ETV Bharat / bharat

ৰামোজী ফাউণ্ডেচনৰ পদক্ষেপ প্ৰশংসনীয়: বিধায়ক মালৰেড্ডী ৰংগা ৰেড্ডী

ৰামোজী ফাউণ্ডেচনে এছ জি এম চৰকাৰী পলিটেকনিক মহাবিদ্যালয়ত ১.৩৩ কোটি টকা মূল্যৰ ১৪০টা কম্পিউটাৰ দান কৰে ।

Ramoji Foundation
কম্পিউটাৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত বিধায়ক মালৰেডী ৰংগা ৰেড্ডী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 1:48 PM IST

2 Min Read
Choose ETV Bharat

আব্দুল্লাপুৰমেট (তেলেংগানা) : সমাজৰ প্ৰতি গভীৰ প্ৰেম আৰু দায়িত্ববোধৰ দ্বাৰা পৰিচালিত ৰামোজী ফাউণ্ডেচনে বিভিন্ন জনকল্যাণ আৰু উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো অতিশয় প্ৰশংসনীয় । তেলেংগানাৰ ইব্ৰাহিমপট্টনম সমষ্টিৰ বিধায়ক মালৰেড্ডী ৰংগা ৰেড্ডীয়ে এই কথা উল্লেখ কৰে । বুধবাৰে আব্দুল্লাপুৰমেটৰ সঞ্জয় গান্ধী স্মৃতি (এছ জি এম) চৰকাৰী পলিটেকনিক মহাবিদ্যালয়ত ৰামোজী ফাউণ্ডেচনে স্থাপন কৰা কেন্দ্ৰীয় কম্পিউটাৰ কেন্দ্ৰ আৰু কম্পিউটাৰ লেবৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে এই মন্তব্য কৰে ।

এই কেন্দ্ৰ স্থাপনৰ বাবে ৰামোজী ফাউণ্ডেচনে ১.৩৩ কোটি টকা বিনিয়োগ কৰে । ইয়াৰ দ্বাৰা কম্পিউটাৰ কেন্দ্ৰটোত ১৪০টা অত্যাধুনিক কম্পিউটাৰ ক্ৰয় কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিধায়কগৰাকীয়ে ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক-অধ্যক্ষ ৰামোজী ৰাওক তেওঁৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Ramoji Foundation
কম্পিউটাৰ কেন্দ্ৰ মুকলি কৰাৰ মুহূৰ্তত বিধায়ক মালৰেডী ৰংগা ৰেড্ডী (ETV Bharat)

পৰৱৰ্তী সময়ত ভাষণ প্ৰসংগত তেওঁ অঞ্চলটোৰ বিভিন্ন গাঁও আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে ৰামোজী ৰাওক প্ৰশংসা কৰে । লগতে তেওঁৰ পুত্ৰ ৰামোজী গ্ৰুপৰ চিএমডি কিৰণক নিস্বাৰ্থ সেৱা আগবঢ়োৱাৰ বাবেও প্ৰশংসা কৰে । আনহাতে, পলিটেকনিক মহাবিদ্যালয় চৌহদৰ ভিতৰত এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ২০ লাখ টকাৰ অনুমোদন আগবঢ়োৱাৰ কথাও তেওঁ ঘোষণা কৰে ।

ইফালে অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰামোজী ফিল্ম চিটিৰ বিত্ত আৰু হিচাপ বিভাগৰ উপাধ্যক্ষ কে ৰবীন্দ্ৰ ৰাৱে ছাত্ৰ-ছাত্ৰীসকলক ৰামোজী ফাউণ্ডেচনে প্ৰদান কৰা কম্পিউটাৰৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । আনহাতে, ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ অধ্যক্ষ বি নাগামুনি নাইকে মন্তব্য কৰে যে অনুৰোধ জনোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১.৩৩ কোটি টকাৰ কম্পিউটাৰ তৎক্ষণাত প্ৰদান কৰা ৰামোজী ফাউণ্ডেচনে আগবঢ়োৱা এই অৱদান সঁচাকৈয়ে অবিস্মৰণীয় ।

ইয়াৰ উপৰি মহাবিদ্যালয়খনৰ উন্নয়নত বিশেষ গুৰুত্ব দি অহা বিধায়কগৰাকী, ৰামোজী ফাউণ্ডেচন, চিএমডি চেৰুকুৰী কিৰণ, ৰামোজী ফিল্ম চিটীৰ এমডি চেৰুকুৰী বিজয়েশ্বৰী, চৰপঞ্চ বিজয়গৌড় আৰু পঞ্চায়তৰ বিষয়ববীয়াসকললৈ তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে ।

এমপিডিঅ’ শ্ৰীবাণী, পৰিদৰ্শক অশোক ৰেড্ডী, ভাৰপ্ৰাপ্ত এমপিঅ’ তুলজা প্ৰসাদ, উপ-চৰপঞ্চ সুষমা গৌড়, চেৰুকুৰী ভাস্কৰাচাৰী আদিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ষ্ট্ৰীট লাইব্ৰেৰীৰে গ্ৰন্থ বিপ্লৱ: কিতাপৰ দ্বাৰা সমাজ গঢ়াৰ নীৰৱ প্ৰচেষ্টা এগৰাকী মহিলাৰ