মই মোৰ পৃথিৱীখন জয় কৰাৰ পণ লৈছিলোঁ: ৰামোজী উৎকৰ্ষ বঁটাপ্ৰাপক, চেনাব দলঙৰ অভিযন্তা ড° মাধৱী লতা
আন্তঃগাঁথনি নিৰ্মাণেৰে ইতিহাস ৰচনা কৰা অভিযন্তাৰ সংখ্যা তাকৰ । তাতোকৈ তাকৰ নিজৰ ক্ষেত্ৰত ‘শ্ৰেষ্ঠত্ব’ অৰ্জন কৰা । তেনে এক উদাহৰণ হৈছে ড° মাধৱী লতা ।

Published : November 18, 2025 at 3:52 PM IST
হায়দৰাবাদ : শিলৰ কাষৰত ভাৰসাম্য ৰক্ষা কৰি থকা আৰু দুৰ্গম ভূখণ্ডৰ দ্বাৰা গঢ় দিয়া এক আন্তঃগাঁথনি জম্মু-কাশ্মীৰৰ চেনাব ৰে'ল দলংখনক যদি এক তীখাৰ কবিতা বুলি গণ্য কৰা হয়, তেন্তে ড° মাধৱী লতা গালীক সঁচা অৰ্থতে এই কবিতাৰ কবি আখ্যা দিব পাৰি । তেওঁ বছৰ বছৰ ধৰি কঠিন ভূতাত্ত্বিক আৰু লজিষ্টিক প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰি এই অভিযান্ত্ৰিক আশ্চৰ্যক জীৱন্ত কৰি তোলাত সহায় কৰিছিল ।
আইফেল টাৱাৰতকৈ ওখ সৰ্বোচ্চ ৰে'ল দলং নিৰ্মাণৰ বাবে সাহস দেখুওৱা মাধৱীয়ে আজি এনে এক অভিযান্ত্ৰিক কৃতিত্বৰ নিৰ্মাতা হিচাপে স্বীকৃতি পাইছে, যিয়ে ভূতত্ত্ব, মাধ্যাকৰ্ষণ আৰু ভূ-ৰাজনীতি এই তিনিওটাকে একেলগে প্ৰত্যাহ্বান জনাইছে ।
দেওবাৰে হায়দৰাবাদত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক প্ৰথম উৎকৰ্ষ বঁটা প্ৰদান কৰা হয় । এই উপলক্ষে তেওঁ ইটিভি ভাৰতৰ সিদ্ধাৰ্থ ৰাওৰ সৈতে মত বিনিময় কৰে । এই মত বিনিময় অনুষ্ঠানত তেওঁ কেনেদৰে এগৰাকী গাঁৱলীয়া ছোৱালীৰ পৰা আই আই এছ চিৰ প্ৰথমগৰাকী মহিলা অধ্যাপক হিচাপে স্থান লাভ কৰাৰ ‘কঠিন’ যাত্ৰাৰ বিষয়ে অতি সৰলভাৱে ব্যাখ্যা কৰে । তেওঁ কেৱল নিজৰ বাবেই নহয়, আন লাখ লাখ লোকৰ বাবেও পথ প্ৰদৰ্শন কৰিছে । বিনম্ৰতাৰ প্ৰতিভূ এইগৰাকী অতি সৰল মহিলাই আনকি তেওঁৰ নিজৰ অসাধাৰণ কৃতিত্বকো এক সাধাৰণ বিষয় হিচাপে গণ্য কৰে ।
সাক্ষাৎকাৰৰ কিছু অংশ
এছ আৰ : আপুনি সেই সফলতা অৰ্জন কৰিছে, য’ত হয়তো বহুত কম লোকহে উপনীত হৈছে । STEM বিজ্ঞানৰ ক্ষেত্ৰখনত প্ৰৱেশ, IIScৰ চিভিল ইঞ্জিনিয়াৰিঙৰ প্ৰথমগৰাকী মহিলা অধ্যাপিকা হিচাপে পৰিগণিত হোৱা আৰু বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখনৰ বাবে কাম কৰালৈকে, এইবোৰ কিমান সন্তোষজনক আছিল ?
ড° মাধৱী লতা : আপুনি যদি আই আই এছ চিৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগত প্ৰথম মহিলা অধ্যাপকৰ কথা কয়, তেন্তে মই ক’ম কোনোবা নহয় কোনোবাতো প্ৰথম মহিলা হ’বলা আছিল, আৰু সেয়া মই হ'লোঁ । বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখনৰ ডিজাইন নিৰ্মাণ কৰা দলটোৰ অংশ হৈ মোৰ বহুত ভাল লাগি আছে আৰু মই মোৰ হৃদয়খনক অপৰিসীম গৌৰৱেৰে ভৰাই তুলিছে ।
এছ আৰ : চিভিল ইঞ্জিনিয়াৰিঙে আপোনাক বাছি লৈছিল বা আপুনি চিভিল ইঞ্জিনিয়াৰিঙক বাছি লৈছিল । বিশেষকৈ মহিলাসকলে 'কঠিন' অভিযান্ত্ৰিক ক্ষেত্ৰত প্ৰৱেশক লৈ থকা কু-সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ মত ?
ড° মাধৱী লতা : হয়তো দুয়োটা । আচলতে চিভিল ইঞ্জিনিয়াৰিং মোৰ যাত্ৰাপথত আহিছিল ।
সঁচা কথা ক’বলৈ গ’লে মই কেতিয়াও অভিযন্তা হ’ব বিচৰা নাছিলোঁ । মোৰ চিকিৎসক হোৱাৰ মন আছিল । পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবেই মই ইঞ্জিনিয়াৰিং বাছি লৈছিলোঁ । তেওঁলোকে অনুভৱ কৰিছিল যে ই মোক সোনকালে থিতাপি ল’বলৈ সুবিধা দিব । আনহাতে, চিকিৎসা বিজ্ঞানত অধিক সময় আৰু বিনিয়োগৰ প্ৰয়োজন ।
চিভিল ইঞ্জিনিয়াৰিং মোৰ প্ৰথম পছন্দো নাছিল । মই ইলেক্ট্ৰ'নিকছ নাপালোঁ, গতিকে চিভিল মোৰ দ্বিতীয় পছন্দ আছিল । এই ক্ষেত্ৰত মহিলাৰ বিষয়ে কু-সংস্কাৰ আছে যদিও ব্যক্তিগতভাৱে মই নাভাবোঁ যে লিংগৰ দ্বাৰা কাৰোবাৰ কেৰিয়াৰৰ পথ নিৰ্ধাৰণ কৰা উচিত । মই নিজকে যিকোনো পুৰুষৰ সমান বুলি গণ্য কৰোঁ । আবেগে আপোনাৰ পেছাক পৰিচালিত কৰিব লাগে ।
| লগতে পঢ়ক :ৰামোজী উৎকৰ্ষ বঁটা : অন্য় ভাষাই আমাৰ জনজাতীয় পৰিচয়ৰ ওপৰত হেঁচা দিছে : অধ্যাপক সতুপতি প্ৰসন্ন শ্ৰী |
এছ আৰ : মেকানিকেল আৰু চিভিল ইঞ্জিনিয়াৰিঙক ‘কঠিন’ আৰু শাৰীৰিকভাৱে প্ৰত্যাহ্বানপূৰ্ণ ক্ষেত্ৰ হিচাপে গণ্য কৰা হয় । আপুনি কেতিয়াবা লিংগভিত্তিক বাধাৰ সন্মুখীন হৈছিল নেকি ?
ড° মাধৱী লতা : নাই, মোৰ লিংগৰ বাবে মই কোনো বাধাৰ সন্মুখীন হোৱা নাছিলোঁ । হয়, এই ক্ষেত্ৰত, বিশেষকৈ নিৰ্মাণস্থলীত শাৰীৰিক কাম আছে, কিন্তু মহিলাসকলে ইয়াক চম্ভালিব পাৰে । মহিলাসকলে মহাকাশলৈ গৈ মাহৰ পিছত মাহ জীয়াই থাকিব পাৰে । চিভিল ইঞ্জিনিয়াৰিং মহিলাসকলে ভয় কৰা উচিত নহয় । কিন্তু কোনোবাই যদি ৯ বজাৰ পৰা ৫ বজালৈ ডেস্কৰ কাম বিচাৰে, তেন্তে এই ক্ষেত্ৰখন তেওঁলোকৰ বাবে নহয় । যদি আপুনি দেশ-নিৰ্মাণৰ প্ৰতি আকৰ্ষিত, তেন্তে এই কামটো আপোনাৰ বাবে ।
এছ আৰ : আপুনি দেশ-নিৰ্মাণৰ কথা উল্লেখ কৰিছে আৰু 'ভয়ংকৰ' শব্দটোও ব্যৱহাৰ কৰিছে, যিটো চেনাব দলঙৰ অৱস্থান, উচ্চতা আৰু ভূ-ৰাজনৈতিক সংবেদনশীলতাৰ বাবে বহু লোকে ইয়াক এই ৰূপত অনুভৱ কৰে । আপুনি 'ডিজাইন-এজ-ইউ-গ'' পদ্ধতিৰ বাবেও পৰিচিত । এইবোৰ কেনেকৈ সম্ভৱ হ'ল ?
ড০ মাধৱী লতা : বহু বছৰ ধৰি চলিব লগা যিকোনো বৃহৎ আন্তঃগাঁথনি প্ৰকল্পত 'ডিজাইন-এজ-ইউ-গ’ ধাৰণাটো ব্যৱহাৰ কৰা হয় । পৰিস্থিতি সলনি হয়- যেনেকৈ শিলবোৰৰ আকৃতি সময়ৰ লগে লগে সলনি হয় । চেনাব দলঙৰ দৰে প্ৰাকৃতিক ঢালত নিৰ্মিত প্ৰকল্পৰ বাবে এই পদ্ধতি অতি প্ৰয়োজনীয় হৈ পৰে । ই কেৱল মোৰ ধাৰণা নাছিল, ই এক বিশ্বজনীন চিভিল ইঞ্জিনিয়াৰিং প্ৰেকটিছ যিটো অতি কমেইহে ব্যৱহাৰ কৰা হয় । ভাৰতীয় ৰে'লৱে, নিৰ্মাণ কোম্পানী, মোৰ দৰে ডিজাইনাৰ সকলোৱে একেলগে কাম কৰিছিল । সেইদৰেই দলংখনৰ বিকাশ ঘটি আজিৰ ৰূপত পৰিণত হ’ল ।
এছ আৰ : প্ৰযুক্তিৰ বিকাশ দ্ৰুতগতিত হয় । বহনক্ষমতা, সুৰক্ষা আৰু পৰিৱেশৰ চিন্তা আধুনিক অভিযান্ত্ৰিকীকৰণৰ লগত কেনেকৈ খাপ খাই পৰে ?
ড০ মাধৱী লতা : মই আই আই এছ চিৰ বহনক্ষম প্ৰযুক্তিৰ অধ্যক্ষ, গতিকে বহনক্ষমতাক গভীৰভাৱে বুজোঁ । কিছুমানে যুক্তি আগবঢ়ায় যে চিমেণ্ট আৰু কংক্ৰিট বহনক্ষম নহয়, কিন্তু বহনক্ষমতা কেৱল সামগ্ৰীৰ বিষয়তে নহয়, ই সম্পূৰ্ণ পৰিৱেশ প্ৰভাৱ আৰু জীৱনচক্ৰৰো অংশ ।
শেহতীয়াকৈ জম্মুৰ বানৰ সময়ত চেনাব ৰে'ল দলং আছিল একমাত্ৰ জীৱন ৰেখা । ৰাস্তা-ঘাট বন্ধ কৰি দিয়া হৈছিল; এই পথেৰে সাহায্য সামগ্ৰী আৰু ভুক্তভোগীসকলক পৰিবহণ কৰা হৈছিল । পচি যাব ধৰা লাখ লাখ টন আপেল দিল্লীলৈ লৈ যোৱা হ’ল । সেয়া হ’ল বহনক্ষমতা ।
প্ৰথম অৱস্থাত মানুহে এই প্ৰকল্পৰ বিৰোধিতা কৰিছিল যদিও বানপানীৰ সময়ত তেওঁলোকে উপলব্ধি কৰিছিল যে ইয়াৰ কিয় প্ৰয়োজন । বহনক্ষমতায়ে হৈছে মানুহক তেওঁলোকৰ পৰিৱেশতন্ত্ৰৰ ক্ষতি নকৰাকৈ সুৰক্ষিত ৰখা আৰু আমি সেইখিনি লাভ কৰিলোঁ ।
এছ আৰ : তাৰমানে বহনক্ষমতাৰ অৰ্থ কেৱল সামগ্ৰী আৰু নিৰ্গমনতকৈ অধিক ?
ড০ মাধৱী লতা : সঠিক । নদীখন দুখন পাহাৰৰ মাজেৰে বৈ গৈছে আৰু আমি সিহঁতৰ প্ৰাকৃতিক গতিপথত ব্যাঘাত নপৰাকৈ এখন বিশাল দলং নিৰ্মাণ কৰিলোঁ । জম্মু আৰু শ্ৰীনগৰৰ মাজত যাত্ৰাৰ সময় ৫০% হ্ৰাস কৰা হৈছে, যাৰ অৰ্থ হৈছে পথ যাতায়াতৰ পৰা নিৰ্গমনৰ পৰিমাণ ব্যাপক হ্ৰাস । সেয়াও বহনক্ষমতা ।
এছ আৰ : ইয়াৰ পৰা আকৌ আমি STEM আৰু লিংগলৈ ঘূৰি আহিছোঁ । STEM-ৰ শীৰ্ষ ৭৫ গৰাকী মহিলাৰ ভিতৰত আপুনি স্বীকৃতি লাভ কৰিছে । মহিলাসকলে লিংগৰ বাধা অতিক্ৰম কৰাৰ ক্ষেত্ৰত আপোনাৰ মতামত কি ?
ড° মাধৱী লতা : অতি প্ৰাসংগিক কথা । লিংগ পক্ষপাতিত্বৰ অস্তিত্ব আছেই । কাঁচৰ চিলিং এখন আছে । পৰিৱৰ্তন দুয়োপক্ষৰ পৰা আহিব লাগিব- মহিলা নিৰ্ভীক হ’ব লাগে আৰু উদ্যোগটোৱে মহিলাৰ শক্তিক স্বীকাৰ কৰিব লাগে ।
মহিলাসকলে প্ৰায়ে প্ৰতিটো কাম অতি নিয়াৰিকৈ সমাধান কৰে । মই পুৰুষসকলক নিজৰ দায়িত্বৰ পৰা মূৰপোলোকা মৰা দেখা পাইছোঁ । আনহাতে, কৰ্মোদ্যমী মহিলাসকলে খোজেপ্ৰতি আগবাঢ়ি যায় । সময়ৰ লগে লগে উদ্যোগ জগতে এই কথা বুজিব । আমি অধিক মহিলা চি ই অ’ আৰু মহিলাক জটিল ভূমিকাত থকা দেখিবলৈ পাইছোঁ । পৰিৱৰ্তন হৈ আছে, আপুনি মোকেই উদাহৰণ হিচাপে ল'ব পাৰে । এতিয়া হয়তো কেইটামান উদাহৰণ আছে । আগলৈ এনে উদাহৰণ আমি বহুত দেখিম ।
এছ আৰ : দশম শ্ৰেণীৰ পিছতে বিয়া হৈ যোৱা ছোৱালীবোৰৰ কথা কি ক’ব ? আজি তেওঁলোকৰ বাবে কি কি পথ আছে ?
ড° মাধৱী লতা : ই এক অতি বেদনাদায়ক বাস্তৱ । মই নিজেও ১৩ বা ১৪ বছৰ বয়সত বিয়া হ’ব পাৰিলোহেঁতেন । বহু গাঁৱত এতিয়াও আগতীয়াকৈ বিয়া কৰোৱাটো পৰম্পৰাগত দায়িত্ব হিচাপে গণ্য কৰা হয় ।
এই ছোৱালীবোৰৰ নিৰ্ভীক হোৱাৰ ভিত্তি নাই । চৰকাৰে তেওঁলোকৰ শিক্ষাৰ সমৰ্থন কৰিব লাগিব । ব্যৱস্থাগত পৰিৱৰ্তন অতি প্ৰয়োজনীয় ।
বহু অভিভাৱকে মোৰ কাহিনী পঢ়াৰ পিছত মোলৈ লিখিছে যে তেওঁলোকে নিজৰ ছোৱালীক পঢ়াব । অভিভাৱকক অনুপ্ৰাণিত কৰিবলৈ বাস্তৱ কাহিনীবোৰ আলোকপাত কৰিব লাগিব । ছোৱালী ল’ৰাৰ সমান হ’ব পাৰে, কিন্তু পৰিয়াল আৰু ব্যৱস্থাই তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰিব লাগিব ।
এছ আৰ : আপোনাৰ যাত্ৰা- এগৰাকী পি এইচ ডি, অধ্যাপক, চেনাব দলঙৰ অভিযন্তা, বঁটা বিজয়ী... যুৱতীসকলক কি বাৰ্তা দিব বিচাৰিব ?
ড° মাধৱী লতা : ডাঙৰ সপোন দেখক, কিন্তু নিজৰ সীমাবদ্ধতা বুজিব লাগিব । আকাশত নিজৰ স্থানটো বিচাৰি উলিয়াওক । মোৰ জন্মৰ দিনটোতে মোৰ জীৱনটো সংজ্ঞায়িত হৈ অহা নাছিল; মই আগবাঢ়ি যোৱাৰ লগে লগে ইয়াৰ ক্ৰমান্বয়ে বিকাশ ঘটিছিল । মই কেতিয়াও সুযোগক না কোৱা নাছিলোঁ । সন্দেহক মই কেতিয়াও মোক স্তব্ধ কৰিব দিয়া নাছিলোঁ । সকলোৱে সকলো কৰিব নোৱাৰে, গতিকে আকাশৰ কোণটো সীমালৈ উৰিব পাৰিব সেইটো বিচাৰি উলিয়াব লাগিব । এইটোৱেই হৈছে মোৰ বিশ্বাস । আপোনাৰ জীৱনটো আপোনাৰ জন্মৰ দিনটোতে নিৰ্ধাৰিত হৈ নাহে ।
এসময়ত মই যিজনী সৰু ছোৱালী আছিলোঁ আজি যদি মই সেইজনীলৈ উভতি চাওঁ আৰু এতিয়া মই য’ত থিয় হৈছোঁ, সেয়া কেতিয়াও কল্পনাও কৰিব নোৱাৰি । কিন্তু মই সদায় এটা সপোন হৃদয়ত কঢ়িয়াই লৈ ফুৰিছিলোঁ যে মই উৰি যাম, মই কোনোবা হ'ম । সেই আবেগ সদায় আছিল । বঁটাবোৰ নিজাববীয়াকৈ আহে । আজি মই যি বঁটা লাভ কৰিছোঁ সেয়া কেৱল চেনাব দলঙৰ বাবে নহয়, মই জীৱনত যিমান কষ্ট কৰিছোঁ তাৰবাবেহে ।
যেতিয়া আপুনি ধাৰাবাহিকভাৱে কঠোৰ পৰিশ্ৰম কৰে তেতিয়া বঁটা আহে । দ্বাদশ শ্ৰেণীলৈকে তেলেগু মাধ্যমত পঢ়িছিলোঁ, অভিযান্ত্ৰিক বিষয়ত ইংৰাজীৰ সৈতে যুঁজিছিলো আৰু বহুত লাজকুৰীয়া স্বভাৱৰ আছিলোঁ । কিন্তু মই স্বগতোক্তি কৰিলোঁ যে মই মোৰ পৃথিৱীখন জয় কৰিম । যিকোনো ছোৱালীয়ে এই কাম কৰিব পাৰে, পাৰ্থক্য মাথোঁ পৰিস্থিতি আৰু সাহস । সেয়ে তাৰ সৈতে সামঞ্জস্যপূৰ্ণ হওক । কেতিয়াও হাৰ নামানিব । প্ৰাপ্যতকৈ কম টকাত কেতিয়াও সন্তুষ্ট নহ’ব ।

