লালকিল্লাৰ সমীপৰ বিস্ফোৰণত নিহতৰ সংখ্য়া ১৫ লৈ বৃদ্ধি
চিকিৎসাধীন অৱস্থাত মৃত্যু দুগৰাকীৰ ৷ দিল্লী আৰক্ষীৰ তথ্য অনুসৰি চিকিৎসাধীন হৈ থকা আন কেইবাজনো আহত ব্যক্তিৰ অৱস্থা সংকটজনক ৷

Published : November 18, 2025 at 11:13 AM IST
নতুন দিল্লী : দিল্লীৰ কাৰ বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি । দিল্লী আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য ৷ সোমবাৰৰ দিনটোত আঘাতপ্ৰাপ্ত দুজন লোকে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লোৱাৰ ফলতে নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায় ৷ ইয়াৰে এজন লোক বিনয় পাঠক বুলি চিনাক্ত কৰা হৈছে ৷
বিগত ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাত সংঘটিত কাৰ বোমা বিস্ফোৰণৰ পিছত আহতসকলক চিকিৎসাৰ বাবে লোকনায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । বিস্ফোৰণটোত নিহত হোৱা লোকৰ সংখ্যা পূৰ্বে ১৩ জন আছিল যদিও এতিয়া ১৫ জনলৈ বৃদ্ধি পায় । দিল্লী আৰক্ষীৰ তথ্য অনুসৰি চিকিৎসাধীন হৈ থকা আন কেইবাজনো আহত ব্যক্তিৰ অৱস্থা সংকটজনক ৷ চিকিৎসকৰ এটা দলে তেওঁলোকক চিকিৎসা সেৱা আগবঢ়াই আছে ।
সোমবাৰে এল এন জে পি হাস্পতালৰ বিষয়াসকলে জনোৱা মতে, ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে । মৃত লোক দুজনৰ নাম লুকমান(৫০) আৰু বিনয় পাঠক(৫০) ।
যোৱা বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে বিলাল নামৰ এজন লোকৰ মৃত্যু ঘটাত বিস্ফোৰণত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছিল বুলি আৰক্ষী বিষয়াসকলে জনাইছিল ৷ চিকিৎসালয়খনৰ পৰা নতুনকৈ মৃত্যু হোৱা যিসকল লোকৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে, সেইসকলৰ শীঘ্ৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব ।
তদন্তত শক্তিশালী সংযোগৰ সৃষ্টি
দিল্লী আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, ড৹ ওমৰ উন নবীৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা সন্ত্ৰাসবাদী মডিউলটোৰ তদন্তকাৰীয়ে সংগঠিত আভ্যন্তৰীণ গাঁথনি, এনক্ৰিপ্ট কৰা যোগাযোগ চেনেল আৰু অস্ত্ৰৰ সমন্বিত গতিবিধিৰ প্ৰমাণ পাইছে । তদন্ত অনুসৰি ওমৰে প্ৰায় তিনিমাহ পূৰ্বে বিশেষ চৰিত্ৰৰ নাম ব্যৱহাৰ কৰি এটা বিশেষ সাংকেতিক দল তৈয়াৰ কৰিছিল । তেওঁ এই এনক্ৰিপ্ট কৰা যোগাযোগত মুজাম্মিল, আদিল, মুজাফ্ফৰ আৰু ইৰফানক যোগ কৰিলে ।
তদন্তকাৰীয়ে বিশ্বাস কৰে যে ইয়াক আভ্যন্তৰীণ সমন্বয়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল । গোচৰটোৰ মূল সন্দেহযুক্ত ডাঃ শ্বাহিনৰ বাহনৰ পৰা ক্ৰিংকভ ৰাইফল আৰু পিস্তলকে ধৰি অস্ত্ৰ-শস্ত্ৰৰ মজুত উদ্ধাৰ হোৱাৰ লগে লগে এটা ডাঙৰ লিড ওলাই পৰে । তদন্তৰ পৰা জানিব পৰা গৈছে যে ২০২৪ চনত ওমৰে এই অস্ত্ৰ ক্ৰয় কৰি ইৰফানৰ হাতত গতাই দিছিল । ইতিমধ্যে ডাঃ মুজাম্মিলৰ সৈতে মুফতি ইৰফানৰ কোঠালৈ যোৱাৰ সময়ত ডাঃ শ্বাহিনে একেবোৰ অস্ত্ৰ দেখিছিল । তেওঁ গোটটোৰ কাম-কাজত সৰ্বাধিক আৰ্থিক অৱদান আগবঢ়োৱাৰ সন্দেহ কৰা হৈছে ।
বিষয়াসকলে কয় যে ফলাফলসমূহে বিত্তীয় সাহায্য, নিযুক্তি আৰু অস্ত্ৰ-শস্ত্ৰৰ পদ্ধতিগত চলাচলৰ সৈতে জড়িত এক সমন্বিত নেটৱৰ্কৰ দিশলৈ আঙুলিয়াই দিয়ে ৷ যিটো এনক্ৰিপ্ট কৰা প্লেটফৰ্ম আৰু বিশ্বাসযোগ্য ব্যক্তিগত সংযোগৰ জৰিয়তে কাম কৰে ।
দিল্লী আৰক্ষীয়ে নিশ্চিত কৰিছে যে লালকিল্লাৰ সমীপত সংঘটিত কাৰ বোমা বিস্ফোৰণ সংঘটিত কৰা লোকজন ডাঃ ওমৰ উন নবী ৷ ফৰেনছিকৰ ডি এন এ পৰীক্ষাত নবীৰ জৈৱিক নমুনাৰ সৈতে তেওঁৰ মাতৃৰ নমুনাৰ মিল থকাৰ পিছত এই কথা নিশ্চিত কৰে দিল্লী আৰক্ষীয়ে ।
কিন্তু আল-ফালাহ বিশ্ববিদ্যালয়ে ড৹ ওমৰ আৰু ড৹ মুজাম্মিলৰ পৰা নিজকে আঁতৰাই ৰাখি কয় যে বিশ্ববিদ্যালয়খনৰ অভিযুক্তসকলৰ চৰকাৰী ক্ষমতাৰ বাহিৰত কোনো সম্পৰ্ক নাই ৷ বিশ্ববিদ্যালয়ৰ চৌহদত কোনো সন্দেহজনক ৰাসায়নিক পদাৰ্থ বা সামগ্ৰী ব্যৱহাৰ বা মজুত কৰা হোৱা নাই । ১০ নৱেম্বৰত লালকিল্লা চৌহদৰ সমীপত সংঘটিত বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছিল । ইফালে, আমিৰ ৰছিদ আলীক NIA ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ আলীক তাত ১০ দিনৰ বাবে জেৰা কৰা হ’ব, যাৰ ফলত বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷

