ETV Bharat / bharat

পশ্চিম এছিয়াৰ সংকট সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰ আহ্বান

হৰমুজ প্ৰণালীৰে বাণিজ্যিক পথত ব্যাঘাত । সংকটত বিশ্ব অৰ্থনীতি ।

ANI
সংসদৰ বাজেট অধিবেশন ২০২৬ লাইভ আপডেট (File photo)
author img

By ANI

Published : March 25, 2026 at 3:48 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে । পশ্চিম এছিয়াৰ সংকট সন্দৰ্ভত আলোচনা কৰিবলৈ বুধবাৰে আবেলি ৫ বজাত এই বৈঠকৰ আহ্বান জনোৱা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিতব্য় সৰ্বদলীয় বৈঠকখনত গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰকে আদি কৰি কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব ।

পশ্চিম এছিয়াৰ সংঘাত বাবে ভাৰতৰ অৰ্থনৈতিক আৰু নিৰাপত্তাজনিত প্ৰভাৱক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠকখনৰ আহ্বান জনোৱা হৈছে । বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ব্রিফিং আগবঢ়াব ।

উল্লেখ্য় যে পশ্চিম এছিয়াত চলি থকা সংঘাতে চতুর্থ সপ্তাহত ভৰি দিছে । এই সংঘাতৰ ফলত হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক পথত ব্যাঘাত জন্মিছে । ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হোৱাৰ পিচতেই উত্তেজনা তীব্ৰতৰ হৈ পৰে । এই আক্ৰমণৰ প্রতিশোধ হিচাপে ইৰানে উপসাগৰীয় কেইবাখনো দেশত থকা ইজৰাইল আৰু আমেৰিকাৰ সম্পত্তিক লক্ষ্য কৰি জলপথত অধিক ব্যাঘাত জন্মাইছে । ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় ইন্ধন বজাৰৰ লগতে বিশ্ব অর্থনৈতিক স্থিতিশীলতাত প্রভাৱ পৰিছে ।

চতুৰ্থ সপ্তাহত সংঘাতৰ ফলত ইন্ধন কঢ়িওৱা জটিল পথ হৰমুজ প্ৰণালীৰ মাজেৰে বিশ্বৰ জাহাজ পৰিবহণ পথত ভয়াৱহ ব্যাঘাত জন্মিছে । দেশখনৰ কূটনৈতিক আৰু কৌশলগত সঁহাৰিৰ ওপৰত সহমত গঢ়ি তোলাই হৈছে বৈঠকৰ লক্ষ্য ।

উল্লেখ্য় যে ইয়াৰ এদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও পশ্চিম এছিয়াত সংঘাতৰ মাজত জাতিটোৰ বিৰুদ্ধে সৃষ্টি হোৱা প্রত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ আহ্বান জনায় ।

প্রধানমন্ত্রী মোদীয়ে ৰাজ্যসভাত ভাষণ দি বিশ্বজুৰি শান্তি আৰু আলোচনাক প্ৰসাৰিত কৰি এক ঐক্যবদ্ধ কণ্ঠৰ আহ্বান জনায় । কিয়নো চলি থকা পশ্চিম এছিয়াৰ সংঘাতে বাণিজ্য, ইন্ধন যোগানত ব্যাঘাত জন্মাইছে । উপসাগৰীয় লাখ লাখ ভাৰতীয়ৰ সুৰক্ষাত প্রভাৱ পেলাইছে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰসমূহৰ পৰা সহযোগিতা বিচাৰি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা কাৰ্যকৰী কৰিবলৈ কয়। সংসদৰ উচ্চ সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, "আগন্তুক সময়ত এই সংকট আমাৰ দেশৰ বাবে এক অগ্নিপৰীক্ষা হ'ব । এই ক্ষেত্ৰত সফলতাৰ বাবে ৰাজ্যসমূহৰ সহযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব ।"

লগতে পঢ়ক:৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰিলে ইৰাণৰ শক্তিকেন্দ্ৰত আক্ৰমণ চলাব আমেৰিকাই: ট্ৰাম্পৰ সকীয়নি

ইৰাণৰ বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছ ক্ষেত্ৰত আক্ৰমণ ইজৰাইলৰ; প্ৰতিশোধৰ হুংকাৰ ইৰাণৰ