ETV Bharat / bharat

লালকিল্লা বিস্ফোৰণ : UAPA আৰু বিস্ফোৰক আইনৰ অধীনত দিল্লী আৰক্ষীৰ গোচৰ পঞ্জীয়ন

ৰাজধানীৰ বিমানবন্দৰ, ৰে’ল ষ্টেচন আৰু বাছ ষ্টপকে ধৰি সকলোতে হাই এলাৰ্টত জাৰি ।

DELHI POLICE REGISTERS FIR UNDER UAPA AND EXPLOSIVES ACT
লালকিল্লা বিস্ফোৰণৰ পাচৰ দৃশ্য (PTI)
author img

By PTI

Published : November 11, 2025 at 11:16 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : শেহতীয়া খবৰ অনুসৰি, সোমবাৰে লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে জড়িত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু বিস্ফোৰক আইনৰ অধীনত দিল্লী আৰক্ষীয়ে মঙলবাৰে এক গোচৰ ৰুজু কৰে ৷ সংবাদ সংস্থা PTI-ৰ আগত এই কথা সদৰী কৰিছে বিভাগীয় বিষয়াসকলে ।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে একাধিক স্থানত অভিযান চলাই আছে । বিশেযকৈ বিমানবন্দৰ, ৰে’ল ষ্টেচন আৰু বাছ টাৰ্মিনেলত (bus terminals) কঠোৰ সতৰ্কতা অব্যাহত ৰাখি ৰাষ্ট্ৰীয় ৰাজধানীখনত হাই এলাৰ্টত জাৰি কৰা হৈছে ।

CISF-এ এক্সত উল্লেখ কৰা মতে, "লালকিল্লাৰ মেট্ৰ' ষ্টেচনৰ সমীপৰ এখন বাহনত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে দিল্লী মেট্ৰ', লালকিল্লা, চৰকাৰী ভৱন আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ সকলো অঞ্চলতে CISF ৰ দ্বাৰা সুৰক্ষিত কৰি হাই এলাৰ্টত জাৰি কৰা হৈছে । পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰা হৈছে আৰু সকলো বিষয়া ষ্টেণ্ডবাইত আছে ।"

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, কোতৱালি থানাত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA), বিস্ফোৰক আইন আৰু BNS-ৰ ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ আৰু শাস্তি সম্পৰ্কীয় বিষয় UAPA [Unlawful Activities (Prevention) Act, 1967]-ৰ ১৬ আৰু ১৮ নং ধাৰাত পঞ্জীয়ন কৰা হৈছে এই গেচৰ ।

চৰকাৰী তথ্য মতে, সোমবাৰে সন্ধিয়া লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপৰ ট্ৰেফিক চিগনেলত এখন গাড়ী বিস্ফোৰণ হোৱাৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাখনো বাহনৰ বিস্তৰ ক্ষতি হৈছে বুলি বিভাগীয় বিষয়াসকলে উল্লেখ কৰে ।

লগতে পঢ়ক : লালকিল্লাত বিস্ফোৰণ : বিস্ফোৰণৰ তিনি ঘণ্টা পূৰ্বে লালকিল্লাৰ পাৰ্কিং লটলৈ আহে গাড়ীখন, ধৰা পৰিছে CCTV ফুটেজত

লগতে পঢ়ক : ৰাজধানীত বিস্ফোৰণ, সকলো দিশৰ পৰা উচিত তদন্তৰ আশ্বাস গৃহমন্ত্ৰীৰ