ETV Bharat / bharat

দিল্লী বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ লৈ বৃদ্ধি, বৰ্তমানো চিনাক্ত কৰিব পৰা দুজনৰ মৃতদেহ

দিল্লী বোমা বিস্ফোৰণত আহত আন এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ৷ মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালক চমজাই দিয়া হ’ব মৃতদেহ ৷

RED FORT CAR BLAST
লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণত নিহত এজন ব্যক্তিৰ মৃতদেহ মঙলবাৰে নতুন দিল্লীৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালৰ মৰ্গলৈ লৈ যোৱা সময়ত (IANS)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 2:03 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : নতুন দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বোমা বিস্ফোৰণ আহত আন এজন লোকৰ আজি এল এন জে পি হাস্পতালত মৃত্যু হয় ৷ ইয়াৰ লগতে বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ গৰাকীলৈ বৃদ্ধি পাইছে । নিহত লোকজনৰ নাম বিলাল । এজন বিষয়াৰ উদ্ধৃতিৰে পি টি আয়ে প্ৰকাশ কৰে এই তথ্য ।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা চিকিৎসালয়ৰ পৰা বিলালৰ মৃত্যুৰ তথ্য লাভ কৰা হয় । আজি অৰ্থাৎ বৃহস্পতিবাৰে মৃত লোকজনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে । ইফালে আন কেইবাজনো লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে ।

ইফালে এই বিস্ফোৰণত মৃত্যু হোৱা ব্যক্তিসকলৰ দুজন ব্যক্তিক বৰ্তমানো চিনাক্ত কৰিব পৰা হোৱা নাই ৷ কোটোৱালি থানা আৰু লালকিল্লাৰ আউটপোষ্টৰ বিষয়াসকলে জনোৱা মতে, এই ঘটনাৰ দুদিন পিছতো মৃতকৰ পৰিয়ালে তেওঁলোকৰ সৈতে যোগাযোগ কৰা নাই । তেওঁলোকে উল্লেখ কৰে যে অচিনাক্ত মৃতদেহ চিনাক্তকৰণৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে । তেওঁলোকে আৰু কয় যে মৃতদেহবোৰৰ ফটো সকলো থানালৈ প্ৰেৰণ কৰা হৈছে যাতে যিকোনো ব্যক্তিয়ে নিজৰ আপোনজনক বিচাৰিব পাৰে । ইয়াৰ উপৰিও আৰক্ষী কৰ্মীসকলে নিয়মিতভাৱে চিকিৎসালয়, মৰ্গ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ ভ্ৰমণ কৰি নিৰুদ্দেশ হোৱা ব্যক্তিসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে ।

আৰক্ষীৰ মতে, অধিকাংশ মৃতদেহ জ্বলন্ত আৰু অংগ-প্ৰতংগ বিকৃত অৱস্থাত পোৱা হয়, যাৰ ফলত মুখৰ চিনাক্তকৰণ কঠিন হৈ পৰে । উদাহৰণস্বৰূপে, অচিনাক্ত মৃতদেহ দুটাৰ ভিতৰত এটাৰ অংগ অক্ষত অৱস্থাত আছে, আনহাতে আনটোৰ পেট আৰু বুকুৰ অক্ষত অংশহে আছে । তদন্তকাৰী সংস্থাসমূহে মৃতদেহসমূহৰ পৰা ডি এন এৰ নমুনা সংগ্ৰহ কৰি সন্দেহযুক্ত লোক বা নিৰুদ্দেশ হোৱা ব্যক্তিসকলৰ পৰিয়ালৰ ডি এন এৰ সৈতে মিলাই চোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে, পৰিয়ালৰ কোনো সদস্যই মৃত লোকজন দুজনক চিনাক্ত কৰিবলৈ আগবাঢ়ি আহিব বুলি আশা কৰা হৈছে । এজন বিষয়াই কয় যে চিনাক্তকৰণ অবিহনে আইনী আৰু ফৰেনছিক পদ্ধতি আগবাঢ়িব নোৱাৰি ।

দিল্লী আৰক্ষীৰ প্ৰাক্তন এ চি পি বেদ ভূষনে কয় যে নিৰুদ্দেশ হোৱা লোকৰ বিষয়ে তথ্য সংগ্ৰহ আৰু চিনাক্তকৰণত সহায় কৰিবলৈ চুবুৰীয়া ৰাজ্যসমূহৰ চিকিৎসালয়, হেল্পলাইন নম্বৰ আৰু আৰক্ষীৰ সৈতে সংস্পৰ্শত আছে দলসমূহ । এই ঘটনাৰ পিছত যদি কোনোবা পৰিয়ালৰ কোনো সদস্য বা চিনাকি ব্যক্তি নিৰুদ্দেশ হৈছে তেন্তে তৎকালীনভাৱে ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈও স্থানীয় নাগৰিকক আহ্বান জনাইছে আৰক্ষীয়ে । তেওঁ বুজাই দিয়ে যে যদি কোনো মৃতদেহ সকলো প্ৰচেষ্টাৰ পিছতো অচিনাক্ত হৈ থাকে তেন্তে তাৰ ডি এন এ সংৰক্ষণ কৰা হয় যাতে ভৱিষ্যতে পৰিয়ালৰ সদস্যৰ ডি এন এৰ সৈতে মিলাই চিনাক্ত কৰিব পৰা যায় ।

লগতে পঢ়ক : বিস্ফোৰণ হোৱা গাড়ীখন ডাঃ ওমৰ নবীয়ে চলাইছিল; DNA পৰীক্ষাত হৈছে নিশ্চিত

দিল্লীত বোমা বিস্ফোৰণৰ সঠিক মুহূৰ্ত কেমেৰাত বন্দী

তদন্তত আতংকিত হৈহে সন্দেহযুক্ত লোকে কৰিছিল বিস্ফোৰণ; ক্ষিপ্ৰগতিত চলিছে নিয়াৰ তদন্ত