ETV Bharat / bharat

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ​​ৰায়ক গৃহবন্দী

কংগ্ৰেছৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ মন্দিৰ ভ্ৰমণৰ পূৰ্বে গৃহবন্দী কৰাৰ অভিযোগ

File photo
উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ​​ৰায়ক গৃহবন্দী (/IANS)
author img

By PTI

Published : June 30, 2026 at 4:03 PM IST

3 Min Read
Choose ETV Bharat

অযোধ্যা: উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ​​ৰায়ক সোমবাৰৰ মাজনিশাৰে পৰা গৃহবন্দী কৰি ৰখা হৈছে । অযোধ্যাৰ ৰাম মন্দিৰ ভ্ৰমণৰ পূৰ্বে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীক এইদৰে গৃহবন্দী কৰি ৰখা বুলি দলটোৱে অভিযোগ উত্থাপন কৰিছে ।

সোমবাৰে নিশা উত্তৰ প্ৰদেশ কংগ্ৰেছ প্ৰকাশ কৰা এক বিবৃতিত এই গৃহবন্দীৰ কথা উল্লেখ কৰা হৈছে । উল্লেখ্য যে মঙলবাৰে কংগ্ৰেছৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল এটাই মন্দিৰ ভ্ৰমণৰ কথা আছিল । ইয়াৰ পূৰ্বে ৰাজ্যৰ কংগ্ৰেছৰ মুৰব্বীগৰাকীক গৃহবন্দী কৰি ৰখা বুলি এই বিবৃতিটোত অভিযোগ কৰা হৈছে ।

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত সংঘটিত অনুদান আত্মসাৎ সম্পৰ্কীয় অভিযোগে ৰাজ্য়খন উত্তাল কৰি ৰখাৰ মাজতেই অজয় ​​ৰায়ক গৃহবন্দী কৰি ৰখা হয় । কংগ্ৰেছৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোত বাৰাবংকিৰ প্ৰাক্তন সাংসদ এছ পি গৌতম, প্ৰাক্তন বিধায়ক দীপক সিং, মহাৰাজগঞ্জৰ প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ চৌধুৰী আৰু বাৰাবংকিৰ প্ৰাক্তন বিধায়ক মিতা গৌতমো যোৱাৰ কথা আছিল ।

এক্স'ত পোষ্ট কৰি ৰাজ্যিক সভাপতি ​​ৰায় এইদৰে কয়, "মই অযোধ্যাত উপস্থিত হোৱা মাত্ৰেই বিজেপি চৰকাৰে ইমানেই ভয় খালে যে আৰক্ষীয়ে মোক হোটেলত গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ জীপত লৈ গৈ আছে ।" তেওঁ লগতে কয়, "নিশা প্ৰায় ১১:৩০ বজাত আৰক্ষীয়ে আমাক বলপূৰ্বক গ্ৰেপ্তাৰ কৰি আচাৰ্য নৰেদ্ৰ দেৱ বিশ্ববিদ্য়ালয়ৰ অতিথিশালালৈ নিছে ।"

তেওঁলোকক হাৰাশাস্তি কৰা বুলি ৰায়ে অভিযোগ কৰি কয়, "প্ৰসাদ আৰু দান চুৰিৰ লগতে ভূমি কেলেংকাৰীৰ জৰিয়তে আৰএছএছ আৰু বিজেপিয়ে এই পবিত্ৰ স্থানলৈ অনা বদনাম সন্দৰ্ভতো আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব বিচাৰিছিলো ।" তেওঁ লগতে কয় যে তেওঁলোকে বাধা দিব নোৱাৰে । কংগ্ৰেছে স্থানীয় প্ৰশাসনক এই প্ৰস্তাৱিত ভ্ৰমণৰ বিষয়ে অৱগত কৰিছিল বুলিও ৰায়ে কয় ।

তেওঁলোকক বাধা দিব পাৰে বুলি আশংকা কৰিয়েই কংগ্ৰেছ নেতাসকলে এইদৰে অযোধ্যাত উপস্থিত হৈছিল । আগদিনা সন্ধিয়া ৰে'লযোগে অযোধ্যাত উপস্থিত হৈ ৰে'ল ষ্টেচনৰ সমীপৰ হোটেল এখনত থাকি অযোধ্যা যোৱা কথা আছিল যদিও আৰক্ষীয়ে তেওঁৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি তেওঁক গৃহবন্দী কৰি ৰাখিলে ।

দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সঞ্জয় তিৱাৰীয়ে কয় যে তেওঁক কুমাৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নিজৰ বাসগৃহতো আৱদ্ধ কৰি ৰখা হৈছে । ৰায়ে ১৮ জুনত প্ৰাৰ্থনাৰ বাবে হানুমানগড়ী আৰু ৰাম মন্দিৰ ভ্ৰমণ কৰিছিল । সেই সময়ত তেওঁ ৰাম মন্দিৰত প্ৰসাদ চুৰিৰ সৈতে জড়িত কাণ্ডটোক পূৰ্ব পৰিকল্পিত ডকাইতি বুলি মন্তব্য় কৰিছিল ।

ইয়াৰ পূৰ্বে সোমবাৰে উত্তৰ প্ৰদেশৰ মন্ত্ৰী দয়াশংকৰ সিঙে কয় যে বিৰোধী নেতাসকলে ভগৱান ৰামক বিশ্বাস নকৰে,অযোধ্যাৰ মন্দিৰ কেতিয়াও ভ্ৰমণ কৰা নাই, ইয়াৰ নিৰ্মাণত কোনো অংশ গ্ৰহণ কৰাও নাই । তথাপি জাতি সেৱা কৰিবলৈ পাৰিবাৰিক জীৱনএৰি দিয়া লোকসকলক মন্ত্ৰী সিঙে প্ৰশ্ন কৰে ।

লগতে পঢ়ক :ৰাম মন্দিৰ অনুদান আত্মসাৎ : আঠ অভিযুক্তৰ ঘৰত আৰক্ষী অভিযান, পৰিয়ালৰ সদস্যক জেৰা

ৰাম মন্দিৰৰ চুৰি হোৱা অনুদান ৰাজনৈতিক বিভাজনৰ কামত ব্যৱহাৰ হৈছে : সঞ্জয় ৰাউত