ETV Bharat / bharat

১৮ ডিচেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটি শীতকালীন ফেষ্ট, নতুন বছৰ উদযাপনৰ বাবে বিশেষ প্ৰস্তুতি

বহু প্ৰত্যাশিত শীতকালীন উৎসৱৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সাজু ৰামোজী ফিল্ম চিটি ।

RAMOJI CARNIVIBE 2026
১৮ ডিচেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটি শীতকালীন ফেষ্ট (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 14, 2025 at 1:41 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ২০২৬ চনৰ ১৮ ডিচেম্বৰৰ পৰা ১৮ জানুৱাৰীলৈকে মাহজোৰা ‘শীতকালীন উৎসৱ’ৰ বাবে পৰ্যটকক আদৰিবলৈ সাজু হৈছে ৰামোজী ফিল্ম চিটি ৷ বন্ধৰ দিনত সকলো বয়সৰ লোকক আকৰ্ষণ কৰিব পৰা কাৰ্নিভাল পেৰেড, মনোমোহা ফিল্ম মিউজিকেল, হৃদয়স্পৰ্শী মিউজিকেল গ্লো গাৰ্ডেন, মায়ালক আৰু আন বহুতো মনোৰঞ্জনৰে দৰ্শকক আদৰণি জনোৱা হ’ব ।

উৎসৱৰ অংশ হিচাপে ভ্ৰমণৰ সময় ৯ বজালৈকে বৃদ্ধি কৰা হৈছে, যাতে দৰ্শকে ফিল্ম চিটিৰ উজ্জ্বল পোহৰৰ পৰিৱেশত সৌন্দৰ্যৰ সাক্ষী হ’ব পাৰে ৷ অনন্য ছবিৰ চেটকে ধৰি ষ্টুডিঅ’ ভ্ৰমণ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে উৎসৱ উপভোগ কৰিবলৈ অহা পৰ্যটকৰ বাবে এক ডাঙৰ আকৰ্ষণ হ’ব ৷ লাইভ শ্ব’, ৱাইল্ড ৱেষ্ট ষ্টাণ্ট, ৰোমাঞ্চকৰ ৰাইড, এডভেঞ্চাৰ জ’ন আৰু বাৰ্ড পাৰ্ক ভ্ৰমণে ইয়াক এক স্মৰণীয় অভিজ্ঞতা কৰি তুলিব ৷

AMOJI CARNIVIBE 2026
১৮ ডিচেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটি শীতকালীন ফেষ্ট (ETV Bharat)

নৱবৰ্ষৰ পূৰ্বাহ্ন পাৰ্টি

নৱবৰ্ষক আদৰিবলৈ ৩১ ডিচেম্বৰত অনুষ্ঠিত হ’ব ‘কাৰ্নিভাইব ২০২৬’ য’ত নতুন উৎসাহেৰে আন এক বছৰৰ আগমনক উদযাপন কৰা হ’ব ৷ ইয়াত ডিজে যুদ্ধ(Battle of DJs), লাইভ বেণ্ড আৰু বিশেষ অনুষ্ঠান পৰিবেশন কৰা হ’ব ৷ দৰ্শকে ২০২৬ চনৰ ৰোমাঞ্চকৰ কাউণ্টডাউন মুহূৰ্তসমূহ মুকলি আকাশৰ তলত নৃত্য মঞ্চত উপভোগ কৰাৰ সুযোগ পাব ৷ সীমাহীন খাদ্য-পানীয় আৰু দৰ্শনীয় সংগীত পৰিবেশনেৰে তেওঁলোকে উদযাপনত যোগদান কৰিব পাৰে ৷

AMOJI CARNIVIBE 2026
১৮ ডিচেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটি শীতকালীন ফেষ্ট (ETV Bharat)

এটা দৰ্শনীয় কাৰ্নিভাল

বিভিন্ন সাজ-পোছাক পৰিহিত শিল্পীৰ বিস্ময়কৰ ফ্ল’ট আৰু নৃত্য প্ৰদৰ্শনৰ সৈতে এক দৰ্শনীয় কাৰ্নিভাল পেৰেডত আঠৰ পৰা ৮০ বছৰ বয়সৰ প্ৰতিজন ব্যক্তিয়ে ফিল্ম চিটিৰ চকু কপালত তুলিব পৰা সৌন্দৰ্য্যৰ মাজত আনন্দৰ মুহূৰ্ত অনুভৱ কৰাৰ সুযোগ পাব ৷ মিউজিকেল গ্ল’ গাৰ্ডেনে এক সম্পূৰ্ণ নতুন পৃথিৱীক জীৱন্ত কৰি তোলে, য’ত অংশগ্ৰহণকাৰীসকলে এখন যাদুকৰী জগত ভ্ৰমণ কৰিব পাৰে আৰু মন্ত্ৰমুগ্ধকৰ ছবিৰ চেটৰ সাক্ষী হ’ব পাৰে ৷ চেট ডিজাইন, কলাত্মক দক্ষতা, পৰ্দাৰ আঁৰৰ কঠোৰ পৰিশ্ৰম তেওঁলোকৰ চকুৰ সন্মুখতে উন্মোচিত হ’ব ৷

RAMOJI CARNIVIBE 2026
১৮ ডিচেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটি শীতকালীন ফেষ্ট (ETV Bharat)

বিশেষ পেকেজ আৰু সুবিধা

‘শীতকালীন উৎসৱ’ আৰু ‘ৰামোজী কাৰ্নিভাল ২০২৬’ৰ বাবে কেইবাটাও বিশেষ পেকেজ উপলব্ধ ৷ পৰ্যটকসকলে কল অন ড্ৰাইভাৰ আৰু শিশুৰ যত্নৰ সুবিধাও ল’ব পাৰে ৷ অধিক তথ্যৰ বাবে, লগ অন: www.ramojifilmcity.com বা 7659876598 ফোন কৰক ৷

RAMOJI CARNIVIBE 2026
১৮ ডিচেম্বৰৰ পৰা ৰামোজী ফিল্ম চিটি শীতকালীন ফেষ্ট (ETV Bharat)

লগতে পঢ়ক : তেলেংগানা ৰাইজিং ছামিটত ৪৪খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ, ৰামোজী ফিল্ম চিটীৰ ষ্টল আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু

প্ৰকৃতিৰ কোলাত টেণ্টৰ ভিতৰত শীতৰ আমেজ ল'ব বিচাৰিছে ? ৰামোজী ফিল্ম চিটীলৈ আহক

সমাজৰ প্ৰকৃত নায়কসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ৰামোজী উৎকৰ্ষ বঁটা