ETV Bharat / bharat

ৰাম মন্দিৰ অনুদান আত্মসাৎ : আঠ অভিযুক্তৰ ঘৰত আৰক্ষী অভিযান, পৰিয়ালৰ সদস্যক জেৰা

ৰাম মন্দিৰত সংঘটিত অনুদান আত্মসাৎ সম্পৰ্কীয় গোচৰত ইতিমধ্যে বহু তথ্য়ই পোহৰলৈ আহিছে ৷ এই পৰ্যন্ত অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৮০ লাখ টকা ।

Ram Mandir donation theft case Police raid homes of all eight accused question family members
অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 3:50 PM IST

4 Min Read
Choose ETV Bharat

অযোধ্যা : অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত সংঘটিত অনুদান আত্মসাৎ সম্পৰ্কীয় গোচৰত অভিযুক্ত আটাইকেইজনৰ ঘৰত দেওবাৰে একেলগে আৰক্ষীয়ে এক অভিযান চলায় । ২৬ জুনত অযোধ্যা আৰক্ষীয়ে ৰাম জন্মভূমিৰ থানাত এক গোচৰ ৰুজু কৰি অভিযুক্তকেইটাক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে ।

এতিয়ালৈকে প্ৰায় ৮০ লাখ টকা উদ্ধাৰ কৰা হৈছে। লগতে আৰক্ষীয়ে অভিযুক্তৰ ঘৰত তালাচী চলাই তেওঁলোকৰ পৰিয়ালক জেৰা কৰি প্ৰমাণ সংগ্ৰহৰ বাবে অধিক তদন্ত চলি আছে ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নির্দেশত গঠন হোৱা বিশেষ অনুসন্ধান দল (SIT)ৰ পৰা প্রাথমিক প্রতিবেদন লাভ কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত ব্যৱস্থা তীব্রতৰ হৈ পৰিছে ৷ নোট গণনাৰ বাবে ৰাম মন্দিৰ ট্ৰাষ্টত নিয়োজিত ৰামশংকৰ ওৰফে তিন্নু যাদৱ, অনুকল্প মিশ্ৰ, লাভকুশ মিশ্ৰ, সুভাষ চন্দ্ৰ শ্ৰীবাস্তৱ, কৰুনেশ পাণ্ডে, মনীষ যাদৱ, অবিনাশ শুক্লা, আৰু ৰামাশংকৰ মিশ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ।

এজাহাৰ দাখিল কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে আটাই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় । তেওঁলোকৰ পৰা প্ৰায় ৮০ লাখ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ।

Ram Mandir donation theft case Police raid homes of all eight accused question family members
ৰাম মন্দিৰ অনুদান আত্মসাৎ : আঠ অভিযুক্তৰ ঘৰত আৰক্ষী অভিযান (ETV Bharat Uttar Pradesh)
  • আঠজন অভিযুক্ত কোন কোন জানি লওক -

ৰামশংকৰ যাদৱ ওৰফে তিন্নু : এওঁ হৈছে অযোধ্যা ধামৰ স্বৰ্গ দ্বাৰৰ বাসিন্দা । দানপাত্ৰ চোৱাচিতা কৰি বেছমেণ্টলৈ পঠোৱাৰ দায়িত্ব তেওঁৰ আছিল ।ৰামশংকৰৰ বিৰুদ্ধে দানপাত্ৰৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে । তেওঁ অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা কেবাখনো জিলাত সম্পত্তি ক্ৰয় কৰিছে ৷

অনুকল্প মিশ্ৰ : এওঁ হৈছে কোটোৱালী নগৰ থানাৰ মানস ডেণ্টালৰ কাষতে থকা কৌশলপুৰী কলনীৰ বাসিন্দা । তেওঁৰ দায়িত্ব আছিল গণনা কক্ষত টকা গণনা কৰা । মিশ্ৰৰ বিৰুদ্ধে প্ৰসাদ চুৰি কৰি বাথৰুমত লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে । তেওঁ ইতিমধ্যে লাখ লাখ টকাৰ সম্পত্তি গঢ়িছে ৷

Ram Mandir donation theft case Police raid homes of all eight accused question family members
ৰাম মন্দিৰ অনুদান আত্মসাৎ : আঠ অভিযুক্তৰ ঘৰত আৰক্ষী অভিযান (ETV Bharat Uttar Pradesh)

লৱকুশ মিশ্ৰ : এওঁ হৈছে ৰুদৌলি থানাৰ ঠাকুৰাইন খগোশোলিৰ বাসিন্দা । ধন গণনা কৰা কৰ্মচাৰী আছিল তেওঁ । ভক্তই ৰাম মন্দিৰত দিয়া অনুদানৰ টকা আত্মসাৎ কৰি কোটি কোটি ধন সঞ্চয় কৰাৰ অভিযোগ আছে মিশ্ৰৰ বিৰুদ্ধে । তেওঁ ঘৰৰ পৰা উদ্ধাৰ হৈছে ১২ লাখ টকা ।

সুভাষ চন্দ্ৰ শ্ৰীবাস্তৱ : বেংক কলনী, অঞ্জনীপুৰম, কোতৱালি নগৰৰ বাসিন্দা হৈছে সুভাষ চন্দ্ৰ শ্ৰীবাস্তৱ । বেংকৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ লগতে তেওঁ ইউনিয়নৰ এগৰাকী নেতা হিচাবে কাম কৰি আহিছে । ধন গণনা কৰা কৰ্মচাৰীসকলক তদাৰক কৰাৰ দায়িত্ব তেওঁৰ আছিল । শ্ৰীবাস্তৱৰ বিৰুদ্ধে নগদ ধন নিৰীক্ষণত গাফিলতিৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ধন চুৰিৰ লগতো তেওঁ জড়িত আছে ।

মনীষ যাদৱ : তিন্নু যাদৱৰ ভতিজা মনীষ যাদৱ স্বৰ্গদ্বাৰত থাকে । দানপাত্ৰত জমা হোৱা ধন গণনাৰ দায়িত্ব তেওঁৰ । মন্দিৰৰ প্ৰসাদ চুৰি কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে ৷ তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৩৬ লাখ টকা ।

কৰুনেশ পাণ্ডে : জয়ৰাজপুৰৰ খান্দাছা থানাৰ বাসিন্দা হৈছে পাণ্ডে । তেওঁৰ দায়িত্ব আছিল দানৰ টকাখিনি কোঠাটোলৈ আনি গণনা কৰা । তেওঁৰ বিৰুদ্ধে দানৰ ধন চুৰি কৰাৰ অভিযোগ উঠিছে । তেওঁ অযোধ্যাৰ আশে-পাশে বহু সম্পত্তি ক্ৰয় কৰিছে ।

অবিনাশ শুক্লা : কোতৱালি নগৰ থানাৰ মধুবন ডেইৰীৰ সমীপৰ কৌশলপুৰীৰ বাসিন্দা হৈছে শুক্লা ৷ তেওঁৰ দায়িত্ব আছিল দানৰ টকাখিনি কোঠাটোলৈ আনি গণনা কৰা । তেওঁৰ বিৰুদ্ধে অযোধ্যাৰ আশে-পাশে প্ৰৱঞ্চনাৰে বহু সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উঠিছে ।

ৰামাশংকৰ মিশ্ৰ : অযোধ্যাৰ কোতৱালিৰ নয়া ঘাটৰ প্ৰাচীন সীতাৰাম মন্দিৰৰ বাসিন্দা হৈছে ৰামাশংকৰ মিশ্ৰ গণনা কক্ষলৈ দানৰ বাকচ আনি নিৰীক্ষণ কৰাৰ দায়িত্ব তেওঁৰ আছিল । তেওঁ অভিযুক্তৰ সৈতে গোপন বুজাবুজি কৰি ভক্তই মন্দিৰলৈ বুলি দান কৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক : ৰাম মন্দিৰ অনুদান আত্মসাৎ : ৮ অভিযুক্তক গ্ৰেপ্তাৰ, সাধাৰণ সম্পাদক ছম্পত ৰায়, সদস্য় অনিল মিশ্ৰৰ পদত্য়াগ

লগতে পঢ়ক : ৰাম মন্দিৰৰ চুৰি হোৱা অনুদান ৰাজনৈতিক বিভাজনৰ কামত ব্যৱহাৰ হৈছে : সঞ্জয় ৰাউত