ৰামোজী ফিল্ম চিটীত আৰম্ভ হলীউড কাৰ্নিভেল, ৭ জুনলৈকে ল’ব পাৰিব কাৰ্নিভেলৰ আমেজ
বহু প্ৰত্যাশিত হলীউড কাৰ্নিভেলৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সাজু ৰামোজী ফিল্ম চিটী ।

Published : April 24, 2026 at 2:26 PM IST
হায়দৰাবাদ : এইবাৰৰ গ্ৰীষ্মৰ বন্ধত আপোনাৰ পৰিকল্পনা কি ? নিশ্চয় মনোৰঞ্জন বা আপোনজনৰ লগত ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে ! যদিহে আপুনি হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটী ফুৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই বাতৰি আপোনাৰ বাবে ৷ ৰামোজী ফিল্ম চিটী হৈছে স্বীকৃতিপ্ৰাপ্ত বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী, য'ত দৈনিক হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে ৷
২৩ এপ্ৰিল বৃহস্পতিবাৰৰ পৰা ৰামোজী ফিল্ম চিটীত আৰম্ভ হৈছে হলীউড কাৰ্নিভেল ৷ ৰামোজী ফিল্ম চিটীত আৰম্ভ হোৱা এই কাৰ্নিভেল ৭ জুনলৈকে চলিব । ৪৬ দিনীয়াকৈ আৰম্ভ হোৱা এই কাৰ্নিভেলৰ সময়ত পৰ্যটকসকলে মনোৰঞ্জনমূলক অভিজ্ঞতা লাভ কৰিব । বিশেষ কথাটো হ’ল যে পৰ্যটকৰ বাবে এই বিশেষ কাৰ্যসূচী প্ৰতিনিশা ৯ বজালৈকে চলিব । সন্ধিয়াৰ মনোৰঞ্জনৰ কাৰ্যসূচীয়ে শিশুসকলৰো মন প্ৰফুল্লিত কৰি তুলিব ৷

সাধাৰণ ৰাইজেও যাতে চিনেমা জগতৰ কিছু মিঠা অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ উদ্দেশ্যে নিৰ্মিত ৰামোজী ফিল্ম চিটীত হলীউড কাৰ্নিভেলে মুকলিৰ দিনৰ পৰাই পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । হলিউড কাৰ্নিভেলত মিউজিকেল গ্ল’ গাৰ্ডেন, নতুন মায়ালোক আৰু কাৰ্নিভেল পেৰেড আদিৰ ব্যৱস্থা আছে ৷
মায়ালোক - এক নতুন আকৰ্ষণ
মায়ালোক- যিয়ে বিখ্যাত ছবিসমূহৰ চেটৰ আঁৰৰ যাদুক প্ৰত্যক্ষ কৰাৰ সুযোগ প্ৰদান কৰে । এখন ছবি নিৰ্মাণৰ ধৰণ... চেট ডিজাইনৰ দক্ষতা আৰু সৃষ্টিশীলতা সঁচাকৈয়ে অতুলনীয় ।
ৰোমাঞ্চকৰ কাৰ্নিভেল পেৰেড
ৰঙীন সাজসজ্জা, গীত-মাত আদিৰ মাজেৰে এই কাৰ্নিভেল পেৰেড চলি আছে ৷ এই ৰোমাঞ্চকৰ কাৰ্নিভেল পেৰেডত অংশ লোৱা শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন দৰ্শনাৰ্থীয়ে নাচি-বাগি আনন্দ উপভোগ কৰা দেখা গৈছে ৷

মনোমোহা মিউজিকেল গ্ল’ গাৰ্ডেন
চলচ্চিত্ৰ থিমযুক্ত শৈলীৰে সজাই তোলা মনোমোহা মিউজিকেল গ্ল’ গাৰ্ডেনে সকলোকে মোহিত কৰিছে । সংগীত আৰু পোহৰৰ খেলে মোহিত কৰিছে পৰ্যটকক ৷
আপোনাৰ সন্মুখত এখন সপোনৰ জগত উন্মোচিত
ৰামোজী ফিল্ম চিটী আৰু ইয়াৰ চৌপাশে থকা প্ৰাকৃতিক সৌন্দৰ্য আৰু আলোকসজ্জাই এক অন্য়ন্য অভিজ্ঞতা প্ৰদান কৰে ৷ এনে লাগে যেন সকলোৱে একেলগে এখন সপোনৰ ৰাজ্যতহে বিচৰণ কৰিছে ৷
পৰ্যটকৰ বাবে হোটেল পেকেজ
ৰামোজী ফিল্ম চিটীৰ হলীউড কাৰ্নিভেললৈ অহা দৰ্শনাৰ্থীসকলক বিলাসীতাৰ লগতে বিভিন্ন ধৰণৰ হোটেল পেকেজো আগবঢ়োৱা হয় । অতিথিসকলক তেওঁলোকৰ পচন্দৰ হোটেলৰ থকাৰ সুবিধা লাভ কৰিব পাৰে, যাতে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে এই কাৰ্নিভেলৰ আমেজ উপভোগ কৰিব পাৰে ৷ ইয়াৰ উপৰিও যদিহে পৰ্যটকে বিচাৰে সন্ধিয়াৰ সময়ত ফিল্ম চিটীৰ বিশেষ ব্যৱস্থাও উপভোগ কৰিব পাৰে ৷ পৰ্যটকৰ বাবে এনেধৰণৰ পেকেজো উপলব্ধ আছে ৷
হলীউড কাৰ্নিভেলৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে - অফিচিয়েল ৱেবছাইট www.ramojifilmcity.com ক্লিক কৰক বা 7659876598 ত ফোন কৰক ।

হায়দৰাবাদৰ শীৰ্ষ পৰ্যটনস্থলী
ৰামোজী ফিল্ম চিটীৰ যাদুকৰী জগতখনে মনোৰঞ্জনৰ বাবে বহুত সুবিধা প্ৰদান কৰে । হায়দৰাবাদৰ মাজমজিয়াত অৱস্থিত ৰামোজী ফিল্ম চিটীয়ে বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী হিচাপে চিনেমা ইতিহাসৰ বুৰঞ্জীত নিজৰ নাম খোদিত কৰিছে । দূৰদৰ্শী উদ্যোগী ৰামোজী ৰাওৰ নেতৃত্বত এই বিস্তৃত কমপ্লেক্সে চলচ্চিত্ৰ নিৰ্মাণৰ পৰিৱেশক পুনৰ সংজ্ঞায়িত কৰিছে আৰু লগতে উৎকৃষ্টতা আৰু উদ্ভাৱনৰ নতুন মান নিৰ্ধাৰণ কৰিছে ।
ৰামোজী ফিল্ম চিটী কেৱল চলচ্চিত্ৰ নিৰ্মাতাসকলৰে স্থান নহয় । গ্ৰেণ্ড চেলিব্ৰেশ্বন আৰু কৰ্প'ৰেট ইভেণ্টৰো গন্তব্যস্থান ৰামোজী ফিল্ম চিটী ।

