এন এৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ বিস্ফোৰণস্থলীৰ পৰা সংগ্ৰহ কৰা অৱশিষ্টৰ লগতে সেইবোৰো বিশ্লেষণ কৰা হয় ৷
পিটিআইয়ে এক সূত্ৰৰ উদ্ধৃতিৰে কয়, “ডি এন এৰ ফলাফলে নিশ্চিত কৰিছে যে উমৰে সঁচাকৈয়ে গাড়ীখন চলাইছিল ৷”
সূত্ৰসমূহে জনোৱা মতে, "তেওঁৰ ডি এন এৰ নমুনা তেওঁৰ মাতৃ আৰু ভাতৃৰ সৈতে ১০০ শতাংশ মিল আছে, যাৰ ফলত বিস্ফোৰণৰ সময়ত তেওঁৰ বাহনখনত উপস্থিতিৰ বিষয়ে কোনো সন্দেহ নাই ৷ হাড়ৰ টুকুৰা, দাঁত আৰু i২০ ৰ ক্ষতিগ্ৰস্ত অৱশিষ্টৰ পৰা উদ্ধাৰ কৰা কাপোৰৰ টুকুৰাৰ পৰা ডি এন এ উলিওৱা হৈছিল ৷"

চলিত সপ্তাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ হোৱা ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউলৰ মূল সদস্য আছিল উমৰ ৷ তেওঁৰ ঘৰ জম্মু-কাশ্মীৰৰ পুলৱামাৰ কইল গাঁৱত ৷ নিষিদ্ধ জৈছ-ই-মহম্মদ আৰু আনছাৰ গাজৱাত-উল-হিন্দৰ সৈতে জড়িত সন্ত্ৰাসবাদী মডিউল এটা উৎখাত কৰি তিনিজন চিকিৎসককে ধৰি আঠজন লোকক গ্ৰেপ্তাৰ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লা অঞ্চলৰ সমীপত এখন লেহেমীয়া গতিৰে চলা গাড়ীত এক তীব্ৰ তীব্ৰতাসম্পন্ন বিস্ফোৰণ সংঘটিত হয় ৷
জম্মু-কাশ্মীৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশক সামৰি লোৱা সন্ত্ৰাসবাদী মডিউলটো আৰক্ষীয়ে আটক কৰাৰ পিছত প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট, পটাছিয়াম ক্ল’ৰাইড আৰু ছালফাৰ জব্দ কৰা হয় ৷
ভাৰতৰ অন্যতম ঐতিহ্যমণ্ডিত স্মৃতিসৌধৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত লালকিল্লাৰ আশে-পাশে থকা উচ্চ নিৰাপত্তা মণ্ডলৰ ভংগক লৈ আতংকৰ সৃষ্টি হয় ৷

এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই আনুষ্ঠানিকভাৱে দিল্লী আৰক্ষীৰ বিশেষ কোষৰ পৰা তদন্তৰ দায়িত্ব লয় ৷ নিয়াৰ বিষয়াসকলে অঞ্চলটো ঘেৰিও কৰিছে আৰু বিস্ফোৰকৰ অৱশিষ্ট, বাহনৰ অংশ, ডিজিটেল প্ৰমাণকে ধৰি ধ্বংসাৱশেষৰ ফৰেনছিক পৰীক্ষা চলাই আছে ৷
সূত্ৰসমূহে লগতে জানিবলৈ দিয়া মতে, দিল্লীত ব্যক্তিগত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা বুলি সতীৰ্থসকলক অৱগত কৰি উমৰে সেইদিনা নিজৰ ফৰিদাবাদৰ বাসগৃহৰ পৰা ওলাই গৈছিল ৷

