ৰামোজী উৎকৰ্ষ বঁটা ২০২৫: মানৱ অধিকাৰ কৰ্মী হ’বলৈ কিয় মন মেলিছিল পল্লৱীয়ে
কিমানক উদ্ধাৰ কৰিছে, সেয়া পল্লৱীৰ বাবে মূল কথা নহয় । বিনিময়ত পোৱা কৃতজ্ঞতা আৰু আবেগিক সমৰ্থনৰ কথাতহে গুৰুত্ব দিয়ে তেওঁ ।

Published : November 18, 2025 at 2:55 PM IST
হায়দৰাবাদ: বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা, জ্ঞানৰ উন্নতিত অৰিহণা যোগোৱা আৰু জাতিটোক অনুপ্ৰাণিত কৰা সাতজন ব্যক্তিক ৰামোজী উৎকৰ্ষ বঁটা ২০২৫-ৰে সন্মানিত কৰা হয় । তাৰ ভিতৰত অন্যতম আছিল পশ্চিমবংগৰ পল্লৱী ঘোষ ৷ এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে পৰিচিত পল্লৱীৰ এই যাত্ৰাৰ বিষয়ে জানো আহক ৷
বাৰ বছৰ বয়সত অনুসন্ধিৎসু মনৰ পল্লৱী ঘোষে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ এখন সৰু গাঁৱত লগ পায় এজন লোকক ৷ লোকজনে নিজৰ নিৰুদ্দিষ্ট কন্যাক বিচাৰি ইফালে-সিফালে হাহাকাৰ কৰি ফুৰিছিল ৷ পল্লৱী আৰু তেওঁৰ খুৰাকে এই কথা জানিব পাৰি লোকজনৰ এই অভিযানত সংগ দিয়ে ৷ তেতিয়ালৈকে নিৰুদ্দিষ্ট কন্যাগৰাকীৰ সন্দৰ্ভত সকলো অজ্ঞাত আছিল ৷ পল্লবীয়ে ভাবিলে, গাঁৱখনত সকলোৱে চিনি পোৱা এগৰাকী কন্যা কেনেকৈ অন্তৰ্ধান হ’ব পাৰে ।
কন্যা শিশুটিৰ সন্ধান পোৱা নগ’ল । পশ্চিমবংগৰ পৰা অসমৰ ঘৰলৈ উভতি আহোতেও এই ঘটনাটোৱে পল্লৱীৰ মনত দোলা দি থাকিল । মানৱ সৰবৰাহ শব্দটোৰ সৈতে পল্লৱীৰ এয়া প্ৰথম পৰিচয় যদিও সেই সময়ত তেওঁ ইয়াৰ অৰ্থ মুঠেও বুজি পোৱা নাছিল ।
দুটা দশকৰো অধিক সময়ৰ পাছত তেওঁ মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৰক্ষা পৰা ১০ হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু ৭৫ হাজাৰৰো অধিক মহিলাৰ জীৱনত প্ৰভাৱ পেলাইছে ৷ এই সৰবৰাহৰ নেটৱৰ্কৰ পৰা লাভ কৰা ভাবুকি আৰু ব্যৱস্থাগত উদাসীনতাৰ পিছতো পল্লৱীয়ে নিজৰ অভিযানত অটল হৈ আছে ।
২০২০ চনত তেওঁ ইমপেক্ট এণ্ড ডায়লগ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে, যাৰ লক্ষ্য আছিল মানৱ সৰবৰাহৰ উৎস বন্ধ কৰা আৰু ভুক্তভোগীক সামগ্ৰিক সহায় আগবঢ়োৱা । ৩৫ বছৰীয়া পল্লৱীয়ে মানৱ অধিকাৰ, মহিলা সবলীকৰণ আৰু সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে দেওবাৰে সফল মহিলাৰ শাখাত প্ৰথমবাৰৰ বাবে আগবঢ়োৱা ৰামোজী উৎকৰ্ষ বঁটা লাভ কৰে ।
এক আছুতীয়া বাৰ্তালাপত পল্লৱীয়ে নিজৰ এইপৰ্যন্ত যাত্ৰা, এগৰাকী মানৱ অধিকাৰ কৰ্মীৰ জীৱন কিমান বিপদজনক হ’ব পাৰে আৰু কিহে তেওঁক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে, এই আটাইবোৰৰ বিষয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷
‘‘তাৰ পিছত (বংগত থকা সময়ত) মোৰ ১৯ বছৰ বয়সলৈকে বহু ঘটনা ঘটিছিল । অৱশেষত স্নাতক ডিগ্ৰী লাভৰ প্ৰথম বৰ্ষত মই গম পালো যে শিশু নিৰুদ্দেশ হোৱাৰ অন্যতম কাৰণ হৈছে সৰবৰাহ । তেতিয়াই মই সিদ্ধান্ত লৈছিলো যে মই এইক্ষেত্ৰত কাম কৰিম ৷’’ পল্লৱীয়ে কয় ৷
অসমত জন্মগ্ৰহণ কৰা পল্লৱীয়ে দিল্লীতে উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ মানৱ সৰবৰাহ সম্পৰ্কীয় গোচৰৰ সন্ধান আৰু ইয়াৰ সৈতে জড়িত লোকসকলক উদ্ধাৰৰ বাবে পল্লৱীয়ে প্ৰথমে ৰাজধানী দিল্লী, হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা কাম আৰম্ভ কৰিছিল ৷ পল্লৱীয়ে উপলব্ধি কৰিছিল যে এই ক্ষেত্ৰখনৰ কৰ্মীসকলে মুখ্য উৎস থকা অঞ্চলসমূহৰ পৰা কাম কৰিবলৈ সক্ষম হোৱা নাছিল ।
তেওঁ কয়, ‘‘সৰবৰাহৰ ক্ষেত্ৰত এক উৎস, এক ট্ৰেনজিট আৰু এক গন্তব্যস্থান থাকে । এগৰাকী যুৱ কৰ্মী হিচাপে মই যেতিয়া দিল্লী, হাৰিয়ানা আৰু ৰাজস্থানত কাম কৰিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া মই উপলব্ধি কৰিছিলো যে এই অঞ্চলত কাম কৰা আন সকলো কৰ্মীয়ে কেৱল গন্তব্যস্থানতহে কাম কৰি আছে । কিন্তু অপৰাধ নিৰ্মূল কৰিব বিচাৰিলে ইয়াৰ আৰম্ভণিৰ উৎসলৈ যাব লাগিব । তেতিয়াই মই সিদ্ধান্ত লৈছিলো যে মই উৎসৰ ওচৰলৈ যাব লাগিব ।’’
ইয়াৰ পিছত পল্লৱীয়ে পশ্চিমবংগ, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ আৰম্ভ কৰে, যিবোৰ ৰাজ্য তেওঁৰ মতে মানৱ সৰবৰাহৰ বহু গোচৰৰ উৎস আছিল । বছৰ বছৰ ধৰি মানুহৰ যন্ত্ৰণা আৰু পৰিৱৰ্তন প্ৰতিৰোধী ব্যৱস্থাৰ সৈতে যুঁজি থকাৰ পিছতো পল্লৱীয়ে কয় যে মানুহৰ সৈতে হোৱা সংযোগেহে তেওঁক আগুৱাই লৈ গৈছে । পল্লৱীৰ আজিও মনত আছে তেওঁ প্ৰথম উদ্ধাৰ কৰা শিশুটোৰ কথা, যাৰ মাকে কৃতজ্ঞতাৰ চিন হিচাপে দহ ঘণ্টা ধৰি যাত্ৰা কৰি আহি এটা তৰমুজ উপহাৰ হিচাপে তেওঁলৈ লৈ আহিছিল ৷
পল্লৱীয়ে কয়, ‘‘আদালতৰ শুনানিৰ পিছত সেই ছোৱালীজনীয়ে এনেকুৱা এটা কথা ক’লে, যিটো মোৰ আজিও মনত আছে । শিশুটিয়ে দণ্ডাধীশক কৈছিল, ‘‘মোৰ মায়ে মোক জন্ম দিলে, কিন্তু এইগৰাকী মাতৃয়ে মোক ৰক্ষা কৰিলে ।’’ ‘‘এনে বহু মুহূৰ্তই মোক মনত পেলাই দিয়ে যে মই কিয় এই যাত্ৰা আৰম্ভ কৰিলোঁ আৰু কিয় বন্ধ কৰিব নোৱাৰো ৷’’ পল্লৱীয়ে কয় ৷
পল্লৱীৰ বাবে এই কামটো কাৰোবাৰ জীৱন ৰক্ষাৰ বাহিৰেও বহু ওপৰত । অকুণ্ঠ মৰম আৰু কৃতজ্ঞতাত মূৰ দোঁ খাই পৰে তেওঁৰ ৷ ‘‘মোৰ বাবে এটা গুড়ৰ টুকুৰা আনিবলৈ বা বাৰীৰ ফুলেৰে তৈয়াৰী কাৰ্ড এখন মোক দিবলৈ মাইলৰ পৰা মাইল ভ্ৰমণ কৰা মহিলাও আছে । এই সকলোবোৰ টকাৰে কিনিব নোৱাৰি ৷ এই সৰু সৰু, মানুহৰ পাৰস্পৰিক ক্ৰিয়া-কলাপবোৰেই তেওঁলোকক এই অন্যথা ক্লান্তিকৰ ক্ষেত্ৰখনত আবেগিকভাৱে শক্তিশালী কৰি ৰাখে ৷’’ তেওঁ কয় ৷
তিনিটা পি(P) ৰ সৈতে জড়িত পল্লৱীৰ এই যাত্ৰা - প্ৰতিৰোধ(Prevention), সুৰক্ষা(Protection) আৰু বিচাৰ(Prosecution) ৷ এইবোৰৰ ভিতৰত বিচাৰ চলোৱাটোৱেই আটাইতকৈ কঠিন কাম বুলি পল্লৱীয়ে স্বীকাৰ কৰে । তেওঁ কয়, ‘‘মই হাজাৰ হাজাৰ লোকক উদ্ধাৰ কৰিছো, কিন্তু অতি কম সংখ্যক লোককহে শাস্তি দিয়া হৈছে । আচল সংগ্ৰাম উদ্ধাৰ অভিযানৰ সময়ত নহয়, বৰং তেওঁলোকৰ বাবে তাৰপিছতহে আৰম্ভ হয় । ভুক্তভোগীক বাৰে বাৰে, প্ৰায়ে বছৰ বছৰ ধৰি সাক্ষ্য দিবলৈ মাতি অনা হয় আৰু বহুতে অতিষ্ঠ হৈ নিজৰ গোচৰ প্ৰত্যাহাৰ নকৰালৈকে আঘাত সহ্য কৰিবলৈ বাধ্য হয় ।’’
যিবোৰ অঞ্চলত দৰিদ্ৰতাই মানুহক দুৰ্বল কৰি তোলে, সেইবোৰ অঞ্চলত প্ৰতিৰোধো জটিল । উত্তৰ-পূর্বাঞ্চলত কাম কৰি থাকোঁতে তেওঁ দেখিছে গৃহিণীসকলে পৰিয়ালক খুওৱাবলৈ পাত উতলায় ৷ ‘‘যেতিয়া মানুহে নাজানে তেওঁলোকৰ পৰৱৰ্তী আহাৰ ক’ৰ পৰা আহিব, তেতিয়া সৰবৰাহকাৰীয়ে তেওঁলোকক উন্নত জীৱনৰ প্ৰতিশ্ৰুতি দিয়াটো সহজ হৈ পৰে । দৰিদ্ৰতাই তেওঁলোকক পোনে পোনে ফান্দত পেলায় ৷’’ পল্লৱীয়ে বুজাই দিয়ে ।
পল্লৱীয়ে পোহৰলৈ অনা কাহিনীবোৰ বৰ দুখৰ ৷ ২০১৩ চনত চাৰিমহীয়া কেঁচুৱা এটাক উদ্ধাৰ কৰাৰ কথা তেওঁ মনত পেলাই, যিটো কাণ্ডই মানৱ সৰবৰাহৰ নেটৱৰ্কে কেনেকৈ হতাশা আৰু প্ৰতাৰণাক শোষণ কৰে সেই কথা উদঙাই দিছিল । সন্তান বিক্ৰী কৰাৰ অভিযোগত অভিযুক্ত মাতৃগৰাকীয়ে নিজেও বাৰে বাৰে নিৰ্যাতনৰ বলি হৈছিল । পল্লৱীয়ে কয়, ‘‘মহিলাগৰাকীয়ে কৈছিল যে তেওঁ যিখিনি সহ্য কৰিছে, তেওঁৰ সন্তানে সেয়া সহ্য কৰিবলগীয়া নহওঁক । সেইটো সদায় মোৰ মনত ৰৈ গ’ল ৷’’
পল্লৱীৰ বাবে প্ৰতিটো উদ্ধাৰে হৈছে বাল্যবিবাহ, শ্ৰমৰ বান্ধোন, ঘৰুৱা দাসত্ব বা অংগ ব্যৱসায়ৰ দৰে বিভিন্ন ৰূপত শোষণ কেনেকৈ চলি থাকে, সেইবোৰৰ এক খিৰিকী । তেওঁ সকীয়াই দিয়ে যে প্ৰযুক্তিয়ে সৰবৰাহকাৰীক অনুসৰণ কৰাটো আৰু অধিক কঠিন কৰি তুলিছে । ডিচপ’জেবল ছিম কাৰ্ড, ভুৱা আধাৰ চিনাক্তকৰণ কাৰ্ড, এনক্ৰিপ্ট কৰা প্লেটফৰ্ম আৰু ডাৰ্ক ৱেব নেটৱৰ্কে অপৰাধক অধিক গভীৰতালৈ শিপাইছে ৷
২০২৪ চনত সংঘটিত এটা ভয়ংকৰ গোচৰৰ কথা তেওঁ কয়, য’ত এটা অভিজাত পৰিয়ালৰ এগৰাকী কিশোৰীক অনলাইনৰ জৰিয়তে প্ৰলোভিত কৰা হৈছিল । পল্লৱীয়ে কয়, ‘‘কিশোৰীগৰাকীৰ পিতৃ-মাতৃ দুয়ো চৰকাৰী কৰ্মচাৰী আছিল আৰু ধ্যান-ধাৰণাৰ বাহিৰে তাইৰ সকলোতে বিলাসিতা আছিল ।’’
কিশোৰীগৰাকীয়ে আমাক কৈছিল, ‘‘মোৰ পিতৃ-মাতৃয়ে মোক সময়ৰ বাহিৰে সকলো দিছিল ।’’ কিশোৰীগৰাকীয়ে বুজাইছে যে এই গোচৰটোৱে সৰবৰাহৰ আৰু অনলাইন গ্ৰুমিঙৰ এক নতুন মাত্ৰা পোহৰলৈ আনিলে - ধনী পৰিয়ালবোৰৰ আবেগিক অৱহেলা আৰু ডিজিটেল দুৰ্বলতা ।
তেওঁৰ এন জি অ’, ইমপেক্ট এণ্ড ডায়লগ ফাউণ্ডেশ্যনৰ জৰিয়তে পল্লৱীয়ে এতিয়া সম্প্ৰদায় সবলীকৰণৰ জৰিয়তে প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সংস্থাটোৱে অসম, বংগ আৰু মেঘালয়ক নিৰাপদ স্থান হিচাপে বিবেচিত কৰি ভুক্তভোগী আৰু বিপদত পৰা কন্যাসকলক বৃত্তিমূলক, শৈক্ষিক আৰু আবেগিক প্ৰশিক্ষণ প্ৰদান কৰে ৷
তেওঁ বুজাই দিয়ে, ‘‘আমাৰ লক্ষ্য প্ৰতিগৰাকী ছোৱালীক কৰ্মী কৰি তোলা নহয় । কোনোৱে পঢ়িব বিচাৰে, কোনোৱে কিছু কাম শিকিব বিচাৰে । আচল কথাটো হ'ল তেওঁলোকক নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ শিকোৱা ।’’
এজন ‘‘দিদি’’ ক আন দহজনক নেতৃত্ব দিবলৈ প্ৰশিক্ষণ দিয়াৰ পল্লৱীৰ মডেলটোৱে ক্ৰমান্বয়ে গাঁওবোৰত সজাগতাৰ নেটৱৰ্ক গঢ়ি তুলিছে । গাঁৱৰ সঁহাৰি সমিতি আৰু নিয়মীয়া নিৰীক্ষণৰ দ্বাৰা এই পদক্ষেপে বাহ্যিক নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে স্থানীয় জবাবদিহিতা নিশ্চিত কৰে ।
‘‘সৰবৰাহ শেষ কৰাৰ একমাত্ৰ উপায় হ’ল সমাজখনক দায়বদ্ধ কৰা । এনেধৰণৰ এন জি অ' আহিব আৰু যাব, কিন্তু এটা সম্প্ৰদায়ে নিজৰ সন্তানক সুৰক্ষা দিব লাগিব ৷’’ পল্লৱীয়ে দৃঢ়তাৰে কয় ।
বছৰ বছৰ ধৰি তৃণমূল পৰ্যায়ত কাম কৰাৰ পিছত পল্লৱীয়ে নিজৰ গোপনীয়তা ৰক্ষা কৰিবলৈ শিকিছে । তেওঁ কয়, ‘‘মই আনকি ভাবুকিও পাইছিলো । এটা ভাইৰেল প’ডকাষ্টৰ পিছত প্ৰায় এবছৰ ধৰি মই মুকলিকৈ চলা-ফুৰা কৰিব নোৱাৰা হ’লো । নিজৰ চেহেৰা আৰু নাম প্ৰকাশ নকৰাটো কঠিন যদিও পল্লৱীয়ে কঠোৰ নিৰাপত্তা নীতি মানি চলে । এতিয়া মই মোৰ জীৱনটো ব্যক্তিগতভাৱে ৰাখিছো । ই একমাত্ৰ উপায় ।’’
ৰামোজী উৎকৰ্ষ বঁটা লাভ কৰাটো খ্যাতিৰ কথা নহয়, বিষয়টোৰ দৃশ্যমানতাৰ বাবে গুৰুত্বপূৰ্ণ কথা বুলিও কয় পল্লৱীয়ে । পল্লৱীয়ে কয়, ‘‘মোৰ ক্ষেত্ৰখন এনেকুৱা, য’ত মানুহে কথা ক'ব নিবিচাৰে । ইয়ে তেওঁলোকক অস্বস্তিত পেলায় । কিন্তু মানৱ সৰবৰাহ বহু দূৰৰ কথা নহয়, ই আধুনিক যুগৰ দাসত্ব । চহৰত, কাৰখানাত, জলকীয়াৰ খেতিত ই চলি আহিছে ৷ আমি কৰিব পৰা আটাইতকৈ সহজ কামটো হ’ল ইয়াৰ অস্তিত্ব স্বীকাৰ কৰা ।’’
এই পথ অনুসৰণ কৰিব বিচৰাসকলক পল্লৱীয়ে সহজ কিন্তু দৃঢ় পৰামৰ্শ দিছে - ‘‘নিশ্চিত হওক যে আপুনি সেইটো কৰিব বিচাৰে, কাৰণ ই সহজ নহয় ৷ বহু স্বেচ্ছাসেৱকে উৎসাহেৰে আৰম্ভ কৰে যদিও আবেগিকভাৱে আঘাতপ্ৰাপ্ত হ’লে, তেওঁলোকে চাকৰি এৰি দিয়ে । আনকি মোৰ পৰিয়ালে এটা সময়ত মোৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁলোকে ভাবিছিল যে মই মোৰ ভৱিষ্যত ধ্বংস কৰি আছো । কিন্তু দহ বছৰৰ পাছত কৈছে - তাই আমাৰ ।’’
পল্লৱীৰ মতে, ‘‘পৰিৱৰ্তনৰ কোনো চমু পথ নাই, অধ্যৱসায়ৰ পৰাই ই উদ্ভৱ হয় ৷ যদি আপোনাৰ উদ্দেশ্য নিকা হয়, তেন্তে বিশ্বব্ৰহ্মাণ্ডখনে আপোনাক সহায় কৰিবলৈ তাত থাকিব ৷’’
লগতে পঢ়ক: ৰামোজী উৎকৰ্ষ বঁটা : অন্য় ভাষাই আমাৰ জনজাতীয় পৰিচয়ৰ ওপৰত হেঁচা দিছে : অধ্যাপক সতুপতি প্ৰসন্ন শ্ৰী

