ৰাম মন্দিৰ অনুদান আত্মসাৎ : ৮ অভিযুক্তক গ্ৰেপ্তাৰ, সাধাৰণ সম্পাদক ছম্পত ৰায়, সদস্য় অনিল মিশ্ৰৰ পদত্য়াগ
এছআইটিয়ে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰাৰ পিছতে ৰাম মন্দিৰ অনুদান আত্মসাৎ গোচৰত ৮ অভিযুক্তক অযোধ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

Published : June 26, 2026 at 3:51 PM IST
অযোধ্যা : অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত সংঘটিত অনুদান আত্মসাৎ সম্পৰ্কীয় গোচৰত এছআইটিয়ে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰাৰ দুদিন পিছতে আৰক্ষীয়ে ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । শুক্ৰবাৰৰ দিনটোত শ্ৰী ৰাম জনমভূমি তীৰ্থক্ষেত্ৰৰ সাধাৰণ সম্পাদত ছম্পত ৰায় তথা ন্য়াসৰ সদস্য় অনিল মিশ্ৰই নিজৰ সদস্য় পদৰ পৰা পদত্য়াগ কৰিছে ৷
এজাহাৰত উল্লেখ থকা ৮ অভিযুক্তকে অযোধ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে একাংশ পুৰোহিতে এছআইটিৰ তদন্তৰ প্ৰতিবেদনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে যদিও অধিকাংশই দোষীসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে ।
ৰাম মন্দিৰৰ অনুদানৰ অপব্যৱহাৰৰ অভিযোগৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা ৩ জনীয়া এছআইটিৰ প্ৰাৰম্ভিক প্ৰতিবেদনত দিয়া পৰামৰ্শৰ ভিত্তিতে ৮ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । যোৱা ২৩ জুনত এছআইটিয়ে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে ।
আৰক্ষীৰ সূত্ৰৰ মতে এজাহাৰত নাম উল্লেখ কৰা ৮ অভিযুক্তকে বৃহস্পতিবাৰে নিশা অযোধ্যাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আৰু বৰ্তমান জেৰা চলি আছে । আৰক্ষীয়ে তেওঁলোকক দণ্ডাধীশৰ আগত হাজিৰ কৰিবলৈও সাজু হৈছে ।
গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ৰামাশংকৰ যাদৱ ওৰফে তিন্নু, অনুকল্প মিশ্ৰ, অবিনাশ শুক্লা, কৰুণেশ পাণ্ডে, মনীষ যাদৱ, লৱকুশ মিশ্ৰ, ৰামাশংকৰ মিশ্ৰ আৰু সুভাষ শ্ৰীবাস্তৱ । বিষয়াসকলে জনোৱা মতে মন্দিৰৰ অনুদানৰ হিচাপ আৰু মূল্যৱান সামগ্ৰী গণনাৰ প্ৰক্ৰিয়াৰ সৈতে তেওঁলোক জড়িত আছিল ।
উল্লেখ্য যে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য কৃষ্ণ মোহনে এজাহাৰ দাখিল কৰিছিল । যাৰ ভিত্তিত বিএনএছৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হয় ।
এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অযোধ্যাৰ কেইবাজনো পুৰোহিতে এজাহাৰ দাখিল কৰাটোক আদৰণি জনাই আৰু কঠোৰ ব্যৱস্থা আৰু স্বচ্ছ তদন্তৰো দাবী উত্থাপন কৰে । অৱশ্যে চলি থকা তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আধ্যাত্মিক গুৰু কাৰ্পত্ৰী মহাৰাজে কয়, "এছআইটিৰ তদন্তত মই সন্তুষ্ট নহয়... মই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ক'ব বিচাৰো যে এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা লওক । এনে লোকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হ'ব লাগে আৰু তেওঁলোকক অযোধ্যা এৰি যাবলৈ কোৱা উচিত ।"
সুগ্ৰীৱ কিলাৰ পুৰোহিত ৰামভৱন পাণ্ডেই কয়, "ৰাম মন্দিৰ কৰ্তৃপক্ষৰ অনুৰোধত এছআইটি গঠন কৰা হয় আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়, যাৰ ফলত ৮ জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে কিছু লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক গ্ৰেপ্তাৰ কৰা হ'ব ।"
হনুমান গড়ীৰ এজন পুৰোহিত ৰমেশদাস মহাৰাজে কয়, "প্ৰতিবেদন ওলোৱাৰ পিছতো এই লোকসকলে চিঞৰ-বাখৰ বন্ধ কৰা নাই । তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা উচিত...যি ধৰণে অপৰাধ সংঘটিত হৈছে, তেওঁলোকক শাস্তি পাব লাগে ; আদালতে তেওঁলোকক শাস্তি দিব বুলি আশা কৰিলোঁ ।"
৭ জুনত প্ৰাক্তন বিধায়ক পৱন পাণ্ডেয়ে বিষয়টো পোহৰলৈ অনাৰ পিছতে ৰাজনৈতিক বিতৰ্ক আৰম্ভ হয় । বিৰোধীয়ে এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ পদক্ষেপকো সমালোচনা কৰে । উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে দাবী কৰে যে কংগ্ৰেছ দলে চৰকাৰৰ ওপৰত অহৰহ হেঁচা প্ৰয়োগ কৰাৰ বাবেই এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰা হৈছে । তেওঁ ট্ৰাষ্টৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰ, গোপাল ৰাও, চম্পট ৰায় আৰু অনিল মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ।
লগতে পঢ়ক :
ৰাম মন্দিৰৰ চুৰি হোৱা অনুদান ৰাজনৈতিক বিভাজনৰ কামত ব্যৱহাৰ হৈছে : সঞ্জয় ৰাউত

